নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্রট’কলেৰে আৰম্ভ হ’ল বিধানসভাৰ পঞ্চদশ অধিৱেশন

মুখ্যমন্ত্রী ড০ শর্মাই প্রথমে শপত লোৱাৰ বিপৰীতে অন্তিমত ল’লে তৰংগ গগৈয়ে

নিয়মীয়া বাৰ্তা, ২২ মেঃ নৱনির্বাচিত ১২৪গৰাকী বিধায়কৰ শপতগ্রহণেৰে আৰম্ভ হ’ল পঞ্চদশ অসম বিধানসভাৰ অধিৱেশন৷ শুকুৰবাৰে প্রথম দিনটোতে প্র’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে আটাইকেইজন বিধায়কক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রথমেই শপত লোৱাৰ পাছত প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, প্রাক্তন অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামী আৰু মন্ত্রী তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে শপতগ্রহণ কৰে৷ পঞ্চদশ বিধানসভাত এইবাৰ ৪৪গৰাকী নতুন বিধায়কে শপত লয়৷ 

শুকুৰবাৰে বিধানসভাৰ শপতগ্রহণ অনুষ্ঠানত কেইবাগৰাকীও বিধায়কক দেখা পোৱা গ’ল পৰম্পৰাগত পোছাকত৷ বিহপুৰীয়াৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই সম্পূর্ণ পৰম্পৰাগত সাজত বিধানসভাত উপস্থিত হৈ সংস্কৃতত শপতগ্রহণ কৰে৷ একেদৰে সুৰেন ফুকনকো দেখা গ’ল পৰম্পৰাগত সাজত৷ নেপালী সম্প্রদায়ৰ বিধায়ক ৰূপে অহা গণেশ লিম্বুৱে পৰিধান কৰি আহিলে নেপালী পোছাক৷

শুকুৰবাৰে বিধানসভাত ১৪গৰাকী বিধায়কে বাংলা ভাষাত শপত লোৱাৰ বিপৰীতে ৮গৰাকীয়ে বড়ো ভাষাত, ৯গৰাকীয়ে সংস্কৃত ভাষাত, ৬গৰাকীয়ে ইংৰাজী ভাষাত, এগৰাকীয়ে নেপালী ভাষাত আৰু হিন্দী ভাষাত এগৰাকীয়ে শপত লয়৷

লক্ষণীয়ভাৱে সোণাই সমষ্টিৰ পৰা জয়লাভ কৰা এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই সংস্কৃতত শপত বাক্য পাঠ কৰে৷ একেদৰে মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বিধায়ক মানৱ ডেকা, ৰামকৃষ্ণ ঘোষ, জিতুমণি গোস্বামী, বিদ্যাছিং ইংলেং, সুমন হৰিপ্রিয়ায়ো সংস্কৃত ভাষাত  শপত লয়৷

আনহাতে দৰছিং ৰংহাং, গোবিন্দ বসুমতাৰী, লেহুৰাম বড়ো, মজিবুৰ ৰহমান, নন্দিতা গার্লোছা আৰু ৰূপছিং টেৰণে ইংৰাজী ভাষাত শপতগ্রহণ কৰে৷

লক্ষণীয়ভাৱে হিন্দী ভাষাত শপতগ্রহণ কৰে লক্ষীপুৰ সমষ্টিৰ বিজেপি বিধায়ক কৌশিক ৰয়ে৷ শপতগ্রহণ অনুষ্ঠানত অন্তিমজন বিধায়ক ৰূপে  শপত লয় নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে৷ পঞ্চদশ বিধানসভাত কনিষ্ঠতম বিধায়ক ৰূপে চেঙা সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আশ্রাফুল হুছেইনে শপতগ্রহণ কৰে৷

ইফালে দিনৰ প্রায় ১১.২০ বজাত অসম বিধানসভাত প্রৱেশ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ শপতগ্রহণৰ পাছতে অখিল গগৈয়ে বিধায়কসকলৰ আসনৰ ওচৰলৈ গৈ চা–চিনাকি হোৱাৰ লগতে বার্তালাপো কৰে৷ উল্লেখ্য যে কালিৰ অধিৱেশনত শপতগ্রহণৰ বাবে উপস্থিত নাথাকিল এ আই ইউ ডি এফৰ বিধায়ক চিৰাজুদ্দিন আজমল আৰু কংগ্রেছ বিধায়ক তথা প্রাক্তন মন্ত্রী বসন্ত দাস৷

You might also like