নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেটছ দম্পতীৰ বিবাহ বিচ্ছেদঃ ২৭ বছৰীয়া ধনৰ ভঁৰালত বিচ্ছেদগাথা

নিয়মীয়া বাৰ্তা, ৫ মেঃ ঘাতক ক’ভিড–১৯এ বিশ্বজুৰি ত্রাসিত পৰিৱেশ সৃষ্টিৰ সময়তেই বিশ্বৰ ধনাঢ়্য ব্যক্তি জেফ বেজছৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছে৷ এই চর্চা অব্যাহত থকাৰ সময়তে এইবাৰ বিশ্বৰ অন্যতম ধনাঢ়্য ব্যক্তি গেটছ দম্পতীৰ বিবাহ বিচ্ছেদ ঘটিছে৷ কার্যতঃ ক’ভিড–১৯ কালত বিশ্বৰ ধনাঢ়্য ব্যক্তিৰ ধনৰ ভঁৰালত চলিছে বিচ্ছেদগাথা৷ গেটছ দম্পতীৰ ২৭ বছৰীয়া ধনৰ ভঁৰালত বিচ্ছেদৰ ক্ষণ আহি পৰিছে৷ মাইক্র’ছফটৰ প্রতিষ্ঠাতা বিল গেটছ আৰু তেওঁৰ পত্নী মেলিণ্ডা গেটছৰ ২৭ বছৰীয়া মধুৰ বৈবাহিক জীৱনৰ সামৰণিৰ ক্ষণ আহি পৰিল৷ আজি গেটছ দম্পতীহালে আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদৰ বার্তা ঘোষণা কৰিলে৷

উল্লেখ্য যে ২৭ বছৰে বিল গেটছ আৰু মেলিণ্ডা গেটছে একেলগে থাকি বিশাল ধনৰ ভঁৰাল গঢ়ি তুলিছিল৷ এসময়ত বিশ্বৰ ১ নম্বৰ ধনী ব্যক্তি হিচাপে স্বীকৃতি লাভ কৰা বিল গেটছ পাছলৈ ২–৩ স্থানলৈ অৱনমিত হয় যদিও বিল গেটছে ধনাঢ়্য ব্যক্তিৰ তালিকাত স্থান অটুট ৰাখিবলৈ সক্ষম হৈ আহিছে৷ বিল আৰু মেলিণ্ডা গেটছৰ তিনি সন্তান৷

গেটছ দম্পতীয়ে বিচ্ছেদৰ সিদ্ধান্ত গ্রহণ কৰাৰ পিছত ২৭ বছৰে গঢ়ি তোলা ধনৰ ভঁৰাল কিদৰে ভাগ–বাটোৱাৰা কৰিব তাক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে৷ বিশ্বৰ ধনাঢ়্য ব্যক্তিৰ চতুর্থ স্থানত থকা বিল গেটছৰ সম্পত্তিৰ পৰিমাণ ১৩০.৫ বিলিয়ম মার্কিন ডলাৰ৷ হার্ভার্ড বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা আধৰুৱা কৰি ১৯৭৫ চনত বিদ্যালয়ৰ বন্ধু পল এলেনৰ সৈতে প্রযুক্তি কোম্পানী মাইক্র’ছফট স্থাপন কৰে৷ এই কোম্পানীটোৰ ৪৯ শতাংশ শ্বেয়াৰ বিল গেটছৰ৷

বিশাল সম্পত্তিৰ অধিকাৰী গেটছ দম্পতীয়ে ২০০০ চনত বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচন স্থাপন কৰি ইয়াৰ জৰিয়তে বিশ্বজুৰি মানৱ সেৱা আগবঢ়াই আহিছে৷ জনস্বাস্থ্য, শিক্ষা আৰু জলবায়ু পৰিৱর্তনত প্রাধান্য দি মানৱ সেৱা চলাই থকা গেটছ দম্পতীৰ বিবাহ বিচ্ছেদ সম্প্রতি বিশ্বজুৰি চর্চাৰ বিষয়৷

You might also like