আৰক্ষী–দণ্ডাধীশৰ দুর্ব্যৱহাৰৰ অভিযোগ মুখ্যমন্ত্রীক দিলে অখিলে
নিয়মীয়া বাৰ্তা, ২২ মেঃ এন আই এৰ গোচৰত কাৰাবন্দী অৱস্থাতে শিৱসাগৰ সমষ্টিৰ পৰা সদ্যসমাপ্ত নির্বাচনত জয়লাভ কৰা অখিল গগৈয়ে শুকুৰবাৰে বিধানসভাত বিধায়ক ৰূপে শপতগ্রহণ কৰে৷
কালি পুৱাৰ ভাগত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে এখন চিটীবাছত লৈ অহা অখিল গগৈক এটা নির্দিষ্ট কোঠাত বহুৱাই ৰখাৰ পাছত দিনৰ প্রায় ১১.২০ বজাত শপতগ্রহণ কৰাৰ বাবে সদনৰ মজিয়ালৈ অনা হয়৷
উল্লেখ্য যে শুকুৰবাৰে পুৱাৰ ভাগত ৰাইজৰ দলৰ সভাপতিজনক বিধানসভালৈ অনাৰ সময়ত আৰক্ষী আৰু দণ্ডাধীশে তেওঁক দুর্ব্যৱহাৰ কৰাৰ অভিযোগ তোলে৷ বিধানসভা প্রাংগণত উপস্থিত হৈয়ে চিঞৰি চিঞৰি বিধায়ক গগৈয়ে অভিযোগ কৰে যে এখন ভগা চিটীবাছত আৰক্ষীয়ে তেওঁক লৈ অহাৰ লগতে টানি, ঠেলি–হেঁচি দুর্ব্যৱহাৰ কৰিছে৷ এগৰাকী বিধায়ক হিচাপে তেওঁৰ প্রতি কোনো ধৰণৰ উপযুক্ত আচৰণ দেখুওৱা নাই আৰক্ষীয়ে৷ কিন্তু তেওঁৰ কণ্ঠ এনেদৰে ৰুদ্ধ কৰিব নোৱাৰে৷ ইয়াৰ পাছতেই সদনত উপস্থিত হোৱা অখিল গগৈয়ে শপতগ্রহণৰ পাছত কালিৰ দিনটোৰ সকলো কার্যসূচীতে তেওঁ অংশগ্রহণ কৰে৷ ইয়াৰ পূর্বে বিধায়কজনে বিধানসভাৰ নৱনির্বাচিত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক অধিৱেশনৰ পৰৱর্তী দুদিনত উপস্থিত থকাৰ বাবে অনুমতি দিবলৈ অনুৰোধ কৰে৷
অখিল গগৈয়ে অধ্যক্ষক উদ্দেশ্যি কয়– আজিৰ দিনটোৰ বাবে বিধানসভাত উপস্থিত থকাৰ কাৰণে আদালতে মোক অনুমতি প্রদান কৰিছে৷ যিহেতু বিধানসভাৰ সময়সূচী মই আগতীয়াকৈ লাভ নকৰিলোঁ, গতিকে পৰৱর্তী দুদিনৰ বাবে আদালতৰ পৰা মই অনুমতি লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ অধ্যক্ষ হিচাপে আপুনি যদি আদালতলৈ মই বিধানসভাত উপস্থিত থকাৰ বাবে অনুমতি প্রদান কৰি পত্র প্রেৰণ কৰে, তেন্তে মই আনন্দিত হ’ম৷ অখিল গগৈৰ এনে আবেদন সন্দর্ভত অধ্যক্ষ দৈমাৰীয়ে কয় যে বিষয়টো সন্দর্ভত তেওঁ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰাৰ লগতে আইনগত দিশসমূহ পর্যালোচনা কৰি অনুমতিৰ ক্ষেত্রত সিদ্ধান্ত ল’ব৷ অৱশ্যে পৰৱর্তী সময়ত বিধানসভাৰ অধ্যক্ষই অখিল গগৈক পৰৱর্তী দুদিনত উপস্থিত থকাৰ বাবে জনোৱা আবেদন গ্রাহ্য নকৰিলে৷
