নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্ৰে ভাল খবৰ লাভ কৰিব অসমে

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ শীঘ্ৰে অসমলৈ ভাল খবৰ আহিব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । নৱবৰ্ষৰ পহিলা দিনটোতে মন্ত্ৰী ড০ শর্মাই দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ সৈতে হোৱা আলোচনা অতিকৈ আশাপ্ৰদ বুলি ছ’চিয়েল মিডিয়াযোগে সদৰী কৰে মন্ত্রী ড০ শর্মাই ।

তেওঁ কয় যে অসমীয়াৰ স্বকীয় পৰিচয়ৰ লগতে জাতীয় প্রশ্ণ আৰু জাতি–জনগোষ্ঠীসমূহ আশা–আকাংক্ষা সন্দর্ভত কেন্দ্রীয় গৃহমন্ত্রীৰ সৈতে দীঘলীয়া আলোচনা অনুষ্ঠিত হয়৷ আলোচনাত কেন্দ্রীয় গৃহমন্ত্রীজনে বিষয়সমূহৰ ক্ষেত্রত স্পষ্ট দৃষ্টিভংগী ব্যক্ত কৰে বুলি মন্ত্রী ড০ শর্মাই স্পষ্ট কৰে৷ এই সমগ্র আলোচনাকে ইতিবাচক হিচাপে অভিহিত কৰি মন্ত্রীগৰাকীয়ে শীঘ্রেই অসমৰ বাবে ভাল খবৰ আহিব বুলি ব্যক্ত কৰে৷

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যজুৰি প্রতিবাদমুখৰ পৰিস্থিতি সৃষ্টি হৈ থকাৰ সময়তে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ সৈতে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এই দীঘলীয়া বৈঠক যথেষ্ট গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷

You might also like