অসাধু ব্যৱসায়ীৰ দৌৰাত্ম্যঃ ক’লা বজাৰত চিলিণ্ডাৰৰ মূল্য ১২–১৩ শ টকা
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ পুনৰ মহানগৰীত সক্রিয় হৈ পৰিছে গেছ চিলিণ্ডাৰৰ ক’লা বজাৰ৷ নৱবর্ষৰ প্রাক্ক্ষণত মহানগৰীৰ ক’লা বজাৰত অধিক দামত অবৈধ চিলিণ্ডাৰ বিক্রী কৰা পৰিলক্ষিত হৈছে৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্র ৰাজ্যৰ লগতে মহানগৰীৰ প্রান্তে প্রান্তে চলি থকা আন্দোলনৰ সুযোগ গ্রহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰত ৰন্ধন গেছৰ নাটনিৰ অজুহাত দেখুৱাই প্রতিটো ভর্তি চিলিণ্ডাৰ ১২০০–১৩০০ টকা পর্যন্ত দামত বিক্রী কৰি আহিছে৷
বিশেষকৈ ভেটাপাৰা, হাতীগাঁও, সিজুবাৰী, গণেশগুৰি, হেঙেৰাবাৰী, ছয়মাইল, নাৰেংগী, নুনমাটি আৰু বামুণীমৈদামকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত অবৈধভাৱে চৰাদামত গেছ চিলিণ্ডাৰ বিক্রী কৰি আহিছে যদিও এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ইপিনে ‘কা’বিৰোধী আন্দোলনৰ ফলত গেছ এজেঞ্চীসমূহে নির্দিষ্ট সময়ৰ ভিতৰত গ্রাহকসকলক চিলিণ্ডাৰ যোগান ধৰিব নোৱৰাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মহানগৰীৰ ছয়মাইলস্থিত শংকৰ গেছ এজেঞ্চীত দুসপ্তাহ পূর্বে একাংশ গ্রাহকে বুকিং কৰিছে যদিও পোন্ধৰ দিন উকলি যোৱাৰ পিছতো গ্রাহকক কর্তৃপক্ষই চিলিণ্ডাৰ যোগান ধৰিবলৈ সমর্থ হোৱা নাই৷ এই সন্দর্ভত এজেঞ্চীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে ‘কা’বিৰোধী আন্দোলনৰ বাবে নির্দিষ্ট সময়ত গেছৰ ট্রাকসমূহ চলাচল কৰাত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷ তদুপৰি বিগত ১০ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ গুৱাহাটী মহানগৰী সম্পূর্ণৰূপে বন্ধ হৈ পৰাত খালী হোৱা ষ্টক আজিলৈকে পূৰাবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে৷ গেছ বুকিঙৰ ১৫ দিনৰ পিছতো এজেঞ্চীসমূহে চিলিণ্ডাৰ যোগান ধৰিব নোৱৰাত গ্রাহকসকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
একেদৰে বেলতলাস্থিত মেছার্ছ চিটী গেছ ছার্ভিচতো গেছৰ নাটনি হোৱা বাবে ষ্টক নাই বুলি বিভাগীয় কর্তৃপক্ষই এজেঞ্চীসমূহত ফলক আঁৰি থ’বলগীয়া হৈছে৷ অৱশ্যে এই সন্দর্ভত গেছ এজেঞ্চীৰ বিষয়াৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই যদিও একাংশ গ্রাহকে ‘কা’বিৰোধী আন্দোলনৰ প্রভাৱতেই গেছৰ নাটনি হোৱা বুলি মতামত ব্যক্ত কৰে৷
উল্লেখ্য যে দূৰ–দূৰণিৰ পৰা অহা গেছৰ গাড়ীসমূহ ‘কা’বিৰোধী আন্দোলনৰ সময়ছোৱাত দুর্বৃত্তই অগ্ণিসংযোগ কৰাৰ ভয়তে মুকলিভাৱে চলাচল কৰা নাই বুলি একাংশ লোকে মত প্রকাশ কৰিছে৷