নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ভেকচিন লোৱা লোকক মাস্ক পৰিধানৰ পৰা ৰেহাই জ’ বাইডেনৰ

নিয়মীয়া বাৰ্তা, ১৫ মে’:  আমেৰিকাত ক’ভিড ভেকচিন লোৱা লোকসকলক বৃহৎ সকাহ দিছে বাইডেন প্রশাসনে৷ ক’ভিড ভেকচিন লোৱা নাগৰিকসকলে দেশখনত এতিয়া মাস্ক নোলোৱাকৈ বিভিন্ন স্থানলৈ যাব পাৰিব৷ ঘৰৰ ভিতৰত তথা ঘৰৰ বাহিৰৰ বিভিন্ন স্থানত মাস্ক অবিহনেই চলিব পাৰিব ভেকচিন লোৱা লোকসকলে৷ ৰাষ্ট্রপতি জ’ বাইডেনে আমেৰিকাবাসীৰ বাবে এয়া এক গুৰুত্বপূর্ণ দিন বুলি অভিহিত কৰিছে৷ হোৱাইট হাউছৰ অ’ভেল অফিচত প্রথমবাৰলৈ ৰাষ্ট্রপতি বাইডেনে মুখৰ মাস্ক খুলি থৈ বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰা দেখিবলৈ পোৱা গৈছে৷

অৱশ্যে জনাকীর্ণ অঞ্চলত বা বাছ, বিমান, হাস্পতালত সকলোৱে মাস্ক পৰিধান কৰিব লাগিব বুলি ঘোষণা কৰিছে ৰাষ্ট্রপতিগৰাকীয়ে৷ স্মর্তব্য যে সম্পূর্ণৰূপে ভেকচিন লোৱা লোকসকলৰ ক্ষেত্রত ক’ভিড নিষেধাজ্ঞা শিথিল কৰি দিয়াৰ দাবী উত্থাপন হৈছিল৷ আনকি বাইডেন প্রশাসনৰ ওপৰত এই বিষয়টোক লৈ বিভিন্ন মহলে চাপ সৃষ্টিও কৰিছিল৷ লক্ষণীয়ভাৱে দেশখনত ১২ৰ পৰা ১৫ বছৰীয়া কিশোৰ–কিশোৰীক ফাইজাৰৰ ভেকচিন প্রদানৰ ক্ষেত্রত ইতিমধ্যে অনুমোদন জনাইছে হোৱাইট হাউছ প্রশাসনে৷

You might also like