আফগানিস্তানক আনুষ্ঠানিক স্বীকৃতি প্রদান কৰা প্রথম দেশ ৰাছিয়া
🔹 ঐতিহাসিক কূটনৈতিক সিদ্ধান্ত মস্কোৰ
নিউজ ডেস্ক, ৫ জুলাই : ঐতিহাসিক কূটনৈতিক পদক্ষেপ গ্রহণ কৰি ৰাছিয়াই আনুষ্ঠানিক স্বীকৃতি দিলে তালিবানশাসিত আফগানিস্তানক৷ দেশখনক স্বীকৃতি দিয়া বিশ্বৰ প্রথম ৰাষ্ট্র হ’ল ৰাছিয়া৷ ২০২১ চনৰ পৰা তালিবানশাসিত আফগানিস্তানে আন্তর্জাতিক মঞ্চত অকলশৰীয়া হৈ থকা পৰিৱেশৰ পৰাও মুক্ত হ’ল দেশখন৷ ৰাছিয়াৰ বৈদেশিক নীতিৰ গুৰুত্বপূর্ণ সালসলনিৰে আন্তর্জাতিক মঞ্চত তালিবানশাসিত আফগানিস্তানক সংযুক্ত হোৱাৰ পথ মুকলি কৰি দিয়ে ৰাছিয়াই৷ ৰাছিয়াৰ বৈদেশিক মন্ত্রালয়ে দেশখনৰ মস্কোত আফগানিস্তানৰ ৰাষ্ট্রদূত হিচাপে নতুনকৈ নিযুক্ত গুল হাছান হাছানক স্বীকৃতি প্রদান কৰি আফগানিস্তানকো আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে৷ ৰাছিয়া বৈদেশিক মন্ত্রালয়ে বিবৃতিযোগে এই কথাও উল্লেখ কৰে যে এই পদক্ষেপে দুয়োখন দেশৰ দ্বিপাক্ষিক সহযোগিতাৰ দ্বাৰ মুকলি কৰিলে৷
ইপিনে, ৰাছিয়াই তালিবানশাসিত আফগানিস্তানক আনুষ্ঠানিক স্বীকৃতি প্রদান কৰা কার্যক ঐতিহাসিক পদক্ষেপ আখ্যা দিছে তালিবানৰ বৈদেশিক মন্ত্রালয়ে৷ বৈদেশিক মন্ত্রী আমিৰ খান মিতাকীয়ে কয় যে ৰাছিয়াৰ সিদ্ধান্ত আন দেশবোৰৰ কাৰণে এটা ভাল উদাহৰণ৷ আন্তর্জাতিক পর্যায়ত আনুষ্ঠানিক স্বীকৃতিৰ বাবে তালিবান নেতৃত্বই বহু চেষ্টা চলাই আহিছে যদিও মানৱ অধিকাৰৰ বিষয়টোক লৈ দেশখন বাধাৰ সন্মুখীন হৈ আহিছিল৷ বিশেষকৈ মহিলা আৰু কন্যাৰ ক্ষেত্রত তালিবান চৰকাৰৰ দমনমূলক নীতিৰ বাবেই আন্তর্জাতিক মঞ্চত দেশখন স্বীকৃতিৰ পৰা বঞ্চিত হৈ আছিল৷ ৰাছিয়াই আনুষ্ঠানিক স্বীকৃতি দি তালিবানশাসিত আফগানিস্তানক নতুন গতি দিলে বুলিও কয় মন্ত্রীগৰাকীয়ে৷