নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০০ বিছনাযুক্ত নতুন ক’ভিড চিকিৎসালয় নির্মাণকার্য পৰিদর্শন স্বাস্থ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২১ মে: ক’ৰোনা প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰখনে গ্রহণ কৰি অহা পদক্ষেপৰ অংশস্বৰূপে বৃহস্পতিবাৰৰে পৰা সৰুসজাই ষ্টেডিয়ামত নির্মাণ আৰম্ভ হ’ল আন এক ক’ভিড চিকিৎসালয়৷ ৩০০ বিছনাৰ এই চিকিৎসালয়খনত থাকিব ২০০ আইচিইউ বিছনা আৰু ১০০খন অক্সিজেনৰ ব্যৱস্থা থকা বিছনা৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিপূর্বে ঘোষণা কৰা অনুসৰিয়েই কেন্দ্রীয় চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ প্রতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডিআৰডিঅ’)ই এই চিকিৎসালয়খন নির্মাণৰ কাম আৰম্ভ কৰিছে৷ সৰুসজাইত আৰম্ভ হোৱা এই নির্মাণৰ অগ্রগতিৰ বুজ ল’বলৈ আজি উপস্থিত হয় স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত৷

উল্লেখ্য যে অত্যাধুনিক কাৰিকৰী প্রযুক্তিৰে নির্মাণ হ’ব লগা চিকিৎসালয়খনৰ কাম অতি সোনকালে সম্পূর্ণ কৰা হ’ব বুলি ইতিমধ্যে ডিআৰডি’ই ৰাজ্য চৰকাৰক অৱগত কৰিছে৷ বৃহস্পতিবাৰে নির্মাণকার্য পৰিদর্শন কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি, চিকিৎসালয়খনৰ বাবে পানী যোগান আৰু বিজুলী যোগানৰ দায়িত্বত থকা এপিডিচিএল আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে ইতিমধ্যে কাম আৰম্ভ কৰিছে৷

স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই বৃহস্পতিবাৰে এন এইচ এমৰ ৰাজ্যিক মিছন সঞ্চালক ডাঃ লক্ষ্মণন আৰু ডিআৰডিঅ’ৰ কার্যবাহী বিষয়াই অহা ৫ জুনৰ ভিতৰত চিকিৎসালয়খনৰ নির্মাণ সম্পূর্ণ কৰি তুলিবলৈ সময়সীমা বান্ধি দিয়ে৷ স্বাস্থ্যমন্ত্রী মহন্তই বৃহস্পতিবাৰে অৱগত কৰে যে ৩০০খন আইচিইউ তথা অক্সিজেন বিছনাৰ এই ক’ভিড চিকিৎসালয়খনৰ বাবে প্রয়োজন হোৱা তৰল মেডিকেল ব্যৱহাৰযোগ্য অক্সিজেন মজুত কৰি ৰাখিব পৰাকৈ ২০ লিটাৰ বহন ক্ষমতাসম্পন্ন এল এম অ’ টেংক এটা অহা ২৯ মে’ৰ ভিতৰত নির্মাণ কৰি উলিওৱা হ’ব৷ টেংকটোৰ নির্মাণৰ দায়িত্বত থকা ডিআৰডি’ই ইতিমধ্যে এই কথা স্পষ্ট কৰিছে৷

You might also like