নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ একালত জনাকীর্ণ চহৰ আছিল ছিৰিয়াৰ কাফাৰ নাবাল৷ গৃহযুদ্ধবিধ্বস্ত চহৰখনত ছিৰিয়ান আৰু ৰুছ বাহিনীৰ ধাৰাবাহিক বোমাবর্ষণ কৰাৰ ফলত গৰিষ্ঠসংখ্যক লোকেই নিৰাপদ স্থানলৈ পলায়ন কৰিছে৷ বিদ্রোহী নিয়ন্ত্রিত চহৰখনত এতিয়া চৌদিশে মাথোঁ ধ্বংসস্তূপ৷ বিধ্বস্ত বাসগৃহবোৰত নাই কোনো আৱাসী৷ একালত ৪০ হাজাৰ লোকৰ বাসভূমি আছিল এই সৰু চহৰখন৷ বর্তমান চহৰখনত আছে মাথোঁ ১০০গৰাকী লোক৷ কিন্তু এই চহৰখনৰ জনশূন্য বাসগৃহবোৰত আশ্রয় গ্রহণ কৰিছে মেকুৰীয়ে৷ কেইবাহাজাৰ মেকুৰীয়ে যুদ্ধবিধ্বস্ত কাফাৰ নাবালৰ শূন্য বাসগৃহবোৰত আশ্রয় গ্রহণ কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য৷ ৩২ বছৰীয়া ছালাহ জাৰ নামৰ স্থানীয় ৰেডি’ আস্থান এটাৰ ৰিপ’টাৰগৰাকীয়ে উল্লেখ কৰা অনুসৰি, প্রতি মুহূর্ততে বোমাবর্ষণত চহৰখনত ধূলিত পৰিণত হৈছে এটাৰ পাছত এটাকৈ বাসগৃহ৷ কিন্তু এই ভয়ংকৰ পৰিস্থিতি সত্ত্বেও চহৰখনৰ পৰা আঁতৰি যোৱা নাই মেকুৰীবোৰ৷ বিশ্বৰ সংবাদ মাধ্যমৰ বাবে এয়া এক আজব খবৰ হিচাপে চিহ্ণিত হৈছে৷ যুদ্ধই বিধ্বস্ত কৰা চহৰখনৰ প্রতিটো বাসগৃহত গঢ়ে ১৫টাকৈ মেকুৰী আছে৷ ৰিপ’টাৰ ছালাহে উল্লেখ কৰা অনুসৰি, কাফাৰ নাবালৰ পৰা বাসিন্দাসকলে আঁতৰি গৈছে যদিও দুর্গত অৱস্থাৰ মাজতেই আশ্রয় লৈ আছে মেকুৰীবোৰ৷ পুৱাৰে পৰা নিশালৈকে এনে বহু মেকুৰীক নিজেই খাদ্য আৰু পানী যোগান ধৰি আহিছে ছালাহ জাৰে৷ উল্লেখনীয় যে ফ্রেছ এফ এম ৰেডি’ৰ ৰিপ’টাৰ ছালাহ জাৰে ২০১৯ৰ বিভীষিকাময় পৰিস্থিতিৰ অন্ত পৰিব বুলি আশা প্রকাশ কৰাৰ উপৰি এই মেকুৰীবোৰৰ যত্ন ল’বলৈ বিভিন্ন মহলক আবেদন জনাইছে৷ ছিৰিয়াৰ কাফাৰ নাবাল যেন হৈ আছে যুদ্ধৰ বিভীষিকাৰ অনন্য নজিৰ৷