যিবোৰ খাদ্য ‘দৈ’ৰ সৈতে খোৱা উচিত নহয়; কি কি জানেনে?
দৈ আৰু পিয়াজঃ গাখীৰ আৰু পিয়াজ একেলগে খালে এচিডিটি, গেছ, আনকি বমি পৰ্যন্ত হ’ব পাৰে। ইয়াৰ ফলত হজমৰ সমস্যাও হয়। ঠাণ্ডা দৈ আৰু পিয়াজে শৰীৰত তাপ উৎপন্ন কৰে। গতিকে এই দুটা খাদ্য একেলগে নোখোৱাই ভাল। ঠাণ্ডা আৰু তাপৰ সংমিশ্ৰণৰ ফলত এজমা, চ’ৰিয়েচিছ আৰু ছালৰ এলাৰ্জি হ’ব পাৰে। ইয়াৰ লগতে, গেছ, এচিডিটি আৰু ওকালি অহাৰ দৰে সমস্যাও আৰম্ভ হ’ব পাৰে।
আম আৰু দৈঃ একেলগে আম আৰু দৈ খোৱাটো সঠিক নহয়। এই দুটা খাদ্য একেলগে খালে শৰীৰত বিষাক্ত পদাৰ্থ উৎপন্ন হয়। যদিও কটা আমৰ সৈতে দৈ খাবলৈ ভাল লাগে। কিন্তু আম আৰু দৈ খোৱাটো আমাৰ শৰীৰৰ বাবে ভাল নহয়। এটা ঠাণ্ডা আৰু আনটো গৰম। এইকাৰণে দৈ আৰু আম একেলগে খালে শৰীৰত বিষাক্ত পদাৰ্থ উৎপন্ন হয়।
মাছ আৰু দৈঃ দৈৰ সৈতে মাছ খোৱাটো সঠিক নহয়। ইয়াৰ শৰীৰৰ ওপৰত বিভিন্ন নেতিবাচক প্ৰভাৱ পৰে। মাছ আৰু দৈ দুয়োটাই প্ৰ’টিন সমৃদ্ধ খাদ্য। গতিকে একেলগে নাখাবলৈ পৰামৰ্শ দিয়া হৈছে। যদিও বহুলোকে দৈ আৰু মাছ একেলগে খায়, এইটো সঠিক নহয়। ইয়াৰ ফলত বদহজম আৰু পেটৰ অন্যান্য সমস্যা হ’ব পাৰে।
তেলত ভজা খাদ্যঃ বহুলোকে পৰঠাৰে দৈ খায়। কিন্তু আপুনি এনেদৰে খোৱা উচিত নহয়। ইয়াৰ ফলত হজমৰ সমস্যা হ’ব পাৰে। দৈৰ সৈতে তেলত ভজা খাদ্যৰ মিশ্ৰণে হজম হ্ৰাস কৰে আৰু শৰীৰক অলস অনুভৱ কৰায়।