নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

GMCH ত মানসিক ৰোগৰ চিকিৎসা চলি আছে অখিল গগৈৰঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ২৪ মে’: ক’ভিড প্রট’কলেৰে আৰম্ভ হোৱা বিধানসভাৰ পঞ্চদশ অধিৱেশনৰ আজি তৃতীয় তথা অন্তিম দিন। আজি নিৰ্বাচিত হৈ অহা প্ৰতিগৰাকী বিধায়কক অভিনন্দন আৰু আদৰণি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

 অন্তিম দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ ৰাখে। ভাষণ প্ৰসংগত অখিল গগৈৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

দীৰ্ঘদিন ধৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ থকা অখিল গগৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ভৰত নৰহ ডাঙৰীয়াই কৈছিল অখিল গগৈক সদনত থকাৰ অনুমতি দিব লাগে। কিন্তু প্ৰশ্ন হ’ল বেমাৰী মানুহ এজনক কেনেকৈ সদনত বহুৱাব? অখিল গগৈক ৪ মাহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰি থকা হৈছে। লগতে চিকিৎসকে কৈছে মানুহজনৰ মানসিক অৱস্থা ভাল নাই। তেখেতে মানসিক ৰোগৰ চিকিৎসা পাই আছে।

কিন্তু সিদিনা সদনলৈ আহি ক’ভিড প্ৰটকল পাহৰি ইজন বিধায়কৰ পৰা সিজন বিধায়কৰ ওচৰলৈ গৈছে। মই তেতিয়া চিকিৎসকসকলক সোধিছিলো, অখিল গগৈটো সুস্থ অৱস্থাত আছে, আপোনালোকে তেওঁক কিয় চিকিৎসালয়ত ৰাখিছে? মোক চিকিৎসকে তেতিয়া কৈছে এইটোৱে তেওঁৰ বেমাৰ। সদনলৈ আহি ইজনৰ পিছত আনজনৰ কাষলৈ যোৱাটোৱেই তেওঁৰ বেমাৰ।

‘ক’ভিড প্ৰট’কল মানি, বিধায়ক অখিল গগৈক আহল-বহলকৈ বাছত বহুৱাই অনা হৈছিল। চৰকাৰে ক’ভিড প্ৰট’কল মানিহে অখিল গগৈক বাছত আনিছিল।”

You might also like