নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালি দেউৰীত পৰম্পৰাগত বোকা বিহুত ভাগ ললে গাওঁখনৰ জীয়াৰী বোৱাৰী ডেকা চেঙেলীয়াই

নিয়মীয়া বাৰ্তা ২২ এপ্ৰিলঃ  সোণাৰি চাপৰি ২২ এপ্ৰিল ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সিচৰিত হৈ থকা দেউৰী জনগোষ্ঠী সমুহৰ লগতে আজি ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ গোহাঁই মৌজাৰ তথা ঢকুৱাখনা মহকুমাৰ একমাত্ৰ দেউৰী গাওঁ বালি দেউৰীত আজি পৰম্পৰাগত ভাবে বোকা বিহুৱে শুভাৰম্ভ কৰে দেউৰী ৰঙালী বিহুৰ ৰং ধেমালি ৷ ক্‌ষিজীবি দেউৰী লোক সকলে বহাগ মাহৰ প্ৰথমটো বুধ বাৰক প্ৰাধান্য দি পৰম্পৰাগত ভাবে অনুস্থিত কৰি অহা বহাগ বিহুৰ স্বকীয় বৈশিষ্ট্য অনুসৰি পুৱাই সমুহীয়া ভাবে গৰু গা ধোৱাই গাওঁখনৰ দেওশালত দেও উঠা লোকৰ ঘৰত বোকা বিহু মাৰি ৰং ধেমালি কৰে ৷ এনে কৰিলে খেতি পথাৰৰ শ্ৰীব্‌দ্ধি হয় আৰু সেয়ে গাওঁৰ প্ৰতিটো পৰিয়ালৰ লোকে আহি বোকা বিহুত অংশ গ্ৰহণ কৰি নিজৰ নিজৰ খেতি পথাৰৰ  শ্ৰী ব্‌দ্ধিৰ কামনা কৰে ৷ তেনে এক পৰম্পৰাৰে অনুস্থিত কৰি অহা দেউৰী বহাগ বিহুৰ বালি দেউৰী গাওঁত আজি  পুৱাই গৰু গা ধোৱাই গাওঁখনৰ ডেকা চেঙেলীয়া জীয়াৰী বোৱাৰীয়ে সমুহীয়া ভাবে বোকা বিহু মাৰি সাত বিহুলৈ সাজু হয় ৷

You might also like