ক’ভিড ৱার্ডত চিকিৎসকক ছুৰীৰে আক্রমণ
নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ মহাৰাষ্ট্রৰ নাণ্ডেড় জিলাৰ হাস্পতালৰ ক’ভিড ৱার্ডত এজন লোকক চিকিৎসকে নীৰৱে থাকিবলৈ কোৱাৰ বাবেই লোকজনে চিকিৎসকগৰাকীক ছুৰীৰে আক্রমণ কৰে৷
ঘটনাৰ বিবৃতি মতে, নাণ্ডেড় জিলা হাস্পতালৰ ক’ভিড ৱার্ডত সম্পর্কীয় লোক এজনৰ সাক্ষাৎ কৰিবলৈ যোৱা ভউচাহেব গাইকোৱাড নামৰ লোকজনক চিকিৎসকে ৱার্ডৰ ভিতৰত মনে মনে থাকিবলৈ কয়৷
ইয়াৰ পিছতেই গাইকোৱাডে ক’ভিড ৱার্ডত পূর্বতকৈ অধিক জোৰে জোৰে কথা পাতিবলৈ ধৰে৷ ৱার্ডত থকা আন ৰোগীয়ে এই সন্দর্ভত অভিযোগ কৰাত গাইকোৱাডে ৰোগীৰ সৈতে তর্কত লিপ্ত হয়৷ এনে সময়তে চিকিৎসকে আহি গাইকোৱাডক মনে মনে থাকিবলৈ কয়৷
ক্ষন্তেক পিছতে গাইকোৱাডে ক্ষুব্ধ হৈ চিকিৎসকজনক ছুৰীৰে আক্রমণ কৰিবলৈ উদ্যত হয়৷ অৱশ্যে ৱার্ডত থকা আন কর্মচাৰীয়ে এই ঘটনাটো বিষম হোৱাৰ পূর্বে নিয়ন্ত্রণ কৰে যদিও চিকিৎসকজন সামান্য পৰিমাণে আঘাতপ্রাপ্ত হয়৷
আৰক্ষীয়ে এই সমগ্র ঘটনাটো চিচি টিভি ফুটেজৰ জৰিয়তে অনুসন্ধান কৰি গাইকোৱাডক পিছলৈ গ্রেপ্তাৰ কৰে৷