ইফালে শুকুৰবাৰে বিধায়ক গগৈয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি তেওঁৰ প্রতি আৰক্ষীয়ে কৰা দুর্ব্যৱহাৰৰ অভিযোগ তোলে৷ মুখ্যমন্ত্রীয়ে বিষয়টো পৰীক্ষা কৰাৰ আশ্বাস প্রদান কৰি ইয়াৰ বাবে সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকাক সকলো দিশ চাবলৈ নির্দেশ দিয়ে৷ অৱশ্যে বিধানসভাৰ পৰা অখিল গগৈক চিটীবাছৰ সলনি আৰক্ষীয়ে এখন স্ক’ৰপিঅ’ গাড়ীত তেওঁক লৈ যায়৷ ইয়াৰ পূর্বে অখিল গগৈয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে বিধায়ক হিচাপে তেওঁ শিৱসাগৰক হেৰিটেজ চিটী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে৷ একেদৰে দিচাংমুখত হৈ থকা খহনীয়া ৰোধৰ বাবেও দাবী তুলিছে৷
আনহাতে, বিনামূলীয়া ভেকচিন সার্বজনীন কৰাৰ বাবে অখিল গগৈয়ে দাবী তোলে৷ কালি শপতগ্রহণৰ পাছতেই অখিল গগৈয়ে সদনত উপস্থিত থকা প্রতিটো দলৰ বিধায়কসকলৰ আসনৰ ওচৰলৈ গৈ তেওঁলোকৰ সৈতে চা–চিনাকি হয়৷
লক্ষণীয়ভাৱে অখিল গগৈয়ে আৰক্ষীয়ে তেওঁক দুর্ব্যৱহাৰ কৰা বুলি তোলা অভিযোগৰ বিপৰীতে শাসকীয় পক্ষৰ কেইবাজনো বিধায়কে প্রতিক্রিয়া প্রকাশ কৰিছে৷ দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে নাটক কৰা বুলি কটাক্ষ কৰি কয় যে এজন লোক সম্পূর্ণৰূপে সুস্থ হৈ থকাৰ পাছতো কি কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) থাকিব পাৰে? অখিল গগৈয়ে বর্তমান যথেষ্ট আনন্দপূর্ণ পৰিৱেশত আছে৷ কিন্তু তেওঁ বিধানসভাত যি নাটক কৰিছে, তেওঁ জনা উচিত যে এই মঞ্চখন ‘কা’ আন্দোলনৰ মঞ্চ নহয়, কাৰোবাৰ ঘৰ জ্বলাই দিয়া মঞ্চ নহয়৷ বোকাজানৰ বিধায়ক নোমল মমিনেও অখিল গগৈক সমালোচনা কৰি কয়– সম্পূর্ণৰূপে সুস্থ আৰু ফূর্তিত থকা লোক এজন কিয় জি এম চি এইচত সোমাই আছে, সেয়া সন্দেহজনক বিষয়৷ স্বাস্থ্য বিভাগে ইয়াৰ এক তদন্ত কৰিব লাগে৷ বিধায়ক প্রশান্ত ফুকনেও অখিল গগৈয়ে তোলা অভিযোগক কটাক্ষ কৰি কয়– তেওঁ যিধৰণে উচ্চ–বাচ্য কৰিলে, সেয়া গণতন্ত্রৰ বাবে দুর্ভাগ্যজনক কথা৷ তেওঁৰ বক্তব্যৰ পৰা এনে লগা নাই যে তেওঁ শাৰীৰিকভাৱে অসুস্থ৷ অখিল গগৈক জি এম চি এইচত ৰখা বিষয়টো স্বাস্থ্য বিভাগে পুনৰ বিচাৰ–পৰীক্ষা কৰিব লাগে৷