আকাশমার্গেৰে গুজৰাট–ডিউৰ ক্ষতিগ্রস্ত অঞ্চল পৰিদর্শন প্রধানমন্ত্রীৰ
সাগৰীয় ঘূর্ণি টাউটিত মৃতকৰ সংখ্যা ৪৫জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা ২০ মেঃ আৰব সাগৰসৃষ্ট সাগৰীয় ঘূর্ণি টাউটিয়ে তাণ্ডৱ চলোৱা গুজৰাটত মৃতকৰ সংখ্যা ৪৫জনলৈ বৃদ্ধি পালে৷ কালি সাগৰীয় ঘূর্ণি টাউটিয়ে গুজৰাটৰ কেইবাখনো জিলাত জনহানি কৰাৰ লগতে সা–সম্পদৰ বিস্তৰ ক্ষতি কৰে৷ গুজৰাটৰ পূর্বে মহাৰাষ্ট্রত সংহাৰী ৰূপ লোৱা টাউটিয়ে ৰাজ্যখনত ১০জনতকৈও অধিক লোকৰ প্রাণকাঢ়ি লোৱাৰ লগতে বাসগৃহকে ধৰি আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হয়৷ সাগৰীয় ঘূর্ণি টাউটিৰ প্রকোপত মুম্বাই কলাবা পইণ্টত অ’ এন জি চিয়ে চলাই থকা তেল খননত জড়িত দুখন বার্জত থকা কেইবাসহস্র শ্রমিক–কর্মচাৰীৰ জীৱনলৈ শংকা নমাই আনিছিল যদিও ভাৰতীয় নৌ–বাহিনী আৰু উপকূলৰক্ষীৰ দুঃসাধ্য উদ্ধাৰ অভিযানৰ ফলত ১৮৫জন লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ প্রচণ্ড ঘূর্ণিৰ ফলত অ’ এন জি চিৰ বার্জ পি–৩০৫ ডুব যোৱাৰ লগতে আন এখন বার্জ সাগৰৰ মাজত আবদ্ধ হৈ পৰে৷
মহাৰাষ্ট্রৰ ৰাজধানী মুম্বাইৰ পৰা ১৫ সাগৰীয় মাইল দূৰত্বত অৱস্থিত তেল খননত জড়িত হৈ থকা বার্জ দুখনৰ পৰা প্রতিকূল বতৰ আৰু সাগৰীয় ঢ়ৌৰ প্রত্যাহ্বানক অতিক্রম কৰি কালি নৌবাহিনী–উপকূলৰক্ষ্ ১৮৫জনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ সাগৰৰ মাজত দুঃসাধ্য অভিযান চলাই অৱশেষত বুধবাৰে উদ্ধাৰকাৰী দলে বার্জৰ পৰা সন্ধানহীন হোৱা ২৬জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ তথ্য মতে বার্জ পি–৩০৫ৰ ৪৯জন কর্মচাৰী এতিয়াও সন্ধানহীন হৈ আছে৷ নৌবাহিনীৰ সূত্রত প্রকাশ পোৱা মতে, প্রতিকূল বতৰক প্রত্যাহ্বান জনাই উদ্ধাৰকাৰী দলে বার্জ পি–৩০৫ৰ ২৭৩জন কর্মচাৰীৰ ভিতৰত ১৮৬জনক উদ্ধাৰ কৰে যদিও বাকীকেইজন এতিয়াও সন্ধানহীন হৈ আছে৷ উদ্ধাৰকাৰী দলে এই অভিযানত আইএনএছ টেগ, আইএনএছ বেটৱা, আইএনএছ বিজ, পি–৮ বিমান, চিকিং হেলিকপ্ঢাৰ ব্যৱহাৰ কৰি আছে৷
মন কৰিবলগীয়া যে গুজৰাটত মৃতকৰ সংখ্যা ৪৫জনলৈ বৃদ্ধি পোৱাৰ লগতে ৰাজ্যখনৰ কেইবাখনো জিলাত বিস্তৰ ক্ষতি হোৱাৰ পিছত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আকাশমার্গেৰে গুজৰাটৰ ক্ষতিগ্রস্ত অঞ্চল পৰিদর্শন কৰাৰ লগতে ডিউৰ ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদর্শন কৰে৷ আজি পুৱা প্রধানমন্ত্রী মোদীয়ে বিমানযোগে ভাবনগৰত উপস্থিত হোৱাৰ পিছত ৰাজ্যখনৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রীৰে বার্তালাপৰ অন্তত বায়ুসেনাৰ বিমানেৰে গুজৰাটৰ ক্ষতিগ্রস্ত অঞ্চল আৰু ডিউৰ ক্ষতিগ্রস্ত অঞ্চল পৰিদর্শন কৰে৷ ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদর্শনৰ অন্তত প্রধানমন্ত্রী মোদীয়ে গুজৰাটলৈ এহেজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰে৷ তাৎপর্যপূর্ণ যে গুজৰাটৰ ক্ষতিগ্রস্ত অঞ্চল পৰিদর্শন কৰা প্রধানমন্ত্রী মোদীক মহাৰাষ্ট্রৰ শাসকীয় দল শিৱসেনাই কঠোৰ ভাষাৰে সমালোচনা কৰে৷ সাগৰীয় ঘূর্ণি টাউটিয়ে গুজৰাটৰ সংহাৰী ৰূপ লোৱাৰ পূর্বে মহাৰাষ্ট্রতো তাণ্ডৱ চলাইছে৷ এনেক্ষেত্রত প্রধানমন্ত্রীয়ে অকল কিয় গুজৰাটৰ ক্ষতিগ্রস্ত অঞ্চল পৰিদর্শন কৰিলে তাক লৈ সমালোচনা কৰে শিৱসেনাই৷