এসময়ত ককায়েকৰ চাহ দোকানত গিলাচ চাফা কৰিছিল বিশ্বজিৎ দৈমাৰীয়েঃ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা, ২২ মেঃ শুকুৰবাৰে অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষৰ আসনত অধিষ্ঠিত হোৱা বিশ্বজিৎ দৈমাৰীয়ে এসময়ত ককায়েকৰ চাহৰ দোকানত গিলাচ চাফা কৰিছিল৷ শুকুৰবাৰে সদনত দৈমাৰীৰ সংঘাতপূর্ণ অতীত জীৱনৰ বিষয়ে ক’বলৈ গৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই কথা ব্যক্ত কৰে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই বিধানসভাৰ নৱনির্বাচিত অধ্যক্ষ দৈমাৰীক অভিনন্দন জনাই দিয়া
ভাষণত কয় যে ব্যক্তিগতভাৱে তেওঁৰ দীঘলীয়া পাৰিবাৰিক আৰু ৰাজনৈতিক সম্পর্কৰ বাবে দৈমাৰী বিধানসভাৰ অধ্যক্ষৰ দৰে গৰিমাৰ পদত অধিষ্ঠিত হোৱাত অত্যন্ত গৌৰৱান্বিত৷ বর্ণিল ৰাজনৈতিক আৰু সামাজিক পৰিক্রমাৰ সফল অধ্যায় হিচাপে দৈমাৰীয়ে অধ্যক্ষ পদ অলংকৃত কৰিলে৷ এয়া তেওঁৰ আন এক সফল অধ্যায়৷ ১৯৭১ৰ ৪ ফেব্রুৱাৰীত বাক্সা জিলাৰ এটা সাধাৰণ কৃষক পৰিয়ালত দৈমাৰীৰ জন্ম হয়৷
তেওঁৰ পিতৃ প্রয়াত সুৰেন্দ্র দৈমাৰী কৃষিকার্যৰ লগতে হস্তী চালনাতো নিপুণ আছিল৷ সৰুতে পিতৃৰ লগত দৈমাৰীয়ে কৃষিকার্যত সহযোগ কৰিছিল৷ আর্থিক সংকটত ভোগা পৰিয়ালটোত সচ্ছলতা আনিবলৈ ককায়েকে চাহৰ দোকান আৰম্ভ কৰি পৰিয়াল পোহপাল দিছিল৷ পৰিয়ালটোৰ নৱম সন্তান হিচাপে দৈমাৰীয়ে সৰুতেই ককায়েকৰ চাহ দোকানখনত গিলাচ চাফা কৰি পৰিয়ালটোলৈ আর্থিক সচ্ছলতা আনিছিল৷ পিতৃৰ পৰা তেওঁ হাতী চলাবলৈ শিকিছিল৷ এটা সময়ত হস্তী চালনাতো পাকৈত হৈ উঠিছিল৷ বিদ্যালয়ত পঢ়ি থকা সময়ত ফুটবলকে ধৰি গ্রাম্য ক্রীড়াতো অংশগ্রহণ কৰিছিল৷ বাক্সা জিলাৰ সুৱাগপুৰ প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা আৰম্ভ কৰি পৰৱর্তী পর্যায়ত নাওকাটা মিলন এম ই বিদ্যালয়ত অধ্যয়ন কৰি ১৯৮৮ত প্রৱেশিকাত উত্তীর্ণ হয়৷ পৰৱর্তী পর্যায়ত কোকৰাঝাৰ মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু মাদুৰাই কামৰাজ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ যিদৰে পঞ্চম–ষষ্ঠ শ্রেণীত পঢ়ি থাকোঁতে অসম আন্দোলনত জড়িত হৈছিল, সেইদৰে দৈমাৰীয়েও পঞ্চম শ্রেণীত পঢ়ি থাকোঁতে এবছুৰ সৈতে জড়িত হৈছিল৷
পি টি চি এৰ নেতৃত্বত আৰম্ভ হোৱা উদয়াচল আন্দোলনতো দৈমাৰী জড়িত আছিল৷ ১৯৮৭ত বডোফা উপেন্দ্র নাথ ব্রহ্মৰ নেতৃত্বত আৰম্ভ হোৱা বড়োলেণ্ড আন্দোলনতো দৈমাৰী জঁপিয়াই পৰিছিল৷ ১৯৯৯ত বিটিচি শান্তি আলোচনাৰ সময়ত তেওঁ এক বিৰল ভূমিকা গ্রহণ কৰিছিল আৰু ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰৰ সময়ত তেওঁ দিনে–নিশাই জড়িত হৈছিল৷ ১৯৯১ৰ পৰা ১৯৯৬লৈ উপেন্দ্র নাথ ব্রহ্ম এম ই স্কুলত তেওঁ শিক্ষকতাও কৰিছিল যদিও আন্দোলনত জঁপিয়াই শিক্ষকতাৰ পৰা আঁতৰি আহে৷ ২০০১ চনত এবছু–বিএলটিৰ সমর্থনত তেওঁ তামুলপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে অসম বিধানসভালৈ নির্বাচিত হয়৷ ২০০৬ চনৰ পৰা ২০০৮ চনলৈ আর্টফেডৰ অধ্যক্ষৰ দায়িত্ব বহন কৰে৷ ২০০৮ চনৰ পৰা তেওঁ ৰাজ্যসভাত প্রতিনিধিত্ব আগবঢ়ায় আৰু এইবাৰ বিধানসভা নির্বাচনত পানেৰী সমষ্টিৰ পৰা বিপুল ভোটত জয়লাভ কৰে৷ বিধানসভালৈ নির্বাচিত হৈ অহাৰ পাছতেই তেওঁ ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰে৷
ড০ শর্মাই আৰু কয় যে বড়ো জাতিৰ উত্তৰণ, উন্নতিৰ বাবে আৰু সমগ্র অসম আৰু উত্তৰ–পূবৰ বিকাশৰ বাবে দৈমাৰীয়ে অত্যন্ত সফলতাৰে ৰাজ্যসভাত অসমক প্রতিনিধিত্ব কৰিছিল৷ অসমৰ যোগাযোগ ব্যৱস্থাই হওক, ৰে’ল সংযোগেই হওক, প্রতিৱেশী ৰাজ্যৰ সম্পর্কই হওক, পর্যটনেই হওক, উত্তৰ–পূবৰ হেণ্ডলুম–হেণ্ডিক্রাফ হওক সকলো দিশতে ৰাজ্যসভাত বলিষ্ঠ ভূমিকা পালন কৰিছিল৷ দৈমাৰীয়ে উত্তৰ–পূবত সিঁচৰতি হৈ থকা ত্রিপুৰাৰ ত্রিপুৰী উপজাতিৰ পৰা বাংলাদেশত সিঁচৰতি হৈ থকা বড়ো লোক, মংগোলীয় লোকক যিদৰে সাংস্কৃতিক একতাৰে বান্ধিবলৈ চেষ্টা কৰিছিল, আধ্যাত্মিক দিশতো অসম, ভাৰত আৰু বিশ্বৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা বড়ো লোকক একত্রীকৰণৰ প্রয়াস কৰিছিল৷
মুখ্যমন্ত্রী ড০ শর্মাই বিধানসভাৰ অধ্যক্ষ দৈমাৰীৰ নেতৃত্বত বিৰোধী শক্তিশালী ৰূপত গঢ় লৈ উঠাৰ আশা ব্যক্ত কৰি কয় যে চুক্তি আৰু জাতীয় স্বার্থৰ পক্ষত থাকি তেওঁ সদন পৰিচালনা কৰক৷ চৰকাৰৰ পৰা সম্পূর্ণ সহযোগিতা আগবঢ়াব৷ সংখ্যাগৰিষ্ঠতাৰ আধাৰত চৰকাৰ চলোৱাৰ পৰিৱর্তে যুক্তি আৰু জাতীয় স্বার্থৰ পক্ষত চৰকাৰ থাকিব৷ চৰকাৰী পক্ষৰ পৰা যুক্তিনিষ্ঠ আলোচনা, বিতর্ক চৰকাৰী পক্ষই আদৰণি জনাব৷ বাল্যতাসূচক কথা–বতৰাৰ পৰিৱর্তে ভাইব্রেণ্ট আলোচনাই স্থান লাভ কৰক৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই অধ্যক্ষ দৈমাৰীক বিধানসভাৰ কার্যসূচীত নতুন ৰূপ আনিবলৈ আহ্বান জনাই কয় যে তেওঁ বিধানসভাত সকলো সময়তে থকাৰ লগতে তেওঁৰ হাতত থকা দপ্তৰৰ উত্তৰ নিজেই দিব বুলিও প্রকাশ কৰে৷