নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ক্ৰমাত বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ নগাঁও জিলাৰ আমচৈ ৰাজ্যিক চিকিৎসালয়ত প্ৰতিদিন গড়ে পঞ্চাছ জনকৈ পুৰুষ আৰু মহিলাক কভিড – ১৯ পৰীক্ষা আৰু বেজি প্ৰদান কাৰ্য চলি আছে যদিও ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ক্ৰমাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । আমচৈ ৰাজ্যিক চিকিৎসালয় সূত্ৰে জানিব পৰা মতে যোৱা ২০ এপ্ৰিলত দুজন,২১ এপ্ৰিলত দুজন আৰু আজি ২২এপ্ৰিলত আন দুজনক পৰীক্ষা কৰি কভিড যোদ্ধা সকলে ক’ৰোনাত আক্ৰান্তৰ প্ৰমাণ পাইছে । এওঁলোক সকলোকে হোম কৰেইন্টাইনত ৰক্ষা হৈছে । এই ক’ৰোনা আক্ৰান্তৰ পাঁচজনেই একেটা পৰিয়ালৰ । আনজন এওঁলোকৰ সংশ্ৰবত অহা এজন যুৱক । এই পৰিয়ালটোৰ এজনে হাইদৰাবাদৰ পৰা বিহু উপলক্ষে ঘৰলৈ উভতি অহাৰ পিছতেই এনেকৈ ক’ৰোনাত আক্ৰান্ত হৈ পৰে । আমচৈ অঞ্চলত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি ৰোধৰ বাবে আমচৈ আৰক্ষীৰ বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । সন্ধিয়া ছয় বজাৰ পৰা ৰাতিপুৱা ছয় বজালৈ সকলো দোকান পোহাৰ আৰু জনসাধাৰণক ঘৰৰ পৰা ওলোৱা বন্ধ কৰাৰ উপৰি মাক্স পিন্ধাটো বাধ্যতামূলক কৰি দিছে ।

You might also like