ৰিতুল শইকীয়াৰ মুক্তিঃ পৰেশ বৰুৱাক ধন্যবাদ মুখ্যমন্ত্রী ড০ শর্মাৰ
নিয়মীয়া বাৰ্তা, ২৪ মে’: অ’ এন জি চিৰ কর্মচাৰী ৰিতুল শইকীয়াৰ মুক্তিৰ পিছত এতিয়া আলফা (স্বাঃ)ৰে শান্তি আলোচনা কৰাৰ বাবে অতি সন্তর্পণে খোজ দিছে চৰকাৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ভাষ্যতেই পৰিস্ফূট হৈ পৰিছে চৰকাৰৰ শান্তি আলোচনাৰ ক্ষেত্রত আন্তৰিকতাৰ প্রতিচ্ছবিখন৷
দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ বাবে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰি কয় যে অসমত হত্যা–হিংসা–পহৰণ্ পৰিৱর্তে শান্তিৰ অসম নির্মাণ কৰিব লাগে৷ আলফাৰে আলোচনাৰ প্রসংগত তেওঁ কয় যে সকলো কথা খুব সাৱধানে লাহে লাহে আগবাঢ়িব লাগিব৷ সেই দিশত চৰকাৰে কাম কৰি আছে৷ আলোচনা সহজ কথা নহয়, খুব টান কাম বুলি উল্লেখ কৰি কয় যে খুব লাহে লাহে এই পদক্ষেপ ল’ব লাগিব৷ সংবাদ মাধ্যমত চর্চা নোহোৱাকৈ কাম আগবঢ়াব লাগিব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ আজিৰ এই ভাষ্যত আলফা (স্বাঃ)ৰে শান্তি আলোচনাৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ আন্তৰিকতাই প্রকাশ পাইছে৷
উল্লেখ্য যে যোৱা ১০ মে’ত ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰিয়েই সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত ড০ শর্মাই অসমৰ শান্তি আৰু উন্নয়নৰ স্বার্থত পৰেশ বৰুৱাক আলোচনালৈ অহাৰ আহ্বান জনায়৷ চৰকাৰৰ সেই আহ্বানৰ প্রতি সঁহাৰি দি আলফা (স্বাঃ)–এ তিনি মাহৰ বাবে একপক্ষীয় অস্ত্রবিৰতি পর্যন্ত ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্রী ড০ শর্মাক লৈও যথেষ্ট ইতিবাচক মন্তব্য কৰে৷ পৰৱর্তী পর্যায়ত অ’ এন জি চিৰ অপহূত কর্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ বাবেও ড০ শর্মাই পৰেশ বৰুৱাক বিনম্রতাৰে অনুৰোধ জনাই অইল, অ’ এন জি চি আদিয়ে অসমৰ অর্থনৈতিক উন্নয়নত অধিক কাম কৰাৰ বাবে আলফাই যি দাবী কৰি আহিছে, সেয়া আদায়ৰ দায়িত্ব চৰকাৰৰ বুলি মূৰ পাতি লয়৷
মুখ্যমন্ত্রী ড০ শর্মাৰ সেই আহ্বানৰ প্রতি সঁহাৰি দি আলফায়ো ৰিতুল শইকীয়াক মুকলি কৰি দিয়ে৷ যোৱা কেইটামান দিনৰ সামগ্রিক ঘটনাৱলীয়ে আলফা (স্বাঃ)–চৰকাৰৰ শান্তি আলোচনাৰ ক্ষেত্রত এক ইতিবাচক অগ্রগতিৰেই ইংগিত বহন কৰে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়েও কালি অসম বিধানসভাৰ মজিয়াত আলফা (স্বাঃ)–এ ৰিতুল শইকীয়াক মুকলি কৰি দিয়াটো আদৰণীয় পদক্ষেপ বুলি মন্তব্য কৰাৰ লগতে আলফাৰ তিনি মাহৰ একপক্ষীয় অস্ত্রবিৰতি ঘোষণাক চৰকাৰে ইতিবাচক পদক্ষেপ হিচাপে বিবেচনা কৰে বুলি কয়৷ ৰাজ্যপাল মুখীয়েও এই তিনি মাহৰ সময়ছোৱাত যদিহে সন্মত নীতি যুগুত হয় আৰু পৰিস্থিতি হিংসামুক্ত হৈ থাকে, তেন্তে ই এক গঠনমূলক আলোচনাৰ বাবে ই এক অনুকূল পৰিৱেশ সৃষ্টি কৰিব বুলি কয়৷