নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত নিম্নগামী হৈছে আক্রান্তৰ সংখ্যাঃ ৪১ দিনৰ মূৰত ২ লাখৰ তললৈ নামিল আক্রান্ত

নিয়মীয়া বাৰ্তা,  ২৬ মে’: ঘাতক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতা লাহে লাহে হ্রাস পাবলৈ ধৰিছে৷ দেশজুৰি ক’ভিড–১৯ পৰীক্ষণৰ হাৰ বৃদ্ধি পাইছে, কমি আহিছে আক্রান্তৰ সংখ্যা৷ যোৱা ২৪ ঘণ্টাত ২০.৬৮ লক্ষাধিক লোকৰ ক’ভিড–১৯ পৰীক্ষণ কৰিছে৷ ইয়াৰ ভিতৰত আক্রান্ত হৈছে ১,৯৬,৪২৭জন৷ বিগত ৪১ দিনৰ মূৰকত যোৱা ২৪ ঘণ্টাত প্রথমবাৰৰ বাবে আক্রান্তৰ সংখ্যা দুই লাখৰ তললৈ নামিছে৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য মতে যোৱা ২৪ ঘণ্টাত দেশজুৰি আক্রান্ত ১.৯৬ লাখ লোক৷ ইয়াকে লৈ মুঠ আক্রান্তৰ সংখ্যা ২,৬৯,৪৮,৮৭৪জনলৈ বৃদ্ধি পাইছে৷ আনপিনে সুস্থ হোৱা লোকৰ সংখ্যাও বিগত ৯ দিন ধৰি প্রতিদিনে তিনি লক্ষাধিক লোক সুস্থ হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৩,২৬,৮৫০জন লোক ক’ভিড–১৯ৰ পৰা সুস্থ হৈ উঠিছে৷ ইয়াকে লৈ দেশজুৰি সুস্থ হোৱা লোকৰ সংখ্যা ২,৪০,৫৪,৮৬১লৈ বৃদ্ধি পালে৷

আনহাতে, বিগত পষেকজুৰি মৃতকৰ সংখ্যা প্রতিদিনে চাৰি সহস্রাধিককৈ বর্ধিত হৈ থকাৰ পাছত যোৱা ২৪ ঘণ্টাত মৃতকৰ সংখ্যা ৩,৫১১জনলৈ নিম্নগামী হৈছে৷ আক্রান্তৰ সংখ্যা হ্রাস পোৱাৰ সমান্তৰালকৈ মৃতকৰ সংখ্যা হ্রাস পোৱাটো এক ইতিবাচক দিশ হিচাপে ব্যাখ্যা কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটা ৩,৫১১জনৰ সৈতে দেশত মুঠ মৃতকৰ সংখ্যা ৩,০৭,২৩১জনলৈ বৃদ্ধি পাইছে৷ তাৎপর্যপূর্ণ যে আমেৰিকা যুক্তৰাষ্ট্র আৰু ব্রাজিলৰ পাছত ক’ৰোনাত তিনি লক্ষাধিক লোক মৃত্যু হোৱা তৃতীয় দেশ ভাৰত৷ দৈনিক ক’ভিড–১৯ পৰীক্ষণত বিশ্বাভিলেখ গঢ়া ভাৰতত এতিয়ালৈকে ৩৩,২৫,৯৪,১৭৬জনৰ নমুনা সংগ্রহ কৰা হৈছে৷ আই চি এম আৰৰ তথ্যত এই কথা প্রকাশ পাইছে৷

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষ বর্ধনে প্রকাশ কৰা মতে দেশত পজিটিভিটীৰ হাৰ দ্রুতগতিত নিম্নগামী হৈছে৷ সম্প্রতি পজিটিভিটীৰ হাৰ ৯.৫৪ শতাংশ৷ মন্ত্রীগৰাকীয়ে সুস্থ হৈ উঠা লোক সন্দর্ভত মন্তব্য কৰি কয় যে একেৰাহে ১২ দিন ধৰি আক্রান্তৰ সংখ্যাতকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ ইয়াৰ বাবে দেশজুৰি সক্রিয় ক’ভিড ৰোগীৰ সংখ্যাও হ্রাস পাবলৈ ধৰিছে৷ সম্প্রতি দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ২৫,৮৬,৭৮২জন৷ আনপিনে, ক’ভিড–১৯ টিকাকৰণ অভিযান দেশজুৰি অব্যাহত থকা বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে মঙলবাৰে পুৱালৈকে দেশজুৰি টিকাকৰণ কৰা হৈছে প্রায় ২০ কোটি ড’জ৷

দেশৰ বিভিন্ন ৰাজ্যত ক’ভিড ভেকচিনৰ নাটনিৰ বাবে টিকাকৰণ কেন্দ্রসমূহ বন্ধ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে যদিও এতিয়াও ৰাজ্যসমূহৰ হাতত ৬০ লাখতকৈ অধিক ড’জ মজুত আছে বুলি মন্ত্রীগৰাকীয়ে তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে৷ তদুপৰি ২১ লাখ ড’জ ৰাজ্যসমূহক বিতৰণৰ বাবে সাজু হৈ আছে বুলিও কয় মন্ত্রীগৰাকীয়ে৷ আনপিনে, ক’ভিড ৰোগীৰ দেহত ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছৰ সংক্রমণ সন্দর্ভত কেন্দ্রীয় চৰকাৰ সজাগ হোৱাৰ প্রসংগ উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহে এই সন্দর্ভত সমন্বয় ৰক্ষা কৰি চলি আছে বুলি কয়৷

মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে ব্লেক ফাংগাছ তথা মিউক’ৰমাইক’ছিছত আক্রান্ত লোকৰ ৫৫ শতাংশই ডায়েবেটিছ ৰোগী৷ ব্লেক ফাংগাছৰ চিকিৎসাৰ বাবে কেন্দ্রীয় চৰকাৰে ইতিমধ্যে এমফ’টেৰিচিন বিৰ ৯ লাখ ভায়েল আমদানি কৰিছে৷ ইতিমধ্যে বিদেশৰ পৰা ৫০ হাজাৰ ভায়েল আহি পাইছে আৰু সাত দিনৰ ভিতৰত তিনি লাখ ভায়েল আহি পাব৷

You might also like