আৰৱৰ বুৰ্জ খলিফাত ত্ৰিৰংগা, ক’ভিড পৰিস্থিতিত সমৰ্থন
নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ভাৰতৰ ক’ৰোনা পৰিস্থিতি ভয়ংকৰ দিশে গমন কৰিছে। দেশৰ ৰাজধানী দিল্লীত অক্সিজেনৰ বাবে একপ্ৰকাৰ কান্দোনৰ ৰোল শুনা গৈছে। এনে সময়তে পৃথিৱীৰ বহুতো দেশ ভাৰতৰ কাষত থিয় দিছে। এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই সংযুক্ত আৰৱ আমীৰশ্বাহী।
আৰৱো থিয় দিছে ভাৰতৰ কাষত। ৰাষ্ট্ৰখনৰ বিশ্বৰ সবাতোকৈ উচ্চ বুৰ্জ খলিফাত দুয়োখন দেশৰ মাজত সংহতিৰ বাৰ্তাৰে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দেখা গৈছে। ইউ এ ইৰ ভাৰতীয় দূতাবাসৰ পৰা টুইটাৰত “ষ্টে ষ্ট্ৰং ইণ্ডিয়া” বাৰ্তা প্ৰেৰণ কৰি ইউ এ ইৰ ভাৰতলৈ থকা সমৰ্থন ব্যক্ত কৰা হৈছে।
⭐️As #India battles the gruesome war against #COVID19 , its friend #UAE sends its best wishes
? @BurjKhalifa in #Dubai lits up in ?? to showcase its support#IndiaUAEDosti @MEAIndia @cgidubai @AmbKapoor @MoFAICUAE @IndianDiplomacy @DrSJaishankar @narendramodi pic.twitter.com/9OFERnLDL4
— India in UAE (@IndembAbuDhabi) April 25, 2021