অর্থনীতিলৈ পুনৰ আশংকা
ন’ভেল ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে সমগ্র দেশতে সম্প্রতি বিভীষিকাৰ সৃষ্টি কৰিছে৷ প্রতিদিনে বৃদ্ধি পাব ধৰিছে মাৰাত্মক ভাইৰাছত আক্রান্ত আৰু মৃত লোকৰ সংখ্যা৷ বুধবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাৰ ভিতৰত অভিলেখসংখ্যক ২,৯৫,০৪১জন লোক ক’ভিড–১৯ পজিটিভ ৰূপে চিনাক্ত হৈছে৷ এই অবাঞ্ছিত অভিলেখ কেৱল ভাৰতৰ ক্ষেত্রতেই নহয়, সমগ্র বিশ্বৰ ভিতৰতে৷ যোৱা ৮ জানুৱাৰীত আমেৰিকাত এদিনতে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা আছিল ২,৮৯,১৯৫জন৷ কিন্তু ভাৰতত এদিনতে সংক্রমিত লোকৰ সংখ্যাই ইয়াক অতিক্রম কৰি গ’ল৷ ইয়াৰ পৰাই স্পষ্ট হয় দেশৰ ক’ভিডসৃষ্ট পৰিস্থিতিৰ কেনেধৰণে অৱনতি ঘটিছে৷ ক’ৰোনাৰ দ্বিতীয়টো জোৱাৰে মোক্ষম আঘাত হানিছে মহাৰাষ্ট্রক৷ ৰাজ্যখনত মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে ইতিমধ্যে ‘ক’ৰোনা কার্ফিউ’ জাৰি কৰা হৈছে৷ সেইদৰে দিল্লী আৰু ৰাজস্থানত ইতিমধ্যে ঘোষণা কৰা হৈছে লকডাউন৷ কর্ণাটক, পঞ্জাব, উত্তৰ প্রদেশ আদি ৰাজ্যসমূহতো বিভিন্ন ধৰণৰ বাধা নিষেধ আৰোপ কৰা হৈছে৷ অসমো ইয়াৰ পৰা বাদ পৰি যোৱা নাই৷ এনে প্রেক্ষাপটত স্বাভাৱিকতে প্রশ্ণ উঠিছে যে সমগ্র দেশখনেই পুনৰ লকডাউনৰ দিনবোৰলৈ উভতি যাব লাগিব নেকি? বিগত বর্ষৰ ৩০ জানুৱাৰীত ভাৰতত প্রথমজন ক’ভিড–১৯ত আক্রান্ত ৰোগী চিনাক্ত হৈছিল৷ পৰৱর্তী সময়ত সেই বর্ষৰ ২৪ মার্চত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশজুৰি লকডাউন ঘোষণা কৰিছিল৷ প্রথমে ২১ দিন, তাৰ পিছত ৩১ মে’ পর্যন্ত ভাৰত আছিল সম্পূর্ণৰূপে লকডাউনৰ কবলত৷ পর্যায়ক্রমে এই লকডাউন শিথিল কৰি দিয়াত দেশলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল যদিও মহামাৰীৰ দ্বিতীয়টো জোৱাৰে আকৌ এবাৰ সমগ্র দেশতে ভয়ংকৰ পৰিস্থিতিৰ সূচনা কৰিছে৷ ইয়াৰ লগে লগে ক’ৰোনা ভাইৰাছে ৰাজহাড় বেঁকা কৰি পেলোৱা দেশৰ অর্থনীতিলৈ পুনৰবাৰ নমাই আনিছে গভীৰ আশংকা৷
ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ উদ্দেশ্যে বিগত বর্ষত বলৱৎ কৰা লকডাউনে অর্থনীতি সম্পূর্ণৰূপে তচনচ কৰি পেলাইছিল৷ উদ্যোগৰ পৰা পর্যটন–কৃষি–পৰিব্ প্রতিটো খণ্ডৰে আন্তঃগাঁথনি কোঙা কৰি পেলাইছিল৷ যাৰ বিৰূপ ফল বর্তমানেও অব্যাহত আছে৷ এনে অৱস্থাত অর্থনীতিত সুস্থিৰতা বজাই ৰখাৰ লক্ষ্যৰেই কেন্দ্রীয় চৰকাৰে সম্প্রতি দেশত সম্পূর্ণৰূপে লকডাউন বলৱৎ কৰিব বিচৰা নাই৷ এই কথা ইতিমধ্যে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে স্পষ্ট কৰিছে৷ যোৱা সপ্তাহতে তেওঁ কৈছে যে দেশৰ অর্থনীতিৰ গতি সম্পূর্ণ ৰূপে স্তব্ধ হোৱাটো কেন্দ্রীয় চৰকাৰে নিবিচাৰে৷ একেদৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও মঙলবাৰে ৰাষ্ট্রক উদ্দেশ্যি দিয়া ভাষণত মন্তব্য কৰিছিল যে এতিয়া লকডাউন ঘোষণা কৰাৰ কোনোধৰণৰ প্রশ্ণ নাহে৷ দেশৰ অর্থনীতিত সুস্থিৰতা বজাই ৰখাৰ স্বার্থত কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা এই পদক্ষেপ গুৰুত্বপূর্ণৰূপে বিবেচিত হৈছে৷ সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি লকডাউনৰ পৰিৱর্তে ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰাৰ হকে কেন্দ্রীয় চৰকাৰে কেতবোৰ বাধা নিষেধ আৰোপ পাঁচটা দিশৰ ওপৰত প্রাধান্য দিব বিচাৰিছে৷ এই দিশকেইটা হ’ল– পৰীক্ষা, আক্রান্তসকলক চিনাক্তকৰণ, চিকিৎসা, প্রতিষেধক আৰু ক’ভিড বিধি কার্যকৰীকৰণ৷ চৰকাৰৰ এনে পদক্ষেপত দেশৰ জনসাধাৰণে সম্পূর্ণৰূপে সহযোগিতা কৰা উচিত৷ বিশেষকৈ ক’ভিড বিধি সকলোৱে মানি চলিলে মহামাৰীৰ কবলৰ পৰা ৰক্ষা পোৱাটো অতি সহজ হ’ব৷ ইয়াৰ অন্যথা আকৌ ঘূৰি যাব লাগিব এবছৰ পূর্বৰ লকডাউনৰ সেই ক’লা দিনবোৰলৈ৷