নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন এটা আশাৰ খবৰঃ শিশু–কিশোৰৰ দেহত ক’ভাক্সিনৰ পৰীক্ষণ আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৯ মেঃ ভাৰত বায়’টেকৰ ক’ভিড ভেকচিন ক’ভাক্সিন দেশৰ ২–১৮ বছৰৰ লোকৰ দেহত অহা ১০–১২ দিনৰ ভিতৰত পৰীক্ষণ আৰম্ভ কৰিব৷ কেন্দ্রীয় চৰকাৰে মঙলবাৰে এই কথা ঘোষণা কৰিছে৷ ড্রাগ্ছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই শিশুৰ দেহত ক’ভাক্সিনৰ দ্বিতীয়–তৃতীয় পর্যায়ৰ পৰীক্ষণৰ অনুমতি দিয়াৰ পিছতহে কেন্দ্রীয় চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে৷

নিটি আয়োগৰ (স্বাস্থ্য) সদস্য ড০ ভি কে প’লে এখন সংবাদ মেলত ডি চি জি আয়ে ক’ভাক্সিন ২–১৮ বছৰৰ লোকৰ দেহত পৰীক্ষণৰ অনুমতি দিয়াৰ পিছতে কেন্দ্রীয় চৰকাৰে অহা ১০–১২ দিনৰ ভিতৰতে এই পৰীক্ষণ আৰম্ভ কৰিবলৈ অনুমোদন জনাইছে৷

উল্লেখ্য যে হায়দৰাবাদস্থিত ভাৰত বায়’টেকৰ দ্বাৰা প্রস্তুত কৰা ক’ভাক্সিন ইতিমধ্যে ১৮ৰ ঊর্ধ্বৰ লোকসকলক প্রদান কৰি থকা হৈছে৷

You might also like