দুৰ্ঘটনা পতিত ভাৰতীয় বায়ুসেনাৰ মিগ-২১ যুদ্ধবিমান
নিয়মীয়া বাৰ্তা ২১ মেঃ পঞ্জাৱৰ মোগাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক মৰ্মান্তিক ঘটনা । নিয়মীয়া অনুশীলন চলাৰ সময়ত পঞ্জাৱৰ মোগাত দুৰ্ঘটনাগ্ৰস্থ হয় ভাৰতীয় বায়ুসেনাৰ এখন মিগ-২১ যুদ্ধবিমান। এই দুৰ্ঘটনাটোত পাইলট স্কোৱাড্ৰন লিডাৰ অভিনৱ চৌধুৰীৰ মৃত্যু হৈছে।
There was an aircraft accident last night involving a Bison aircraft of IAF in the western sector. The pilot, Sqn Ldr Abhinav Choudhary, sustained fatal injuries. IAF condoles the tragic loss and stands firmly with the bereaved family.
— Indian Air Force (@IAF_MCC) May 21, 2021
বায়ু সেনা কতৃপক্ষই টুইটযোগে জনোৱা মতে পশ্চিমখণ্ডত নিশা বাইচন বিমানৰ দুৰ্ঘটনা হৈছিল । য’ত বৈমানিক স্কুৱেন এলডিআৰ অভিনৱ চৌধুৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰে ।
এই ঘটনাকলৈ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদন জ্ঞাপন কৰে বায়ু সেনা কতৃপক্ষই । লগতে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ আদালতৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।