দৰঙৰ প্রথম মহিলা উপায়ুক্ত প্রভাতী থাউচেন
নিয়মীয়া বাৰ্তা, ২১ মে: অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক, অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত এলেকা উন্নয়ন বিভাগৰ সচিব তথা ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া প্রভাতী থাউচেনে দৰং জিলাৰ ২৮ সংখ্যক তথা প্রথমগৰাকী মহিলা উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্রহণ কৰে৷ পদোন্নতি সূত্রে বিত্ত বিভাগৰ সচিব ৰূপে বদলি হোৱা ভাৰতীয় প্রশাসনীয় সেৱাৰ বিষয়া দিলীপ কুমাৰ বৰাই প্রভাতী থাউচেনক দায়িত্বভাৰ হস্তান্তৰ কৰে৷
দায়িত্বভাৰ গ্রহণ কৰিয়েই নৱনিযুক্ত উপায়ুক্ত প্রভাতী থাউচেনে মত ব্যক্ত কৰি সাম্প্রতিক সময়ত ক’ভিড–১৯ৰ দ্বিতীয় লহৰে সৃষ্টি কৰা সংকটময় পৰিস্থিতি নিয়ন্ত্রণ কৰাটোৱেই তেওঁৰ প্রথম কর্তব্য আৰু দায়িত্ব হ’ব বুলি কয়৷ তদুপৰি সমগ্র জিলা প্রশাসনক ৰাইজৰ প্রশাসন হিচাপে গঢ়ি তোলাটোও তেওঁৰ অন্যতম কর্মসূচী হ’ব বুলি প্রকাশ কৰে৷ উপায়ুক্তৰ কার্যালয়ৰ সকলো বিষয়া আৰু কর্মচাৰীয়ে এক অনাড়ম্বৰ অনুষ্ঠানত বিদায়ী উপায়ুক্ত দিলীপ কুমাৰ বৰালৈ সশ্রদ্ধ বিদায় সম্ভাষণ জনোৱাৰ লগতে নৱনিযুক্ত উপায়ুক্ত প্রভাতী থাউচেনলৈ স্বাগতম জনায়৷
উল্লেখ্য যে বিত্ত বিভাগত বিশেষ সুনাম অর্জন কৰা দিলীপ কুমাৰ বৰাই দৰঙৰ উপায়ুক্ত হিচাপে মাথোঁ এটি বছৰৰ কার্যকালৰ ভিতৰতে জিলা প্রশাসনক ৰাইজৰ ওচৰলৈ নিয়াত সফল হৈছিল আৰু ক’ভিড–১৯ৰ প্রথমটি লহৰৰ সংকটময় সময়ছোৱা নিয়ন্ত্রণ কৰাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷ সদ্যসমাপ্ত বিধানসভা নির্বাচন সুকলমে পৰিচালনা কৰাতো তেওঁ দক্ষতা প্রদর্শন কৰিছিল৷