নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানুহৰ জীৱনক লৈ কোনেও যাতে সস্তিয়া ৰাজনীতি নকৰেঃ মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ৰাইজক কভিডত মৰিবলৈ এৰি দি ৰাজ্য চৰকাৰে হাত সাবতি বহি থাকিব লাগে, ৰিপুণ বাহিনীৰ এই দাবীক সমালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

বিৰোধীক সমালোচনা কৰি মুখ্যমন্ত্ৰী সোণোৱালে ৰাইজৰ কাম কৰিবলৈ ৰাজ্য চৰকাৰ কেতিয়াও পিছুৱাই নাহে বুলি মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, “যি বিৰোধীয়ে আজি ক’ভিড-১৯ ৰ পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দৃঢ়তা প্ৰকাশ কৰা নাই, সেই বিৰোধী ৰাজ্যৰ জনসাধাৰণক লৈ চিন্তিত নহয়। নিৰ্বাচন আয়োগে ক’ভিড-১৯ ৰ পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আমাকো দায়িত্ব দিছে। আমি মানৱতাৰ স্বাৰ্থত এই অধিকাৰ আমি প্ৰয়োগ কৰিছো। আজি এই মুহূৰ্তত সকলোকে আহ্বান জনাইছো এই সময়ত মানুহৰ জীৱনক লৈ কোনেও যাতে সস্তিয়া ৰাজনীতি নকৰে।”

You might also like