পহিলা জানুৱাৰীত ঐতিহাসিক হয়গ্ৰীৱ মাদৱ মন্দিৰত ভক্তৰ সোঁত
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ আজি পহিলা জানুৱাৰী । ইংৰাজী নতুন বছৰৰ এই পহিলা দিনটোতে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ সকলো প্ৰান্তৰ মন্দিৰ আৰু ধৰ্মীয় উপাসনাথলীসমূহত দেখা গ’ল ভক্তৰ ভিৰ ।
তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাদৱ মন্দিৰত পুৱাৰ পৰাই অসংখ্য ভক্তই নেদেখাজনৰ ওচৰত সেৱা জনাই মাধৱৰ আশীষ বিছাৰে । সকলোৰে যেন এটাই আশা বছৰতো নিজৰ লগতে দহৰো সুখ-শান্তিৰে পাৰ হয় ।
হাজোৰ বিভিন্ন পীঠৰ লগতে পোৱামক্কা দৰ্গাহ শ্বৰীফটো দেখা গ’ল ভক্তৰ একে ভিৰ ।