নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৱা ২৪ ঘণ্টাত ২০.৫৫ লাখতকৈ অধিক লোকৰ ক’ভিড পৰীক্ষণ

নিয়মীয়া বাৰ্তা, ২১ মে: ক’ভিড–১৯ দ্বিতীয় জোৱাৰসৃষ্ট বিপজ্জনক পৰিস্থিতি লাহে লাহে সুস্থিৰ হ’বলৈ আৰম্ভ কৰিছে৷ বিগত তিনি দিন ধৰি এদিনত আক্রান্তৰ সংখ্যা ৩ লাখৰ তললৈ নিম্নগামী হৈয়ে আছে৷ অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পালেও যোৱা ২৪ ঘণ্টাত তিনি দিনৰ অন্তত মৃতকৰ সংখ্যা ৪ হাজাৰৰ তললৈ অৱনমিত হৈছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি আক্রান্ত হৈছে ২,৭৬,০৭০জন৷ ইয়াকে লৈ দেশত আক্রান্তৰ সংখ্যা ২,৫৭,৭২,৪৪০লৈ বৃদ্ধি পাইছে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৩,৮৭৪জনৰ৷ ইয়াকে লৈ দেশত মৃতকৰ সংখ্যা ২,৮৭,১২২লৈ বৃদ্ধি পাইছে৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ নিয়মীয়া বিবৃতিত যোৱা ২৪ ঘণ্টাৰ এই সংখ্যাই দেশত সামান্য পৰিমাণে ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ সংখ্যা হ্রাস পোৱাটো প্রতিফলিত হৈছে৷ মন্ত্রালয়ৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৩,৬৯,০৭৭জন৷

তাৎপর্যপূর্ণ যে বিগত তিনি দিন ধৰি আক্রান্তৰ সংখ্যাতকৈ সুস্থ হৈ লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ এতিয়ালৈকে দেশজুৰি ২.২৩ কোটিৰো অধিক লোক সুস্থ হৈ উঠিছে৷ আনপিনে, মঙলবাৰে ২০ লাখতকৈ অধিক লোকক এদিনতে ক’ভিড পৰীক্ষণ কৰি বিশ্বাভিলেখ গঢ়াৰ পিছত যোৱা ২৪ ঘণ্টাত আন এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷

যোৱা ২৪ ঘণ্টাত দেশজুৰি ২০.৫০ লাখতকৈ অধিক লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে৷ যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্রত সর্বাধিক লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে৷ এই পৰীক্ষাত ৩৪ সহস্রাধিক লোক পজিটিভ হৈছে৷ ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৫৯৪জনৰ৷ ইয়াৰে ভিতৰত ৯০জন লোকে মিউক’ৰমাইছিছত প্রাণ হেৰুৱাইছে৷

উল্লেখ্য যে যোৱা ৫ এপ্রিলৰ পিছত মহাৰাষ্ট্রত মৃতকৰ সংখ্যা এদিনত ৫৯৪লৈ অৱনমিত হৈছে৷ আক্রান্তৰ তালিকাত মহাৰাষ্ট্রৰ পিছত কর্ণাটক, কেৰালা, তামিলনাডু আৰু উত্তৰ প্রদেশ আছে৷ ইপিনে, কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে প্রকাশ কৰা মতে চলিত বর্ষৰ শেহৰ ফালে ভাৰতে ২৬৭ কোটি ক’ভিড ভেকচিনৰ ড’জ লাভ কৰিব৷ এই ভেকচিনেৰে দেশৰ সকলো প্রাপ্তবয়স্ক লোকৰ টিকাকৰণ কৰিব পৰা যাব৷

লক্ষণীয় যে যোৱা নৱেম্বৰ মাহৰ পৰা ৩ কৃষি আইন প্রত্যাহাৰৰ দাবীত নতুন দিল্লীৰ সিংঘু সীমান্তত প্রতিবাদ অব্যাহত ৰখা দুজন কৃষকৰ মৃত্যু ঘটিছে৷ ইয়াৰে এজন কৃষক ক’ভিড–১৯ত মৃত্যু ঘটিছে৷

You might also like