নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহৎ পৰিমাণৰ জালনোটসহ দুজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৬ মেঃ ক’ৰোনা মহামাৰীৰ গণসংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি প্রশাসনে জাৰি কৰা নৈশ সান্ধ্য আইনৰ সুযোগ গ্রহণ কৰিছে অপৰাধী চক্রই৷ নৈশ সান্ধ্য আইনৰ সুযোগ গ্রহণ কৰি অপৰাধী চক্রই মহানগৰীত এটাৰ পাছত আনটো অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে৷ কালি মহানগৰীৰ গড়চুক আৰক্ষীয়ে অভিযান চলাই কটাহবাৰীৰ পৰা এটা বৃহৎ জালনোট সৰবৰাহকাৰী চক্র উৎখাত কৰাৰ উপৰি মুঠ ৩৫,৫০০ টকাৰ জালনোটসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত জালনোট সৰবৰাহকাৰী দুটা ক্রমে বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তর্গত বহৰিৰ মাদ্রাছা চ’কৰ মফিজ ভূঞা (২৮) আৰু কলগাছিয়া থানাৰ অন্তর্গত মেউৰাচৰ ৰিজার্ভৰ ছলমান খান (৩২) বুলি জানিব পৰা গৈছে৷

আৰক্ষী সূত্রই জনোৱা মতে, ধৃত জালনোট সৰবৰাহকাৰী দুটাই জালনোটখিনি কোনো লোকক গতাই দিয়াৰ বাবে লৈ আহি কটাহবাৰীত আশ্রয় লৈছিল৷ গোপন সূত্রৰ ভিত্তিত গড়চুক থানাৰ ভাৰপ্রাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে কালি কটাহবাৰীৰ পৰা অভিযুক্ত মফিজক গ্রেপ্তাৰ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৬৭/৪৭১/৪২০/৪৮৯ চি/৩৪ ধাৰাত গড়চুক থানাত ৩১২/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্ত মফিজক সোধা–পোছাৰ অন্তত জালুকবাৰীৰ পৰা তেওঁৰ সহযোগী ছলমানক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জালনোট সৰবৰাহকাৰী দুটাৰ পৰা মুঠ ৩৫,৫০০ টকাৰ জালনোটসহ দুটা ম’বাইল ফোন আৰু কিছু নথিপত্র উদ্ধাৰ কৰে৷ অভিযুক্ত দুটাক আজি আদালতত হাজিৰ কৰাত কামৰূপ (ম) জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে দুয়োকে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

You might also like