মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৩ লাখ
নিয়মীয়া বাৰ্তা ২২ মেঃ ৰাজ্যত কৰোনা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই নিজৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে ৩ লাখ টকা। এই টকাৰে কভিডৰ প্ৰতিষেধক ক্ৰয় কৰাত ব্যৱহাৰ কৰা হ’ব। এই কথা টুইটযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।
CM @himantabiswa today donated Rs 3 Lakh to Chief Minister’s Relief Fund as personal contribution towards procurement of #Covid vaccine. Through the contribution, the CM intends to help in strengthening the campaign against the pandemic while playing his part in the #janandolan. pic.twitter.com/4x4hN9Pkkg
— Chief Minister Assam (@CMOfficeAssam) May 22, 2021
উল্লেখ্য যে কভিডৰ প্ৰতিষেধক প্ৰদানৰ জড়িয়তে আনৰ জীৱন ৰক্ষাৰ আনন্দ লোৱাৰ আহ্বানেৰে এক জন আন্দোলন গঢ়ি তোলাৰ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই। এই জন আন্দোলনৰ অংশৰূপেই মুখ্যমন্ত্ৰীয়ে ৩ লাখ চকাৰ চেক প্ৰদান কৰা বুলি টুইটত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ।