নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ ৰাজ্যত তাণ্ডৱ সৃষ্টি কৰিব ধুমুহা ‘টাউক্টি’য়ে

নিয়মীয়া বাৰ্তা, ১৫ মে’: দক্ষিণ–পূব আৰব সাগৰত নিম্ন চাপৰ ফলত সৃষ্টি হোৱা ঘূর্ণি ধুমুহা ‘টাউক্টি’য়ে ইতিমধ্যে তাণ্ডৱ সৃষ্টি কৰিছে কেৰালাৰ উপকূলীয় অঞ্চলত৷ এই ধুমুহাৰ বাবেই কেৰালাত মুষলধাৰ বৰষুণো সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে কেৰালা, তামিলনাডু, কর্ণাটক, গুজৰাট আৰু মহাৰাষ্ট্রত এই ধুমুহাই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰাৰ পাছতে কেন্দ্রীয় চৰকাৰে ৰাষ্ট্রীয় দুর্যোগ ব্যৱস্থাপনা বাহিনী (এনডিআৰএফ)ক পৰিস্থিতিৰ মোকাবিলাৰ বাবে সাজু কৰিছে৷

এনডিআৰএফৰ জোৱানৰ ২৪টা দল ইতিমধ্যে ৫খন ৰাজ্যত ধুমুহাৰ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সাজু কৰা হৈছে৷ ইয়াৰ উপৰি যিকোনো মুহূর্ততে জটিল পৰিস্থিতিত দুর্গত লোকক সহায় কৰিবলৈ সাজু কৰি ৰখা হৈছে অন্য ২৯টা দলক৷ লক্ষণীয়ভাৱে ধুমুহা টাউক্টিয়ে আটাইকেইখন ৰাজ্যলৈ অভাৱনীয় বৰষুণ কঢ়িয়াই আনিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সতর্কবাণী কৰিছে৷

You might also like