নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱন যুদ্ধৰ অক্লান্ত সৈনিক মহাশ্বেতা আচাৰ্য্যৰ আত্মজীৱনী ‘মহাশ্বেতা আচাৰ্য্যৰ আত্মলিপি’ উন্মোচন

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ মহানগৰীৰ আমবাৰীস্থিত অসম সাহিত্য সভাৰ ভৱনত আজি উন্মোচন কৰা হয় সন্দিকৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা মহাশ্বেতা আচাৰ্য্যৰ আত্মজীৱনী ‘মহাশ্বেতা আচাৰ্য্যৰ আত্মলিপি’ শীৰ্ষক গ্ৰন্থখন।

গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু বিশিষ্ট লেখক ময়ূৰ বৰাই। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে মহাশ্বেতা আচাৰ্য‍্যৰ জীৱন বহু ঘাত-প্ৰতিঘাতৰ সমষ্টি। এই জীৱন সংগ্ৰাম-সংঘৰ্ষৰ কাহিনীক সামৰি লিখি উলিওৱা গ্ৰন্থখনে পাঠকক এক বিশেষ উপলব্ধি দিব।

আনহাতে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে গ্ৰন্থখনৰ মাজেৰে এগৰাকী সংগ্ৰামী নাৰীৰ বিচিত্ৰ অভিজ্ঞতাৰ পৰা উত্তৰসূৰীয়ে শিকিব লগা বহুখিনি কথা আছে বুলি উল্লেখ কৰে। লেখক-নিবন্ধকাৰ ময়ূৰ বৰাই এখন পুৰুষপ্ৰধান সমাজত কণমানি চাৰি সন্তানক বুকুত বান্ধি জীৱন সংগ্ৰামত আগুৱাই যোৱাৰ যি যোগাত্মক বাৰ্তা গ্ৰন্থখনে দিছে, সেয়া পাঠকৰ বাবে এক সুস্থ আত্মবিশ্বাসৰ আধাৰ হ’ব পাৰে বুলি ভাষণত উল্লেখ কৰে।

বিশিষ্ট ৰেডিঅ’ পৰিৱেশিকা আৰ জে আলিয়াই আঁত ধৰা অনুষ্ঠানত গ্ৰন্থখনৰ প্ৰকাশক ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মাই কিতাপখন প্ৰকাশ কৰিবলৈ পাই যথেষ্ট সুখ অনুভৱ কৰা বুলি উল্লেখ কৰে।

উল্লেখ্য, অসমীয়া সাহিত্যৰ অন্যতম উপন্যাস ‘জংগম’ৰ স্ৰষ্টা প্ৰয়াত দেৱেন্দ্ৰ নাথ আচাৰ্যৰ সহধৰ্মিণী মহাশ্বেতা আচাৰ্য্যই অকালতে স্বামীক হেৰুৱাই অকাল বৈধৱ্য, কণমানি চাৰি কন্যা সন্তান দায়িত্ব মূৰ পাতি লৈ এক কঠিন জীৱন সংগ্ৰামৰ যাত্ৰাপথ পাৰ কৰিবলগীয়া হৈছিল। এনে এক সামগ্ৰিক জীৱনকে তেওঁ মহাশ্বেতা আচাৰ্য্যৰ আত্মলিপিত তুলি ধৰিছে।

You might also like