দৈনিক খাদ্যত চামিল কৰক এইবোৰ খাদ্য কেতিয়াও শৰীৰত অক্সিজেনৰ অভাৱ নহয়
কৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌয়ে অধিক ধ্বংসৰ সৃষ্টি কৰিছে। এইবাৰ প্ৰতিটো বয়সৰ লোকক কভিডে আক্ৰমণ কৰিছে। এবাৰ ৰোগীৰ শৰীৰত অক্সিজেনৰ স্তৰ হ্ৰাস কৰিছে ভাইৰাছে, যাৰ ফলত তেওঁলোকৰ উশাহ লোৱা কঠিন হৈ পৰে। সঠিক সময়ত অক্সিজেন নাপালে মৃত্যু ঘটিছে বহুতৰ। অক্সিজেনৰ অভাৱ শৰীৰত আন এক প্ৰকাৰে দূৰ কৰিব পাৰি। আমি খোৱা খাদ্যৰ দ্বাৰা শৰীৰত অক্সিজেনৰ স্তৰ বজাই ৰাখিব পাৰে।
দৰাচলতে, অক্সিজেন হৈছে একমাত্ৰ বস্তু যি শৰীৰত শক্তি সৃষ্টি কৰিবলৈ কাম কৰে। ইয়াক আমাৰ তেজৰ লোহিত ৰক্ত কণিকাত থকা প্ৰ’টিন বুলি বিবেচনা কৰা হয় যি হাঁওফাঁওৰ পৰা শৰীৰৰ অংশলৈ অক্সিজেন পৰিবহন কৰে। তাৰ পৰা কাৰ্বন ডাই অক্সাইড ঘূৰাই আনে। ই বিভিন্ন অঙ্গৰ কোষত অক্সিজেনে শক্তিৰ সৃষ্টি কৰি কাম কৰে।
আমাৰ শৰীৰত অক্সিজেনৰ স্তৰ বজাই ৰাখিবলৈ কিছুমান বস্তু খাব লাগিব, যাৰ ফলত তেজ উন্নত হ’ব আৰু হিমোগ্লোবিন বৃদ্ধি হ’ব। চিকিৎসকৰ মতে, পুৰুষৰ প্ৰায় 13.5 গ্ৰাম/ডেচি লিটাৰ আৰু মহিলাৰ 12 গ্ৰাম/ডেচি লিটাৰ হিমোগ্লোবিন থাকিব লাগে।
কেনেদৰে অক্সিজেন পাব
ঘৰুৱা উপাদানেৰে অক্সিজেনৰ স্তৰ বজাই ৰাখিব পাৰি। আমিষ আৰু -নিৰামিষ সকলৰ বাবে ঘৰুৱা কিছুমান উপাদান আছে। শৰীৰত অক্সিজেনৰ স্তৰ বজাই ৰাখিবলৈ শৰীৰত আইৰন, ভিটামিন এ, ভিটামিন বি2, ভিটামিন বি3, ভিটামিন বি5, ভিটামিন বি6, ভিটামিন বি9 আৰু ভিটামিন 12 ৰ প্ৰয়োজন।
কিদৰে পাব এই সমূহঃ
ভিটামিন বি6, বি9 আৰু বি12 মাংসত, মুৰ্গী আৰু মাছ ত পোৱা যায়। কিন্তু নিৰামিষ ভোজী সকলৰ বাবে কল, পালেং শাক, স্প্ৰাউটত পোৱা যায়।
ভিটামিন বি12 ৰ বাবেঃ আমিষভোজী সকলৰ বাবে মুৰ্গী, টুনা মাছ আৰু কণী। নিৰামিষভোজী সকলৰ বাবে – কাঠফুলা, আলু, বাদাম, ব্ৰকলি, বাউন ৰাইচ আৰু চীজৰ পৰা পাব।
ভিটামিন বি2 বাবেঃ আমিষভোজী সকলৰ বাবে – কণী, অংগৰ মাংস (বৃক্ক-যকৃত)। নিৰামিষভোজী সকলৰ বাবে – গাখীৰ, দৈ, সূৰ্যমুখী ফুলৰ বীজ, ওটচ, কাঠবাদাম, বীন আৰু বিলাহী।
ভিটামিন এৰ বাবেঃ – আমিষভোজী সকলৰ বাবে – টুনা মাছ আৰু কণীত আৰ্গন মাংস পোৱা যায়। নিৰামিষভোজী সকলৰ বাবে – গাজৰ, মিঠা আলু, গাৰ্ড, আম, ভেনিলা আইচক্ৰীম আৰু পালেং শাক।
আইৰনৰ বাবেঃ আনিষভোজী সকলৰ বাবে- মুৰ্গী, হাঁহ আৰু ছাগলীৰ মাংসত। নিৰামিষভোজী সকলৰ বাবে – বীণ, সেউজীয়া শাক-পাচলি, মাহজাতীয় শস্য আৰু মটৰ।
source- zee news