‘বৰ্তমান আমাৰ সমাজত ধর্ষণ যেন এক নিয়মিত ঘটনা হৈ পৰিছে৷ সমাজখন যিমানেই আধুনিকতা তথা প্রযুক্তিৰ দিশত আগবাঢ়িছে সিমানেই হত্যা, ধর্ষণ ইত্যাদিৰ দৰে অমানৱীয় কার্যকলাপো দ্ধি পোৱা দেখা গৈছে৷ আজিও আমাৰ আধুনিক সমাজখনত এগৰাকী নাৰী বা এগৰাকী ছোৱালী সম্পূর্ণৰূপে সুৰক্ষিত নহয়৷ কেতিয়াবা হয়তো চলন্ত বাছত, কেতিয়াবা কর্মক্ষেত্রত, কেতিয়াবা শিক্ষা অনুষ্ঠানত, কেতিয়াবা আকৌ বিবাহৰ পিছতো বিভিন্ন ধৰণে যৌন নির্যাতনৰ সন্মুখীন হ’ব লগা হয়৷ আনকি এগৰাকী কিশোৰীও সুৰক্ষিত নহয়৷ যি সময়ত কিশোৰ–কিশোৰীসকলে প্রাণচঞ্চলা মনটোৱে খেলা–ধূলা, পঢ়া–শুনা কৰি মুক্ত মনেৰে বিচৰণ কৰিব বিচাৰে, সেই সময়ত কিশোৰীসকল যৌন নির্যাতন অথবা ধর্ষণৰ লি হোৱা দেখা যায়৷ বিশেষকৈ কাম–বন কৰা ছোৱালীসকলো হাত সাৰি নাযায় এনে জঘন্য কাণ্ডৰ পৰা৷ এগৰাকী মাতৃ বা অভিভাৱকে নিজৰ শিশুটিক অকলে বিদ্যালয়লৈ বা সমনীয়াৰ লগত অকলে খেলা–ধূলা কৰিবলৈ পঠিয়ালেও গোটেই দিনটো চিন্তাত থাক্বিলগীয়া হয়, কাৰণ মনৰ ভিতৰত সেই একেবোৰ চিন্তাই দোলা দি ফুৰে৷ তমান আমাৰ সমাজত শিক্ষাৰ পোহৰ পৰাৰ পিছতো এনেকৈ এগৰাকী নাৰী বা এগৰাকী কিশোৰী কিয় ধর্ষণ বা যৌন নির্যাতনৰ লি হ’ব লগা হয়? জীৱশ্রেষ্ঠ লি স্বাভিমান দেখুওৱা, নিজকে উচ্চ শিক্ষিত লি দম্ভালি মাৰি ফুৰা মানুহেই এনেকুৱা জঘন্য কাণ্ডবোৰ কিয় কৰে…? মই এগৰাকী সমাজকর্মী আৰু ছাত্রনেত্রী, লগতে ‘হিউমেনিটী কনচার্ন’ এন জি অ’ৰ দ্বাৰা সামাজিক কামসমূহ কৰি থাকোঁতে ফিল্ডত হুত সময়ত এনেধৰণৰ ঘটনাবোৰৰ লগত সঘনে সাক্ষাৎ হৈ থাকে৷ দিল্লীত থাকোঁতেও হুকেইটা এনে ঘটনাৰ কেছ আমি পাইছিলোঁ৷ অসমতো দৈনন্দিন বাতৰিকাকত, টেলিভিছন চালেই এনেবোৰ খবৰে অলপ সময়ৰ বাবে হ’লেও মনটোক নিস্তব্ধ কৰি তোলে৷ এইবোৰৰ মাজতেই বিশেষকৈ মোৰ ক্তিগত জীৱনত মুখামুখি হোৱা এটা ঘটনাই মনটো ৰকৈ জোকাৰি গৈছিল৷
ঘটনাটো প্রায় এবছৰৰ আগৰ৷ এগৰাকী অকণমাণি ছোৱালী৷ তাইৰ বয়স মাত্র ১৩–১৪ ছৰ৷ জানিব পৰা মতে সেই কণমাণি ছোৱালীজনী হয়তো খেলিবলৈ গৈছিল, দৰিদ্রতাৰ বাবেই পৰিয়ালৰ লোকে শিক্ষাৰ পৰা আঁতৰ কৰি কর্মত নিয়োজিত কৰিছিল৷ অর্থাৎ সময়ৰ সোঁতত তাই এগৰাকী শিশুশ্রমিকলৈ ৰূপান্তৰিত হৈছিল৷ তাই দিনত বেলেগৰ ঘৰত কাম কৰিছিল আৰু আবেলি সমনীয়াৰ লগত খেলা–ধূলা কৰিছিল৷ দিনবোৰ এনেকৈয়ে পাৰ হৈ গৈ আছিল৷ কিন্তু সেইদিনা, তাই দিনটো ঘৰতে পৰিয়ালৰ লগত ইটো–সিটো কৰি সময় কটাই আনদিনাৰ দৰে সেইদিনাও আেবলি তাই লগৰ সমনীয়াৰ লগত খেলিবলৈ গৈছিল৷ কিন্তু যি খেল্বিলৈ গ’ল আৰু সুস্থ শৰীৰে তাই ঘৰলৈ উভতি আহিব নোৱাৰিলে৷ কণমাণিজনীৰ জীৱনলৈ কাল অমানিশা মাতি অনা সেই আবেলিটোত ঘৰৰ ওচৰৰে এজন বয়সস্থ মানুহৰূপী পিশাচে তাইৰ শৰীৰৰ ওপৰত নির্যাতন চলাইছিল৷ যিজনী ছোৱালী নিজেই এজনী শিশু, যাৰ শৰীৰৰ গঠনেই পূৰ হোৱা নাছিল৷ কিন্তু সেই অভিশপ্ত দিনটোৰ বাবেই ছোৱালীজনী ৫ মাহৰ অন্তঃসত্ত্বা হৈ পৰিছিল৷ গাঁওখনত কেনে এটা পৰিৱেশৰ সৃষ্টি হৈছিল আজিও মোৰ মনত পৰে৷ এফালে ক’ৰোনাৰ আতংকত গোটেই পৃথিৱী কঁপি থকাৰ সময়তে সৌ সিদিনা নগাঁও জিলাৰ ৰহাত এটি ঘৰত কাম কৰা ১৩ ছৰীয়া চুমিলা ৰংহাংপী নামৰ কিশোৰীগৰাকীক ধর্ষণ কৰি জুই লগাই জ্বলাই মাৰিলে৷ জানিব পৰা মতে কিশোৰীগৰাকী ৬ মহীয়া গর্ভৱতী আছিলে৷ ইয়াতকৈ নির্লজ্জ–জঘন্য কথা আৰু কি হ’ পাৰে? তেন্তে ভাবকচোন আমাৰ সমাজখন কোন দিশে ধাৱমান হৈছে৷ এনেধৰণৰ জঘন্য ঘটনাৰ সন্মুখীন হয়তো হুত ছোৱালীয়ে হৈ আহিছে কিন্তু মানুহৰ আগত ব্যক্ত কৰিবলৈ সংকোচবোধ কৰে৷ কাৰণ বহুত কিশোৰীয়ে যৌনতাৰ বিষয়ে নাজানে৷ ইয়াৰ হুতো কাৰণ আছে৷ ইয়াৰ ভিতৰত সামাজিক অপবাদ, ভৱিষ্যতৰ জীৱনৰ প্রতি থকা শংকা তথা যৌন শিক্ষাৰ অভাৱ ইত্যাদিৰ কথােবাৰ অন্যতম৷ আমাৰ শিক্ষা ৱস্থাত যৌন শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিব লাগে, যাতে ছোৱালী এজনীয়ে যিকোনো পৰিস্থিতিত নিজক সুৰক্ষা দ্বিলৈ কথাবোৰ জি পায়৷ ভাৰত্বর্ষত ধর্ষণকাৰীৰ ওপৰত কঠোৰ ৱস্থা গ্রহণ কৰিছে যদিও আইনী ৱস্থা লেহেমীয়া হোৱা বাবে মানুহে এনেেবাৰ অপৰাধৰ প্রতি ভয়, সংকোচ নকৰে৷ লেহেমীয়া আইনী ৱস্থাৰ সুৰুঙা লৈ হু ধর্ষণকাৰী পলাই সাৰি যোৱাও দেখা যায়৷
গতিকে আইনী ব্যৱস্থা দ্রুত হ’ব লাগে, যাতে কোনো ধর্ষণকাৰীয়ে মুক্ত আকাশৰ তলত ঘূৰি–ফুৰিব নোৱাৰে৷ মনোবৈজ্ঞানিক দিশৰ পৰা চাবলৈ গ’লে দেখা যায় যে ধর্ষণকাৰীসমূহৰ চাৰিত্রিক বৈশিষ্ট্যবোৰো ভিন্ন ভিন্ন৷ কিছুমান ধর্ষণকাৰীয়ে অপৰিকল্পিতভাৱেই এনেবোৰ জঘন্য কামত লিপ্ত হয়৷ কিছুমানে প্রতিশোধ হিচাপে, কিছুমানে আকৌ নির্জনতাৰ সুযোগ হিচাপেও এই কাণ্ড কৰা দেখা যায়৷ যৌন নির্যাতনক ন্যায়ালয়ে