নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন চৰকাৰৰ আৰক্ষী অধীক্ষক বদলিকৰণে হাহাকাৰ মাতিছে অপৰাধ জগতলৈ

নিয়মীয়া বাৰ্তা, ২১ মে: যোগদানৰ মাত্র ৬ ঘণ্টাৰ পিছতে অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰি বৃহস্পতিবাৰে ৪টা নৰাধমক জে’ল–হাজোতলৈ প্রেৰণৰ লগতে ড্রাগ্ছ, ভাং, অবৈধ অস্ত্র, মোবাইল, অলংকাৰ আদি জব্দ কৰাত সক্ষম হৈছে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মা৷

শর্মাৰ নেতৃত্বত দৰং আৰক্ষীয়ে এজাহাৰ দাখিলৰ ১২ ঘণ্টা নৌহওঁতেই এনেদৰে অপৰাধীক কৰায়ত্ত কৰি স্পষ্ট কৰি দিছে আগন্তুক দিনত অপৰাধী দৰঙৰ পৰা পলাই দুষ্কার্য এৰিব লাগিব নহ’লে কাৰাগাৰৰ কুঠৰীত পাৰ কৰিব লাগিব সময়৷ লক্ষণীয় যে কালি যোগদান কৰিয়েই তেওঁ ফুট গধূলি ড্রাগ্ছ বেপাৰীৰ বিৰুদ্ধে অভিযানত ওলাই যায়৷

সেই অনুসৰি, পূব মঙলদৈৰ ওন্দোলাঝাৰৰ পৰা কৰায়ত্ত কৰে এটা ড্রাগ্ছ বেপাৰী৷ চামাদ আলী নামৰ ৩২ বছৰীয়া এই পাষণ্ডটোৱে পূব মঙলদৈৰ পৰাই মঙলদৈ চহৰকে ধৰি ভিন্ন স্থানত ড্রাগ্ছ আৰু গাঞ্জা যোগান ধৰি আহিছিল৷ নিশা সাতোটা ড্রাগ্ছৰ টিউবসহ প্রায় ডেৰকিলো গাঞ্জা জব্দ কৰে৷ এই অভিযানৰ পিছত দ্বিতীয়টো বৃহৎ সফলতা হিচাপে নিশা অস্ত্রসহ ৩টা ডকাইত কৰায়ত্ত কৰিছে আৰক্ষীয়ে৷ এজাহাৰ দাখিল কৰাৰ ১২ ঘণ্টাৰ ভিতৰতে গ্রেপ্তাৰ কৰিলে তিনিওকে, লগতে জব্দ কৰে হস্তনির্মিত দুটা পিষ্টল আৰু পাঁচটাকৈ গুলীৰ লগতে ডকাইতি কৰি লোৱা সকলোখিনি আ–লংকাৰ৷

মন কৰিবলগীয়া যে ১৮ মে’ত মুক্তাৰ আলী নামৰ কাপোৰ দোকানীৰ ঘৰত ডকাইতি কৰি লুটিছিল প্রায় লক্ষাধিক টকাৰ আ–লংকাৰ৷ দলগাঁৱৰ ৪ নং শ্যামপুৰ চৰৰ মুক্তাৰ আলী নামৰ কাপোৰ দোকানীৰ ঘৰত ৭জনীয়া ডকাইতৰ দলে ৬৫ হাজাৰ টকা, দুটা মোবাইল ফোনৰ লগতে ৭০ হাজাৰ টকাৰ সোণ–ৰূপৰ গহনা লুট কৰে৷ ঘটনা সংক্রান্ত সিদিনাই শ্যামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে৷ উক্ত গোচৰৰ ভিত্তিত যোৱানিশা দৰং জিলাৰ সদ্য যোগদান কৰা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাৰ তত্ত্বাৱধানত দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱা আৰু শ্যামপুৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া পৰাগ হাজৰিকাই গাঁওৰক্ষী বাহিনীৰ সহযোগত ক্ষিপ্রতাৰে তদন্ত কৰি অতি কৌশলেৰে তিনিও ডকাইতক আটক কৰিবলৈ সক্ষম হয়৷

উক্ত ডকাইতি কার্যত সাতজনীয়া দল জড়িত আছিল বুলি স্বীকাৰ কৰে ধৃত বক্কৰ আলী, হামিদ আলী আৰু মতিউৰ ৰহমানে৷ দৰং আৰক্ষীয়ে বাকী থকা চাৰিটা অভিযুক্তক অতি সোনকালে কৰায়ত্ত কৰিব বুলি সাংবাদিকক জানিব দিয়ে৷ সম্প্রতি তিনি অভিযুক্তক শ্যামপুৰ থানাত অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে৷

মৰিকলঙত দুই ড্রাগ্ছ সৰবৰাহকাৰী গ্রেপ্তাৰ

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নির্দেশমর্মে নগাঁৱৰ আৰক্ষীয়ে ড্রগ্ছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে৷ কালি নগাঁও সদৰ থানাৰ অধীনস্থ মৰিকলং আৰক্ষী চকীৰ অন্তর্গত কছলোখোৱা লোকনাথ বাবা মন্দিৰৰ সমীপৰ এটা বাসগৃহৰ পৰা বুজন পৰিমাণৰ ড্রগ্ছসহ দুজন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ড্রাগ্ছ সৰবৰহাকাৰী হৈছে কছলোখোৱাৰ পাপু নাথ আৰু অজিত কুমাৰ দাস৷

নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ–আৰক্ষী অধীক্ষক কল্যাণ দাসৰ নেতৃত্বত আৰু মৰিকলং আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া আঞ্জুশ্রী কলিতাৰ সহযোগত যোৱা আৰক্ষীৰ দলে কছলোখোৱা অঞ্চলৰ পৰা এই ড্রাগ্ছ সৰবৰাহকাৰী দুজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ যে এই দুজন ড্রাগ্ছ সৰবৰাহকাৰীয়ে কছলোখোৱা অঞ্চলত ড্রগ্ছৰ ঘাটি পাতি নগাঁও চহৰৰ বিভিন্ন স্থানৰ লগতে জিলাখনৰ আন অঞ্চললৈ ড্রাগ্ছ সৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল৷

You might also like