ক’ৰোনাই প্রাণ কাঢ়িলে মৃণাল দাসৰ
নিয়মীয়া বাৰ্তা, ১৬ মে’: সদৌ অসম কর্মচাৰী পৰিষদৰ সচিবপ্রধান, অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ প্রাক্তন কেন্দ্রীয় কার্যনির্বাহক সদস্য, তামুলপুৰৰ সুযোগ্য সন্তান, সুদক্ষ অভিনেতা তথা বিশিষ্ট সাংস্কৃতিক কর্মী মৃণাল দাস আৰু নাই৷ শনিবাৰে পুৱা ৭.৪০ বজাত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) ইহলীলা সম্বৰণ কৰে৷
উল্লেখ্য যে এসপ্তাহ পূর্বে জ্বৰ, কাহ আৰু পেটৰ অসুখত ভোগা মৃণাল দাসৰ যোৱা ৯ মে’ত অক্সিজেন লেভেল কমি যোৱাত তেওঁ এখন ব্যক্তিগত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ বাবে অহাত চিকিৎসকে শাৰীৰিক দুর্বলতাৰ দিশটো লক্ষ্য কৰি তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰে৷
জি এম চি এইচত তেওঁৰ ক’ভিড পৰীক্ষা কৰাত পজিটিভ চিনাক্ত হোৱাত ততালিকে আই চি ইউত ভর্তি কৰোৱা হয়৷ তেনেদৰে চিকিৎসাধীন অৱস্থাতে আজি তেওঁ ৫৫ বছৰ বয়সত মৃত্যুক সাবটি লয়৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ গাণনিক হিচাপে চাকৰি জীৱন অব্যাহত ৰখা মৃণাল দাসৰ ছাত্র সন্থাৰ মজিয়াৰ পৰা সদৌ অসম কর্মচাৰী পৰিষদৰ সচিবপ্রধানলৈ আছিল এক বর্ণিল যাত্রা৷
ছাত্র অৱস্থাৰ পৰাই তেওঁ তামুলপুৰৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগত ওতপ্রোতভাৱে জডিত আছিল৷ তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক, সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ প্রাক্তন সহকাৰী সাধাৰণ সম্পাদক মৃণাল দাস অধুনালুপ্ত তামুলপুৰ জুনিয়ৰ প্রগ্রেচিভ ক্লাবৰ অন্যতম জন্মদাতা আছিল৷ মৃত্যুৰ আগলৈকে তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলন, তামুলপুৰ শ্রীমন্ত শংকৰদেৱ শাখা সত্র, তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ, তামুলপুৰ জিলা ক্রীডা সন্থা, তামুলপুৰ শাখা সাহিত্য সভা, অসম গণ পৰিষদ, অসম নাট্য সন্মিলনী আদিকে ধৰি তামুলপুৰৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগত জডিত আছিল৷ এগৰাকী দক্ষ আবৃত্তিকাৰ আৰু কুইজ পৰিচালক হিচাপে পৰিচিতি লাভ কৰা মৃণাল দাসে সমগ্র ৰাজ্যজুৰি অভিনয় জগততো খ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ কেইবাখনো নাটত অভিনয় কৰাৰ উপৰি অসমীয়া ধাৰাবাহিক আৰু বোলছবিতো অভিনয় কৰি দর্শকৰ মন জয় কৰিছিল৷ দূৰদর্শনযোগে সম্প্রচাৰিত জনপ্রিয় ধাৰাবাহিক ‘খিৰিকী মুখৰ আলহী’ প্রযোজনা কৰাৰ উপৰি তেওঁ দক্ষতাৰে অভিনয়ো কৰিছিল৷ সমীৰণ বৰুৱা আহি আছে, সূর্যাস্ত, বৰশী, ধুনীয়া তিৰোতাবোৰ, যি গল্পৰ শেষ নাই, সোণৰ খাৰু নেলাগে মোক, চকু আদি অসমীয়া বোলছবিকে ধৰি তেওঁ কফী হাউছত অপেক্ষা, দ্য গেম অৱ চেচ, মাউছ ষ্ট্রেপ, এন ইন্সপেক্টৰ কল, টেলিফিল্ম হিয়াৰ পুং, লিটিকাই আদিত অভিনয় কৰি অসমৰ সাংস্কৃতিক ক্ষেত্রখনক চহকী কৰি থৈ গৈছে৷ তামুলপুৰৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান উত্তৰণৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰা প্রয়াত মৃণাল দাসে নাগ্রীজুলি