কথা শিল্পী হোমেন বৰগোহাঞিৰ প্ৰতি শ্ৰদ্ধাৰ নিদৰ্শন
দহ দিন নীতি নিয়মৰ অন্তত পাতিদৰঙৰ বুলেন ডেকাই কৰিলে মুণ্ডণ
নিয়মীয়া বাৰ্তা ২১ মেঃ বৰেণ্য কথা শিল্পী হোমেন বৰগোহাঞিৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিৰ অনন্য নিদৰ্শন ডাঙি ধৰিছে দৰঙৰ দেওমৰনৈ অঞ্ছলৰ পাতিদৰঙৰ এগৰাকী যূৱকে।পেশাত এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী হলেও পাতিদৰঙৰ উচ্চ শিক্ষিত যুৱক বুলেন ডেকাই সপ্তম শ্ৰেণীৰ পৰাই নিজৰ পিতৃ জ্ঞান কৰি অহা হোমেন বৰগোহাঞিৰ মৃত্যুৰ দহদিনৰ দিনা হিন্দু ধৰ্মৰ নীতি নিয়ম অনুসৰি বৈদিক প্ৰথা মতে সম্পন্ন কৰে মুণ্ডণ কাৰ্য।
উল্লেখযোগ্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,বিশিষ্ট সাহিত্যিক তথা “নিয়মীয়া বাৰ্তা”ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিৰ একান্ত অনুৰাগী এই গৰাকী যূৱক।সপ্তম শ্ৰেণীত অধ্যয়ন কৰি থাকোতেই বৰগোহাঞিৰ লেখাই মনত বিশেষ ভাবে সাচ বহুৱাৰ পিছত ইখনৰ পিছত সিখনকৈ অধ্যয়ন কৰিছিল বৰগোহাঞিৰ কেইবাখনো গ্ৰন্থ।আনকি জীৱন সঞ্জীৱনী সদৃশ লেখা সমুহ পাঠ কৰিয়েই মনৰ নিভৃত কোণত পিতৃৰ স্হান দিছিল নিজৰ প্ৰিয় সাহিত্যিক গৰাকীক। আনকি কোনো দিনে লগ পোৱাৰ সৌভাগ্য নহলেও বৰগোহাঞিৰ লগত সম্পৰ্কিত হৈ আহিছিল কথা শিল্পী গৰাকীৰ সম্পাদনাত প্ৰকাশ পোৱা “নিয়মীয়া বাৰ্তা’ৰ লগত।হোমেন বৰগোহাঞিৰ নিৰ্দিষ্ট কলমৰ উপৰিও “মোৰ টোকা বহীৰ পৰা” শীৰ্ষক শিতানটি বাদ পৰিব নিদিয়াকৈ পঢ়িছিল। সেয়ে কথা শিল্পী গৰাকীৰ মৃত্যুত অতিকৈ মৰ্মাহত আৰু শোকত ভাগি পৰিছিল বুলেন ডেকা ।
হোমেন বৰগোহাঞিৰ মৃত্যু ৰ দিনৰ পৰাই আজিলৈকে নিজৰ পিতৃ বিয়োগ হলে পালন কৰা নিয়ম পালন কৰি অহাৰ পিছত আজি নিজ গৃহতে দহ দিনৰ মাঙ্গলিক অনুষ্ঠান ৰূপায়ন কৰাৰ লগতে মুণ্ডনো ৰূপায়ন কৰে।আনহাতে ত্ৰয়োদশ দিনৰ দিনা সামাজিক নীতি নিয়মেৰ অনুষ্ঠানো ৰূপায়ণ কৰিব।অৱশ্যে বৃহৎ পৰিসৰত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণৰ মন আছিল যদিও চৰকাৰৰ নীতি নিয়ম অনুসৰি এতিয়া কেৱল ধৰ্মীয় নীতি নিয়মতে সম্পন্ন কৰিছে অনুষ্ঠান ভাগিৰ।
অৱশ্যে ইয়াৰ মাজতে বুলেন ডেকাৰ ঘৰত উপস্থিত হৈ কথা শিল্পী হোমেন বৰগোহাঞিলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া ,স্হানীয় সাংবাদিক-সংগঠক দিব্যজ্যোতি শৰ্মা প্ৰমুখ্যে কেইবাডৰাকীয়েও।উল্লেখযোগ্য পাতি দৰঙ সুৰভি মইনা পাৰিজাতৰ লগত বিশেষ ভাবে জড়িত বুলেন ডেকাই মইনা পাৰিজাতৰ শিশু সকলক লৈ এদিন প্ৰিয় সাহিত্যিক গৰাকীক লগ ধৰাৰ পৰিকল্পনা কৰিছিল।কিন্তু সেই হেপাহ ৰৈ গল বুকুত।যাৰ বাবে যথেষ্ট আবেগিকো হৈ পৰিছে যূৱকগৰাকী।আনকি ২০০৯বৰ্ষত নিজৰ পিতৃক হেৰুওৱাৰ পিছতো বৰগোহাঞিক পিতৃ জ্ঞান কৰি থকাৰ বাবে পিতৃহীনা যেন অনুভৱ কৰা নাছিল,কিন্তু বৰগোহাঞিৰ মৃত্যুৰ পিছতহে নিজকে পিতৃহীন বুলি অনুভৱ কৰিছে বুলেন ডেকাই।মইনা পাৰিজাতৰ শিশু সকলেও তৈলচিত্ৰতে নিজৰ প্ৰিয় ব্যক্তি গৰাকীক শ্ৰদ্ধা ঞ্জলি জ্ঞাপন কৰিয়েই এতিয়া যেন সান্তনা লৈছ।