নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড-১৯ৰ দ্বিতীয় ঢৌত চিৰাঙত আক্ৰান্তৰ সংখ্যা ১৪২ জনলৈ বৃদ্ধি

শনিবাৰে ১৫ জনক পজিটিভ হিচাপে চিনাক্ত

নিয়মীয়া বাৰ্তা,২৪ এপ্ৰিলঃ  ‘ক’ভিড ১৯’ সংক্ৰমনৰ দ্বিতীয় ঢৌত চিৰাং জিলাত আজিলৈকে ১৪২ জন ব্যক্তিক কোভিড আক্ৰান্ত বুলি নিশ্চিত কৰিছে। আজি জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্যৰ আধাৰত জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমক এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে। শনিবাৰে জিলা খনত ১৫ জন ব্যক্তিক কোভিড আক্ৰান্ত বুলি নিশ্চিত কৰাৰ পাছত দ্বিতীয় ঢৌত এই পৰ্যন্ত মুঠ ১৪২ জনক পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে বুলি জনায়। বিজ্ঞপ্তিটোত  ৮৯ জন সক্ৰিয় আক্ৰান্ত ব্যক্তিৰ মাজৰে ৩৮ জন চিকিৎসালয়ত চিকিৎসাধিন হৈ থকাৰ বিপৰীতে ৫১ জন আক্ৰান্ত ব্যক্তি হোম আইচলেচনত আছে বুলি প্ৰকাশ কৰিছে ।

জিলা খনৰ পৰা ৩ জন আক্ৰান্ত ব্যক্তিক উন্নত চিকিৎসাৰ বাবে আন স্থানলৈ প্ৰেৰণ কৰা হৈছে আৰু ৮ জনক সুস্থ্য হোৱাৰ পাছত চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে। জিলাত ১৫০৯৬ জনৰ আৰ এ টি টেষ্ট কৰাৰ বিপৰীতে ২৬৩৯ জনক আৰ টি-পি চি আৰ টেষ্ট কৰা হৈছে বুলিও বিজ্ঞপ্তিটোৰ জৰিয়তে প্ৰকাশ কৰিছে। চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰে কালি এক নিৰ্দেশনাৰ জৰিয়তে ইতিমধ্যে জিলা খনৰ বিভিন্ন বিহু উদযাপন সমিতিক প্ৰদান কৰা সাংস্কৃতিক অনুষ্ঠান পতাৰ অনুমতি তাৎক্ষনিক ভাবে বাতিল কৰিছে। পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত এই নিষেধাজ্ঞা সমগ্ৰ জিলাখনত বলবৎ থাকিব বুলি ঘোষণা কৰিছে।।

You might also like