নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত আৰম্ভ ৰাছিয়াৰ ভেকচিন স্পুটনিক ভিৰ উৎপাদন

নিয়মীয়া বাৰ্তা, ২৫ মেঃ বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনোৱা প্রথমটো ক’ভিড–১৯ ভেকচিন ৰাছিয়াৰ স্পুটনিক ভিৰ উৎপাদন ভাৰতত আৰম্ভ কৰা হৈছে৷ ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড (আৰ ডি আই এফ) আৰু ঔষধ প্রস্তুত কোম্পানী পেনেচিয়া বায়’টেকে যুটীয়াভাৱে ভাৰতত স্পুটনিক ভিৰ উৎপাদন আৰম্ভ কৰিছে৷ ভাৰতীয় কোম্পানী পেনেচিয়া বায়’টেকে বার্ষিক ১০০ নিযুত ড’জ স্পুটনিক ভি উৎপাদন কৰিব৷

উল্লেখ্য যে কিছুদিন পূর্বে স্পুটনিক ভিৰ আমদানি কৰা হৈছিল৷ ভাৰতত এই ভেকচিনৰ উৎপাদন আৰু বিতৰণত জড়িত কোম্পানী ডাঃ ৰেড্ডিজ লেবৰেটেৰিজে এই ভেকচিনটোৰ ব্যৱহাৰ ভাৰতত কৰিব৷ ইতিমধ্যে হায়দৰাবাদত এই ভেকচিনটোৰ প্রথমটো ড’জ প্রদান কৰা হৈছে৷ স্পুটনিক ভি ভেকচিনৰ প্রতিটো ড’জৰ মূল্য ৯৯৫ টকা৷

লক্ষণীয় যে আৰ ডি আই এফে ভাৰতত পেনেচিয়া বায়’টেকৰ উপৰি হিটেৰ’, গ্লেণ্ড ফার্মা আৰু ষ্টেলিছ ফার্মাৰ সৈতেও স্পুটনিক ভি উৎপাদনৰ বাবে চুক্তিবদ্ধ হৈছে৷ প্রসংগক্রমে উনুকিয়াওঁ যে যোৱা ১২ এপ্রিলত স্পুটনিক ভি ভেকচিন জৰুৰীভাৱে ভাৰতত ব্যৱহাৰৰ অনুমতি দিছিল কেন্দ্রীয় চৰকাৰে৷ এই ভেকচিনটোৰ প্রদান প্রক্রিয়া হায়দৰাবাদত যোৱা ১৪ মে’ত আৰম্ভ হৈছে৷ এতিয়ালৈকে বিশ্বৰ ৬৬খন দেশে স্পুটনিক ভি প্রদান কৰাৰ ক্ষেত্রত অনুমতি পাইছে আৰু এই ভেকচিন প্রদানৰ প্রক্রিয়া আৰম্ভ হৈছে৷ অর্থাৎ বিশ্বজুৰি ৩.২ বিলিয়ন লোকক স্পুটনিক ভি প্রদান কৰা হ’ব৷

You might also like