মৌলিক অধিকাৰৰ খণ্ডন লি আখ্যা দিছে৷ যৌন নির্যাতন মানে হ’ল অনিচ্ছাসত্ত্বেও শাৰীৰিক সম্পর্ক, যৌনতাৰ আগ্রহ দেখুওৱা, যৌনতাৰ আভাস থকা মতামত, পর্ণ’গ্রাফী দেখুওৱা আৰু যৌনতা থকা মৌখিক বা অমৌখিক আচৰণ আদি৷ উচ্চতম ন্যায়ালয়ে কোনো কার্যালয়ৰ মুৰব্বী অথবা চাকৰিয়ালৰ নিযুক্তিদাতাৰ ওপৰত কার্যস্থলীৰ যৌন নির্যাতনৰ প্রতিৰোধ তথা এই বিষয়ৰ সকলোবোৰ কার্যৰ বাবে উত্তৰদায়ী কৰি থৈছে৷
বলাৎকাৰ বা ধর্ষণ Rape) ঃ ভাৰতীয় দণ্ডিবধি আইনৰ ধাৰা ৩৭৫ মতে মহিলাৰ সন্মতিৰ সৈতে া সন্মতি অবিহনে লর্পূবকভাৱে অথবা গিৰীয়েক লি ফাঁকি দি অথবা মানসিকভাৱে অসুস্থ অৱস্থাত সন্মতি লৈ অথবা ১৮ ছৰ য়সতকৈ কম য়সৰ ছোৱালীৰ লগত শাৰীৰিক সম্পর্ক স্থাপন কৰাটোকে লাৎকাৰ া ধর্ষণ েবালা হয়৷ একে আইনৰে ধাৰা ৩৭৬ত লাৎকাৰৰ অপৰাধীক আজীৱন কাৰাবাস অথ্বা খুব কম ১০ ছৰ পর্যন্ত কাৰাবাসৰ ৱস্থা আছে৷ ধাৰা ৩৭৬ (ক)ত বিবাহ বিচ্ছেদ হোৱা মহিলাৰ লগত গিৰীয়েকে লপূর্বক শাৰীৰিক সম্পর্ক স্থাপন কৰিলে দিয়া শাস্তি বিধানো আছে৷ তথাপি এই অপৰাধৰ র্ধিত ক্রমলৈ লক্ষ্য ৰাখি এই ধাৰাৰ সংশোধন কৰাৰ যথেষ্ট প্রয়োজনীয়তা আছে৷ লাৎকাৰ প্রতিৰোধ আৰু শাস্তি বিধানৰ ওপৰত গুৰুত্ব দি আইন সংশোধন আৰু তমান সময়ত ইয়াৰ ৱহাৰৰ দ্বাৰা মহিলাৰ সুৰক্ষা আৰু সামাজিক মর্যাদাক উন্নীত কৰাৰ চেষ্টা কৰা উচিত৷
ধর্ষণ কোনো সমাজিক ব্যাধি নহয়৷ ই এক গুৰুতৰ অপৰাধ৷ সমাজৰ পৰা এনেধৰণৰ অপৰাধ আঁতৰ কৰিবলৈ বিভিন্নজনে অহোপুৰুষার্থ কৰি আহিছে যদিও সফল হ’ব পৰা নাই৷ ইয়াৰ কাৰণসমূহ বিশ্লেষণ কৰিবলৈ গ’লে দেখা যায়– আমাৰ সমাজৰ উচ্চ শ্রেণীৰ লোকসকলে তেওঁলোকৰ আর্থিক সামর্থ্যৰে আইনী ৱস্থাটোৰ পৰা হাত সাৰিব বিচাৰে আৰু এওঁলোকে ধর্ষিতাগৰাকীকো বিভিন্ন প্রলোভন দেখুৱাই মুখ বন্ধ কৰিব বিচাৰে৷ হুক্ষেত্রত ধর্ষিতাগৰাকীয়ে সামাজিক অপযশৰ ভয় বা কেৰিয়াৰকেন্দ্রিক ভয়ৰ বাবেও যৌন নির্যাতনৰ কথা মুকলিকৈ প্রকাশ কৰিব নিবিচাৰে৷ আনহাতে, হুক্ষেত্রত ধর্ষণকাৰীজনে আইনী প্রক্রিয়াৰ সুৰুঙাৰ পৰা ওলাই আহি প্রতিশোধ লয় লি ধর্ষিতাগৰাকীয়ে এনেবোৰ কথা ক্ত কৰিব নিবিচাৰে৷ কঠোৰ আইনী ৱস্থাৰ লগতে জনগণৰ মাজত এনেবোৰ বিষয়ৰ ওপৰত অধিক সজাগতা দ্ধি কৰিব লাগে, যাতে সকলোৱে যৌনতাৰ ওপৰত সচেতন হয়৷ তদুপৰি বিভিন্ন ক্তিৰ লগত কৰা আলোচনা া