নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি দৰব খাব ক’ভিড ৰোগীয়ে? নির্দেশনা জাৰি কৰি স্বাস্থ্য বিভাগৰ বিধান–পত্র

নিয়মীয়া বাৰ্তা, ২৩ মেঃ ক’ভিড আক্রান্ত ৰোগীক কি দৰব দিয়া হ’ব, সেই সম্পর্কত বিধান–পত্র দিলে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেলে প্রতিখন জিলাৰ উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালকলৈ প্রেৰণ কৰা এক নির্দেশত (নং এইচ এল এ ২৪৯/২০২০/১০, তাৰিখ ১৯ মে’ ২০২১) সেই বিধান–পত্রৰ বিষয়ে উল্লেখ কৰিছে৷

ক’ভিড কেয়াৰ চেণ্টাৰ অথবা হোম আইছ’লেচনত থকা ক’ভিড ৰোগীসকলক সাতবিধ দৰব যোগান ধৰাৰ নির্দেশ দিয়া হৈছে৷ দৰবসমূহ হৈছে–Tab Azithromycin 500 mg x 5 days (প্রতিদিনে এটাকৈ পিল ৫ দিন খাব),Tab Paracetamol 500/650mg (এটাকৈ পিল আহাৰ খোৱাৰ পাছত খাব যদি গাৰ উষ্ণতা ৯৯০ ফাৰেনহাইট অথবা গাৰ বিষ হয়),Tab Zinc 50 mg (এটাকৈ দিনে খোৱাৰ পাছত ১৫ দিন খাব),Tab Vitamin C 500 mg (এটাকৈ দিনে দুবাৰ খোৱাৰ পাছত ১৫ দিন খাব),Cap Vitamin D3 60K (এটাকৈ সপ্তাহত ৮ সপ্তাহ খাওক),Tab famotidine 20 mg (এটাকৈ দিনে দুবাৰ খোৱাৰ আগত ১৫ দিন খাওক) আৰুCough Syrup (কাহ হ’লে দুচামুচকৈ দিনে তিনিবাৰ খাব)৷ নির্দেশটোত স্বাস্থ্য বিভাগৰ প্রধান সচিব গোৱেলে ক’ভিড ৰোগীসকলক উক্ত দৰবসমূহ পেকেট আকাৰে যোগান ধৰাৰ লগতে বিধান–পত্রখন পেকেটৰ ভিতৰত সন্নিৱিষ্ট কৰিবলৈ পৰামর্শ দিয়ে৷

You might also like