নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি নতুন নির্দেশনা আছে এছ অ’ পিত

  •  প্রতিদিনে দিনৰ ২ বজাত বন্ধ কৰিব লাগিব সকলো দোকান–বাণিজ্যিক প্রতিষ্ঠান৷
  •  চৰকাৰী–ব্যক্তিগত খণ্ডৰ সকলো কার্যালয় দৈনিক বন্ধ কৰাৰ সময় দিনৰ ২ বজা৷ অৱশ্যে অত্যাৱশ্যকীয়–জৰুৰী সেৱা, নির্বাচনৰ কাম আৰু আইন বলৱৎকাৰী সেৱাৰে জড়িত সংস্থাসমূহৰ ক্ষেত্রত এই নির্দেশনা কার্যকৰী নহ’ব৷
  •  যিকোনো প্রেক্ষাগৃহ অথবা মুকলি ঠাইত সভা–সমিতি, জনসমাৱেশ নিষিদ্ধ৷
  •  বিবাহৰ ক্ষেত্রত সর্বাধিক ২০জন লোকৰ উপস্থিতিৰে কেৱল ধর্মীয় কার্য সম্পন্ন কৰাৰহে অনুমতি৷ বিবাহৰ আগত বা পিছত অনুষ্ঠিত কৰিব নোৱাৰিব অভ্যর্থনা অনুষ্ঠান৷
  •  এজন মৃত লোকৰ অন্ত্যেষ্টিক্রিয়াত ২০জনতকৈ অধিক লোকে অংশ ল’ব নোৱাৰিব৷
  •  যিকোনো সময়ত সকলো ধর্মীয় স্থানত ৫জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব৷
  •  প্রতিদিনে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন৷ এই সময়ছোৱাত ৰাজহুৱা স্থানত জনসাধাৰণৰ আহ–যাহত বাধা নিষেধ৷ অৱশ্যে অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰে জড়িত লোক ৰেহাই৷
  •  ৰেষ্টুৰেণ্ট–ধাবা–ন্য ভোজনালয়সমূহত দিনৰ ২ বজালৈকেহে গ্রাহকে বহি আহাৰ গ্রহণ কৰিব পাৰিব৷ সন্ধিয়া ৬ বজালৈকে খাদ্যৰ হোম ডেলিভাৰীসহ ঘৰলৈ নিয়াত অনুমতি৷ ৬ বজাৰ পিছত কেৱল হোম ডেলিভাৰীহে কৰিব পাৰিব৷
  •  হোটেল–ৰিজ’ট সংলগ্ণ ৰেষ্টুৰেণ্টসমূহে দিনৰ ২ বজালৈকেহে বাহিৰৰ অতিথিক আপ্যায়ন কৰিব পাৰিব৷ অৱশ্যে হোটেল–ৰিজ’টত থকা অতিথিক খোলা থকাৰ সময়লৈ আপ্যায়নৰ অনুমতি৷
  •  ই–কমার্চৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্রীৰ ডেলিভাৰী সঠিকভাৱে ক’ভিড প্রট’কল মানি অব্যাহত ৰাখিব পাৰিব৷
  •  বিষয়াসকলৰ বাদে চৰকাৰী–ব্যক্তিগত খণ্ডৰ কার্যালয়ত ৫০ শতাংশ কর্মচাৰীকহে কাম কৰাৰ অনুমতি৷
You might also like