দুই শতাধিকে লাঠীৰে কোবাই হত্যা কৰিলে এজনক
নিয়মীয়া বাৰ্তা, ২৫ মেঃ ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতে সভ্য সমাজক লজ্জানত কৰা এক ঘটনাই জোকাৰি গৈছে তামুলপুৰ৷ অঞ্চলটোৰ এজন লোকক সোমবাৰে ডাইনী সজাই হত্যা কৰা ঘটনাই তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ প্রাপ্ত খবৰ অনুসৰি, তামুলপুৰ থানাৰ অন্তর্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ ভাৰত–ভূটান সীমান্তৰ আংগাৰকাটাৰ বৈগ্রীবাৰী নামৰ গাঁওখনত অন্ধবিশ্বাসৰ বশৱর্তী হৈ ডাইনী সজাই গাঁওখনৰ ৰাইজে মৰিয়াই মৰিয়াই বীৰেন বডো নামৰ পঞ্চাশ বছৰীয়া লোক এজনক হত্যা কৰে৷
কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া নীলভজ্যোতি নাথে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, আংগাৰকাটাৰ বৈগ্রীবাৰী গাঁৱৰ ৰাইজে কোনো দুষ্ট বেজৰ কু–চক্রান্তত পৰি গাঁওখনৰ বীৰেন বডো নামৰ লোকজনৰ বাবে গাঁওখনত অপায়–মংগলৰ ঘটনা সংঘটিত হৈ থকা বুলি সন্দেহ কৰে৷ আজি দিনৰ ভাগত গাঁওখনৰ দুই শতাধিক লোক সমৱেত হৈ সভা পাতে৷ সভাত বীৰেন বডোক মাতি আনি লাঠীৰে কোবাই, চৰ–ঘোচা মাৰি, ভৰিৰে গুৰিয়াই মাৰধৰ কৰি তেওঁ এজন ডাইনী (ডাইনা) হয় বুলি সৈ কাঢ়িবলৈ কয় আৰু তেওঁৰ ওপৰত ভীষণ শাৰীৰিক অত্যাচাৰ চলায়৷ এই ঘটনা সন্দর্ভত কোনো সচেতন ব্যক্তিয়ে কুমাৰীকাটা আৰক্ষীক খবৰ দিয়াত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া নীলভজ্যোতি নাথৰ নেতৃত্বত এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীয়ে ৰাইজৰ কবলৰ পৰা বীৰেনক উদ্ধাৰ কৰাৰ চেষ্টা চলায়৷
আৰক্ষীয়ে বীৰেনক উদ্ধাৰ কৰিবলৈ যোৱাত গাঁওখনৰ ৰাইজ আৰক্ষীৰ বিৰুদ্ধে উগ্রমূর্তি ধাৰণ কৰে৷ আৰক্ষীৰ জিম্মাত থকাৰ সময়তো বীৰেনক মাৰধৰ অব্যাহত ৰাখে৷ উন্মত্ত জনতাৰ আক্রমণত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীও আহত হয়৷ আৰক্ষীয়ে মুমূর্ষু অৱস্থাত বীৰেনক আৰক্ষীৰ গাডীত উঠোৱাত স্থানীয় উন্মত্ত ৰাইজে আৰক্ষীৰ গাডীত আক্রমণ কৰি গাডীখনৰ বিস্তৰ ক্ষতি কৰে৷ আৰক্ষীয়ে বীৰেন বডোক সংকটজনক অৱস্থাত কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভর্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাত বীৰেন বডোৰ মৃত্যু হয়৷ উন্মত্ত ৰাইজে বীৰেন বডোৰ ঘৰ–দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে৷ বীৰেন বডোৰ পৰিয়ালৰ আন সদস্যসকলে কথমপি প্রাণৰক্ষা কৰিবলৈ সক্ষম হয়৷
ঘটনাৰ খবৰ পাই তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা, তামুলপুৰ চক্রৰ চক্র বিষয়া তথা দণ্ডাধীশ ৰূপকমল ৰাভা, তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া দ্বিপেন কলিতা, কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া নীলভজ্যোতি নাথসহ আৰক্ষীৰ এটা বিশাল দল ঘটনাস্থলীত উপস্থিত হয়৷ ঘটনাস্থলীত উপস্থিত ৰাইজে ক’ভিডৰ নীতি–নিয়ম উলংঘা কৰি কিয় সভা পাতি আইন নিজৰ হাতত লৈছে বুলি আৰক্ষীয়ে প্রশ্ণ কৰাত গাঁওবাসীয়ে আৰক্ষীৰ লগত তর্ক–বিতর্কত লিপ্ত হয়৷ উন্মত্ত জনতাই আৰক্ষীৰ লোকক পুনৰ আক্রমণৰ বাবে উদ্যত হোৱাত আৰক্ষীয়ে উন্মত্ত জনতাক ছত্রভংগ দিয়াবলৈ গাঁওবাসীৰ ওপৰত লাঠীচালনা কৰে৷ হত্যাকাণ্ডৰ লগত জডিত থকাৰ সন্দেহত আৰু আৰক্ষীক আক্রমণ কৰাৰ অপৰাধত পাঁচজন লোকক আটক কৰি কুমাৰীকাটা আৰক্ষী চকীলৈ লৈ আনে৷ আটকাধীন লোককেইজন হৈছে গাঁওখনৰেই লক্ষীন্দ্র বডো (৩২), চোনছ নার্জাৰী (২১), বীৰখাং বসুমতাৰী (২৩), ৰিংখাং বসুমতাৰী (২১), ৰাজেন নার্জাৰী (৪৭)৷ খবৰ পাই তামুলপুৰ মহকুমাৰ মহাকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰ কুমাৰীকাটাত উপস্থিত হয় আৰু ঘটনাৰ বুজ লয়৷
ঘটনা সন্দর্ভত তামুলপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷ ঘটনাৰ লগত জডিত আৰু অধিক লোকক আৰক্ষীয়ে আটক কৰাৰ সম্ভাৱনা আছে৷ ইপিনে, কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ৰ পৰা বীৰেন বডোৰ মৃতদেহ কুমাৰীকাটা আৰক্ষী চকীলৈ নিয়া হৈছে৷ আজি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলা সদৰ মুছলপুৰলৈ পঠিওৱা হ’ব৷