নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনিত চোৰাং বার্মিজ অৰুণাচলী কাঠৰ অবৈধ ছিণ্ডিকেট

ৰহস্যজনকভাৱে মুকলি কৰি দিলে চোৰাং কাঠৰ ট্রাক

নিয়মীয়া বাৰ্তা ১৭ মেঃ নামনি আৰু মধ্য অসমৰ ৰঙিয়া–নলবাৰী–বাইহ্ আদিক কেন্দ্র কৰি গঢ়ি উঠিছে অবৈধ অৰুণাচল আৰু বার্মিজ কাঠৰ এক বৃহৎ ছিণ্ডিকেট৷ এই ছিণ্ডিকেট চক্রৰ বাবে বন বিভাগৰ লগতে ৰাজ্য চৰকাৰে হেৰুৱাইছে বৃহৎ পৰিমাণৰ ৰাজহ৷ শনিবাৰে দৰং জিলাৰ খাৰুপেটীয়াৰ বালুগাঁৱত জব্দ কৰা দুখন অবৈধ অৰুণাচলী কাঠভর্তি ট্রাক জব্দ হোৱাৰ পাছতে পোহৰলৈ আহিছে এনে অবৈধ ছিণ্ডিকেটৰ সমগ্র তথ্য৷

উল্লেখ্য যে শনিবাৰে দিনৰ দুই বজাত বালুগাঁৱৰ ধাবা এখনত বন বিভাগে দুখন অৰুণাচলৰ পৰা তিনিচুকীয়া হৈ অহা অবৈধ কাঠৰ ট্রাক জব্দ কৰে৷ ইয়াৰে এ এছ–০১ এইচ চি–৯৯৪৭ নম্বৰৰ গাড়ীখন পলাই যোৱাত মঙলদৈত পুনৰ জব্দ কৰে৷ আনহাতে, এন এল–০১ এ বি–৩৫৩৩ নম্বৰৰ গাড়ীখন ৰাতি ৯ বজাত বৃহৎ ধনৰ বুজাবুজিত এৰি দিয়াৰ পাছত ছিপাঝাৰৰ এক ভিতৰুৱা অঞ্চলত এই ট্রাকখনত থকা অবৈধ কাঠবোৰ আনলোড কৰা বুলি প্রকাশ পাইছে৷ বাইহাটা চাৰিআলিৰ কাজি উপাধিৰ এজন অবৈধ কাঠ ছিণ্ডিকেটৰ দালালৰ মধ্যস্থতাতে বন বিভাগে এই গাড়ীখন কোনো নথি–পত্র নথকা সত্ত্বেও এৰি দিয়া বুলি অভিযোগ উত্থাপন হৈছে৷

উল্লেখ্য যে উত্তৰ কামৰূপ সংমণ্ডলৰ ডি এফ অ’গৰাকীৰ প্রত্যক্ষ হস্তক্ষেপতে অৰুণাচল আৰু বার্মিজ কাঠৰ অবৈধ ছিণ্ডিকেট গঢ়ি উঠাৰ অভিযোগ উঠিছে৷ জানিব পৰা মতে, শনিবাৰে জব্দ কৰা গাড়ী দুখনত কাঠ অনা ব্যৱসায়ীজনে ছিণ্ডিকেট চক্রক গুণ্ডাকৰ আদায় নিদিয়াৰ বাবে বন বিভাগে ট্রাক দুখন জব্দ কৰে বুলি প্রকাশ পাইছে৷

উল্লেখ্য যে ম্যানমাৰৰ পৰা ডিমাপুৰ হৈ চোৰাংভাৱে অহা অবৈধ বার্মিজ কাঠ দৈনিক দিল্লী–উত্তৰ প্রদেশ–পঞ্জাব আদি প্রদেশলৈ সৰবৰাহ হৈ আছে৷ একেদৰে তিনিচুকীয়া হৈ অহা অৰুণাচলৰ চোৰাং কাঠো একে পথেৰে বহিঃৰাজ্যলৈ যোৱাৰ লগতে দৰং–নলবাৰী–কামৰূৰপ আদি জিলাৰ কাঠৰ দোকানসমূহত অবৈধভাৱে বিক্রী হৈ আছে৷ নলবাৰী আৰু বাইহাটা চাৰিআলিৰ এক বৃহৎ ছিণ্ডিকেট চক্রই এই কাঠৰ ছিণ্ডিকেটৰ খলনায়ক ৰূপে প্রতিখন ট্রাকৰ পৰা গুণ্ডাকৰ সংগ্রহ কৰে বুলি অভিযোগ উঠিছে৷

আনহাতে, এই সমগ্র ছিণ্ডিকেটটোৰ মুকলি পৃষ্ঠপোষকতা স্বয়ং উত্তৰ কামৰূপ বন মণ্ডলৰ ডি এফ অ’জনেই আগবঢ়োৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি প্রতিখন ট্রাকৰ পৰা ২০–২৫ হাজাৰকৈ টকা ছিণ্ডিকেট চক্রই সংগ্রহ কৰাৰ লগতে ইয়াৰ বৃহৎ অংশ ডি এফ অ’ক আদায় দি আহিছে৷

উল্লেখ্য যে প্রতিদিনে এনে অবৈধ চোৰাং কাঠ সৰবৰাহ কৰা প্রায় ২০ৰ পৰা ৩০খন গাড়ী দৈনিক সৰবৰাহ হয় এই বন সংমণ্ডলৰ অন্তর্ভাগেদি৷ বৰপেটাৰ ওৰাং পর্যন্ত উত্তৰ কামৰূপ সংমণ্ডলৰ অধীনৰ এলেকা হোৱা বাবে এই বৃহৎ অঞ্চলটোত ডি এফ অ’জনৰ অবাধ কর্তৃত্ব চলাৰ ফলতে লেকামবিহীন হৈ পৰিছে অবৈধ কাঠৰ ছিণ্ডিকেট চক্রটো৷ এই চক্রটোৱে মাহত প্রায় ১ কোটিকৈ টকা সংগ্রহ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷

আনহাতে, এই বন সংমণ্ডলটোৰ অধীনস্থ এলেকাত কিদৰে বার্মিজ আৰু অৰুণাচলৰ কাঠৰ অবৈধ ব্যৱসায় আৰু ছিণ্ডিকেট গঢ়ি উঠিছে, তাৰো বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ এনে তথ্যবোৰৰ ফলতেই স্বয়ং ডি এফ অ’জনৰ ছত্রছায়াতে ছিণ্ডিকেট চক্রটোৱে অবাধে গুণ্ডাকৰ সংগ্রহ কৰি থকা বুলি অভিযোগ উত্থাপন হৈছে৷ এই তথ্যসমূহ প্রকাশ পালে অসম চৰকাৰৰ বন বিভাগেই নহয়, জি এছ টি জালিয়াতিৰ ফলত বৃহৎ পৰিমাণৰ ৰাজহ হেৰুওৱাৰ এক নতুন অধ্যায় পোহৰলৈ আহিব৷ এনে ৰাজহ ক্ষতিৰ পৰিপ্রেক্ষিততে এতিয়া বন বিভাগৰ এই অবৈধ ছিণ্ডিকেট উৎখাতৰ দাবী উত্থাপন হৈছে৷

You might also like