উন্নয়ন খণ্ডৰ ভাৰপ্রাপ্ত গাণনিক পদত অধিষ্ঠিত হৈ নিষ্ঠা আৰু সততাৰে তেওঁৰ দায়িত্ব পালন কৰিছিল৷ ২০২০ চনলৈকে তামুলপুৰ জিলা কর্মচাৰী পৰিষদৰ সভাপতি পদ অলংকৃত কৰি তামুলপুৰ জিলা কর্মচাৰী পৰিষদক এক নতুন গতি দিবলৈ প্রয়াস কৰিছিল৷ তেওঁৰ কর্ম দক্ষতাৰ ফলতেই ২০২০ চনত তিনিচুকীয়াত অনুষ্ঠিত সদৌ অসম কর্মচাৰী পৰিষদৰ অধিৱেশনত সম্পাদকপ্রধান পদত অধিষ্ঠিত হ’বলৈ সমর্থ হয়৷ সদৌ অসম কর্মচাৰী পৰিষদৰ সম্পাদকপ্রধানৰ দায়িত্বভাৰ গ্রহণ কৰাৰ পাছৰে পৰাই ৰাজ্যখনৰ কর্মচাৰী সমাজখনৰ কল্যাণৰ অর্থে অহর্নিশে কাম কৰি গৈছিল৷
কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত হাৰ মানি তেওঁ শনিবাৰে অসমবাসীক কন্দুৱাই অজান মুলুকলৈ গুচি যায়৷ তেওঁৰ মৃত্যুত শনিবাৰে গভীৰ শোক প্রকাশ কৰিছে সদৌ অসম কর্মচাৰী পৰিষদৰ প্রাক্তন সম্পাদকপ্রধান বাসৱ কলিতাই৷ এক শোকবার্তাত বাসৱ কলিতাই কয় যে কর্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্রত বিভিন্ন কাৰিকৰী তথা আইনী দিশসমূহ বিচাৰি উলিওৱাত সিদ্ধহস্ত মৃণাল দাস আছিল পৰিষদৰ অত্যন্ত গুৰুত্বপূর্ণ ব্যক্তি৷ তেওঁৰ মৃত্যু কর্মচাৰী পৰিষদৰ বাবে এক অপূৰণীয় ক্ষতি৷ ইফালে মৃণাল দাসৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে তামুলপুৰবাসী শোকত ম্রিয়মাণ হৈ পৰে৷ তেওঁৰ মৃত্যুত অগপ সভাপতি তথা মন্ত্রী অতুল বৰা, উপ–সভাপতি সুনীল ডেকা, কেন্দ্রীয় কার্যনির্বাহক সদস্য অর্ণৱ ভৰালী, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহঁাই, সদৌ অসম ছাত্র সন্থাৰ ক্রীডা সম্পাদক পূর্ণ ডেকা, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, অসম সাহিত্য সভাৰ বার্তা সম্পাদক ব্রজেন্দ্র নাথ ডেকা, তামুলপুৰৰ বিধায়ক লেহোৰাম বডো, প্রাক্তন ছাত্র নেতা হিৰণ্য চৌধুৰী, সদৌ অসম কর্মচাৰী পৰিসদৰ প্রাক্তন উপ–সভাপতি কন্দর্প ডেকা, বিটিচিৰ কার্যবাহী সদস্য ধর্মনাৰায়ণ দাস, ৰণেন্দ্র নার্জাৰী, এম চি এল এ হেমন্ত কুমাৰ ৰাভা, বিজেপি নেতা সোমনাথ বসুমতাৰী, তামুলপুৰ জিলা যুৱ ইউ পি পি এলৰ সভাপতি ৰমিত স্বর্গীয়াৰী, সদৌ নলবাৰী জিলা ছাত্র সন্থা, সদৌ বাক্সা জিলা ছাত্র সন্থা, সদৌ তামুলপুৰ মহকুমা ছাত্র সন্থা, তামুলপুৰ, কুমাৰীকাটা, দক্ষিণ ডেফেলি, দ্বাৰকুছি, টেবিতোলা আঞ্চলিক ছাত্র সন্থা, তামুলপুৰ শাখা সাহিত্য সভা, তামুলপুৰ প্রেছ ক্লাব, তামুলপুৰ জিলা ক্রীডা সন্থা, তামুলপুৰ জিলা কর্মচাৰী পৰিষদ, নাগ্রীজুলি অম্বিকাগিৰী সংঘ আৰু পুথিভঁৰাল, নাগ্রীজুলি শ্রীমন্ত শংকৰদেৱ শাখা সত্র, তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনী, তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ সমিতি, তামুলপুৰ আঞ্চলিক দুর্গা মন্দিৰ সমিতি, তামুলপুৰ শ্রীমন্ত শংকৰদেৱ শাখা সত্র আদিকে ধৰি বিভিন্ন দল–সংগঠন আৰু অনুষ্ঠান–প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে আৰু শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই সন্তান, আত্মীয়–স্বজন আৰু অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