নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্সিজেন সংকটত সেনাৰ সহায় বিচাৰিলে দিল্লীৰ আপ চৰকাৰে

নিয়মীয়া বাৰ্তা ৪ মেঃ  ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ বাবে হাস্পতালত ৰোগীৰ চিকিৎসাৰ বাবে অতি আৱশ্যকীয় অক্সিজেনৰ নাটনি ৰাজধানী দিল্লীত অব্যাহত আছে৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰক অক্সিজেনৰ বাবে সহায় বিচৰাৰ লগতে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীলৈও আপ চৰকাৰৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে পত্রযোগে জনাইছে৷

কেন্দ্রই যোগান ধৰা অক্সিজেনেও নাটনিৰ সমস্যাটোৰ জোৰা মাৰিব পৰা নাই৷ এনে পৰিপ্রেক্ষিতত আজি পুনৰ দিল্লীৰ উপ–মুখ্যমন্ত্রী মনোজ শিশোদিয়াই অক্সিজেনৰ সংকটত পৰা দিল্লীক সহায় কৰিবলৈ সেনা আৰু কেন্দ্রীয় চৰকাৰক আহ্বান জনাইছে৷ উপ–মুখ্যমন্ত্রীগৰাক্ কয় যে কেন্দ্রীয় চৰকাৰে চিকিৎসাজনিত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰা সত্ত্বেও ৰাজধানী চহৰখনৰ হাস্পতালসমূহত অক্সিজেনৰ নাটনি হৈ আছে৷ এনে পৰিস্থিতিৰ বাবেই চহৰখনত অক্সিজেন যোগানৰ ক্ষেত্রত সেনা আৰু কেন্দ্রীয় চৰকাৰে সহায় কৰিব লাগে বুলি উপ–মুখ্যমন্ত্রীগৰাকীক আহ্বান জনাইছে৷

You might also like