নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰৱৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত মহাভাৰত ৰামায়ণ…

নিয়মীয়া বাৰ্তা ২৪ এপ্ৰিলঃ  এফালে কৰোনাৰ সংহাৰ, আনফালে ৰাজনীতিবিদ সকলৰ মাজত বোকা চটিয়ওৱাৰ খেল। ইয়াৰ মাজতে আৰৱৰ পৰা এটা বেলেগ খবৰ আহিল। আৰৱৰ স্কুলত মহাভাৰত। আচৰিক যেন লাগিলেও কথাটো কিন্তু সঁচা।

এইবাৰ চৌদি আৰৱৰ স্কুলতো চৰ্চা হ’ব ভাৰতীয় সংস্কৃতি, ইতিহাস, যোগ তথা আয়ুৰ্বেদৰ। চৌদি আৰৱৰ প্ৰিন্স মহম্মদ বিন চলমানে তেনে এক উদ্যোগ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত মহাভাৰত আৰু ৰামায়ণো আছে। Prince Mohammed bin Salman vision 2030 প্ৰকল্পৰ ই এটা অংশ ।

প্ৰিন্স মহম্মদ বিন চলমানে দেশখনৰ স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰমত বহু কিছু পৰিৱৰ্তন আনিছে। তেওঁ বিভিন্ন দেশৰ ইতিহাস, সংস্কৃতি সম্পৰ্কে শিক্ষাৰ্থীসকলক এক পৰিচয় দিয়াটো বিচাৰিছে।

প্ৰিন্সৰ পৰিকল্পনা অনুসৰি ইতিমধ্যে চৌদি আৰৱৰ স্কুলৰ পাঠ্যক্ৰমত সোমাইছে ৰামায়ণ আৰু মহাভাৰত। ইয়াৰ লগতে যোগ আৰু আয়ুৰ্বেদ সম্পৰ্কেও বহুখিনি বিষয় পঢ়ুওৱা হ’ব।

কেবল সেয়াই নহয় প্ৰিন্সৰ পৰিকল্পনা অনুসৰি আৰৱত ইংৰাজী শিকাটো বাধ্যতামূলক কৰিছে।

You might also like