উত্তৰ কামৰূপৰ পুঠিমাৰী নৈত বালি মাটিৰ জালিয়াতি
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ বন বিভাগৰ কামৰূপ জিলাৰ ৰঙিয়াস্থিত উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনস্থ ৰঙিয়া সদৰ খণ্ডৰ অন্তর্গত পুঠিমাৰী নদীৰ পৰা নিতৌ ২.৮৮ লাখ টকাৰ পৰা ৪.৩৬ লাখ টকাৰ ৰাজহ ফাঁকি দি দহচকীয়া ডাম্পাৰে ৪০০ৰ পৰা ৬০০ বাৰ বালিমাটি সৰবৰাহ কৰি থকাৰ এটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ সংমণ্ডলটোৰ বিষয়া–কর্মচাৰীৰ জ্ঞাতসাৰে তেওঁলোকৰ নাকৰ তলেৰে ইয়াত সংঘটিত হৈ আছে বিয়াগোম কেলেংকাৰি৷ এই সন্দর্ভত অনুসন্ধান কৰি দেখা গৈছে যে নদীখনৰ পৰা বালি মাটি সৰবৰাহ কৰা দহচকীয়া ডাম্পাৰৰ কোনো এখনেৰে সম্পূর্ণ ৰাজহ দিয়া নহয় আৰু সংমণ্ডলটোত নিয়োজিত বিষয়া–কর্মচাৰীয়ে বাস্তৱ ক্ষেত্রত এই বনজ সম্পদৰ সুৰক্ষাত আত্মনিয়োগ কৰাৰ বিপৰীতে ভেটাৰখীয়া উদৰ ভূমিকাহে পালন কৰি আহিছে৷ এই বিয়াগোম কেলেংকাৰি সন্দর্ভত পোৱা তথ্য অনুসৰি এই নৈখনৰ পুঠিমাৰী এলেকাৰ পৰা নিতৌ ৪০–৫০ দহচকীয়া ডাম্পাৰৰ প্রতিখনৰে প্রায় নূ্যনতম ১৭ ঘনমিটাৰকৈ ৪০০–৬০০ বাৰ বালি মাটি আহৰণ কৰি বিভিন্ন স্থানলৈ সৰবৰাহ কৰি থকা হৈছে৷
তাৎপর্যপূর্ণভাৱে এখন দহচকীয়া ডাম্পাৰেৰে ১৭ ঘনমিটাৰকৈ বালি মাটি সৰবৰাহ কৰাৰ বিপৰীতে কিন্তু বুজাবুজিৰে প্রতি ঘনমিটাৰত ৪৫ টকাকৈ সর্বোচ্চ১০ ঘনমিটাৰ বালিমাটিৰ বিপৰীতেহে ৪৫০ টকাৰ ৰাজহ আদায় লোৱা হয়৷ এইদৰে আৰম্ভণিতে ৭৬৫ টকাৰ বিপৰীতে ৩১৫ টকাৰ ৰাজহ ফাঁকি দিয়া হয়৷ পৰৱর্তী পর্যায়ত এই ৪৫০ টকাৰ চালানখনকে দিনটোৰ বাবে ব্যৱহাৰ কৰি ১০–১২ বাৰকৈ ডাম্পাৰত বালি মাটি আহৰণ কৰা হয়৷ অর্থাৎ ১০ ঘনমিটাৰ বালি মাটিৰ বিপৰীতে ৪৫০ টকাৰ চালানখনকে ব্যৱহাৰ কৰি এখন ডাম্পাৰৰে ১০ বাৰত ১৭০ ঘনমিটাৰ বালি মাটি আহৰণ কৰা হয়৷ এই ১৭০ ঘনমিটাৰ বালি মাটিৰ ৰাজহ হয় ৭,৬৫০ টকা৷ এইদৰে মাথোঁ এটা দিনতেই প্রত্যক্ষভাৱে এখন ডাম্পাৰেৰে সৰবৰাহ কৰা বালিমাটিৰ বিপৰীতে ফাঁকি দিয়া ৰাজহৰ পৰিমাণ হৈছে ৭,২০০ টকা৷ তদ্রূপ নিতৌ ৪০খন ডাম্পাৰৰে সৰবৰাহ কৰা বালিমাটিৰ বিপৰীতে ফাঁকি দিয়া ৰাজহৰ পৰিমাণ হৈছে ২.৮৮ লাখ টকা৷ তেনেদৰে এখন ডাম্পাৰৰে দিনটোত ১২ ডাম্পাৰকৈ বালিমাটি সৰবৰাহ কৰিলে বালিমাটিৰ বিপৰীতে ফাঁকি দিয়া ৰাজহৰ পৰিমাণ হৈছে ৮,৭৩০ টকা৷ সেইদৰে ৫০খন ডাম্পাৰৰ প্রতিখনৰে ১২ বাৰকৈ বালিমাটি সৰবৰাহ কৰিলে বালিমাটিৰ বিপৰীতে ফাঁকি দিয়া ৰাজহৰ পৰিমাণ হয় প্রায় ৪.৩৬ লাখ টকা৷