সামাজিক মাধ্যমৰ আলোচনাবোৰত এনেবোৰ স্পর্শকাতৰ বিষয়ত টুলুঙা মন্তব্য কৰা দেখা যায়৷ তেনে ধৰণৰ অকালপক্ব এচাম মানুহৰ বাবে যেন কেৱল ছোৱালীজনীহে এইবোৰ ক্ষেত্রত দায়ী৷ চুটি কাপোৰ পিন্ধা অথবা ৰাতি বাহিৰত দেৰিলৈকে থকাৰ বাবে তেওঁলোকে ছোৱালী এজনীকে দোষ দিব বিচাৰে৷ এজন ধর্ষণকাৰীয়ে এগৰাকী নাৰীৰ ওপৰত শাৰীৰিক তথা মানসিক অত্যাচাৰ চলাবলৈ নাৰীগৰাকীৰ বয়স, ধর্ম বা সাজ–পাৰ চাই ধর্ষণ কৰিবলৈ নাযায়৷ এই লেখিকায়ো ক্তিগতভাৱে এনেবোৰ কথা কেতিয়াও সর্মথন নকৰে৷ কাৰণ চুটি কাপোৰ পিন্ধা, ৰাতি বাহিৰত দেৰিলৈকে থকাটোৱেই কেতিয়াও ছোৱালী এজনীৰ চাৰিত্রিক বৈশিষ্ট্য নিৰূপণ কৰিব নোৱাৰে৷ ই এটা পুৰুষতান্ত্রিক সমাজৰ চিন্তাধাৰা৷ এনেধৰণৰ পুৰুষতান্ত্রিক চিন্তাধাৰাৰ পৰা আমি প্রথমে মুক্ত হ’ব লাগিব৷ আমাৰ পুৰুষতান্ত্রিক সমাজখনত এজনী ছোৱালীক সৰুৰ পৰাই কিছুমান কাম ঘৰতে নির্ধাৰণ কৰি দিয়া হয়৷ এটা শিশু জন্ম হোৱাৰ লগে লগে সেই শিশুটিৰ ক্ষেত্রত কিছু নীতি–নিয়ম ান্ধি দিয়া হয়৷ আৰু শিশুটিয়ে সেই নীতি–নিয়মসমূহ অনুকৰণ কৰি নিজকে গঢ় দিবলৈ চেষ্টা কৰে৷ শিশুটি ডাঙৰ হৈ অহাৰ লগে লগে খেলা সামগ্রীসমূহৰ পৰা ল’ৰা–ছোৱালীৰ পার্থক্য আনি দিয়া হয়৷ ল’ৰা হ’লে বন্দুক, বল–বেট আদি, ছোৱালী হ’লে পুতলা৷ এই খেলা সামগ্রীসমূৰ পৰাই আমি সিহঁতক শিকাওঁ যে ল’ৰাক বন্দুকৰ জৰিয়তে সাহসিকতা আৰু ছোৱালীক ঘৰতে থাকি পুতলাৰ লগত খেলা–ধূলা কৰা৷ কন্যা সন্তানগৰাকীক সৰুৰে পৰাই খেলা–ধূলাৰ জৰিয়তে এইটো প্রমাণ কৰি দিয়া হয় যে তাই সৰুৰ পৰাই ঘৰতে থাকি খেলা–ধূলা কৰিব লাগে, পুৰুষৰ দৰে াহিৰলৈ যাব নালাগে, উচ্চস্বৰত কথা ক’ব বা হাঁহিব নালাগে, তাইৰ খেলা সামগ্রী ভিন্ন, সাজ–পোছাক ভিন্ন ইত্যাদি৷ সৰুৰে পৰাই গঢ় দিয়া মানসিকতাবোৰৰ বাবেই এগৰাকী নাৰীয়ে কঠিন পৰিস্থিতি এটাত যুঁজিবলৈ ভয় কৰে৷ গতিকে এগৰাকী নাৰীয়ে আত্মিবশ্বাসেৰে, দক্ষতাৰে সমাজত প্রতিষ্ঠিত হ’ লাগে, যাতে এগৰাকী নাৰীয়ে নাৰী হিচাপে নহয়, মানুহ হিচাপে জীয়াই থাকিব পাৰে৷ তদুপৰি আমি মনত ৰখা দৰকাৰ এগৰাকী নাৰী অবিবহনে এখন ঘৰ আৰু সমাজ সদায় অপৰিপূর্ণ৷ গতিকে নাৰীক সন্মান আৰু সুৰক্ষা প্রদানৰ ক্ষেত্রত আমি সকলোৱেই ঐক্যবদ্ধ হওঁ আহক৷
অধিবক্তা, এডভোকেট, গুৱাহাটী উচ্চ ন্যায়ালয়৷
ফোন ঃ ৯৭০৬৮–০৯৭৭৯