প্রেম আৰু বিবাহত অন্তৰায়
প্রেম–ভালপোৱা৷ এই দুটা শব্দৰ মাজতেই নিহিত হৈ আছে সৃষ্টিৰ ৰহস্য, জীৱনক সম্পূর্ণৰূপে পোৱাৰ সেই অনাবিল আনন্দৰ উপলব্ধি৷ আমাৰ মাজৰ প্রতিজনৰে জীৱনলৈ প্রেম আহিছে৷ কাৰোবাৰ যদি এতিয়ালৈকে এনে উপলব্ধি হোৱা নাই, তেন্তে নিশ্চিতভাৱে সেই শাশ্বত প্রেমৰ বাবে অপেক্ষা কৰক৷ এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত হোৱা প্রেমৰ পৰিণতি যিকোনো ধৰণৰ হব পাৰে৷ তেওঁলোকৰ মাজৰ সম্বন্ধ গাা হব পাৰে, তাৰ পিছত দুয়োৰে মাজত সামাজিক বান্ধোন অর্থাৎ বিবাহ হব পাৰে৷ সংসাৰৰ বান্ধোনৰ মাজত সুখ–দুখৰ এক জীৱন হব পাৰে৷
ধৰা হওক, এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত ভালপোৱাৰ আদান–প্রদান আৰম্ভ হল, অর্থাৎ তেওঁলোকৰ মাজত প্রেম হল৷ দুয়োৰে এহাল পুৰুষ আৰু নাৰীৰ পৰা এহাল প্রেমিক–প্রেমিকালৈ উত্তৰণ ঘটিল৷ ইজনে সিজনক ভাল পায়, কথা পাতে, ফুৰিবলৈ যায়, ৰেস্তোৰাঁলৈ যায় কিন্তু যেতিয়া সামাজিকভাৱে বিবাহৰ বান্ধোনত বান্ধ খোৱাৰ সময় আহে, তেতিয়া কোনো এজনে প্রতিশ্রুতি পালন কৰাত, নিজৰ দায়বদ্ধতা বজাই ৰখাত পিছহুঁহকি যায়, তেতিয়া কি হয় ইয়াৰ পৰিণাম হব পাৰে দুয়োজনৰ মাজৰ মধুৰ সম্পর্কত এটা ভাঙোন, যাৰ বাবে দুয়োজনে কল্পনা কৰা সুখৰ সংসাৰ এখন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনাৰ বিলুপ্তি ঘটে৷
আকৌ কেতিয়াবা কোনো কোনো ক্ষেত্রত দেখা যায় যে প্রেমিক–প্রেমিকা উভয়ে কল্পনা কৰা সুখৰ সংসাৰখন দিঠকত পৰিণত কৰাৰ বাবে বিবাহৰ বান্ধোনত বান্ধ খোৱাৰ সিদ্ধান্ত লোৱাৰ সময়তে লৰা বা ছোৱালী পক্ষৰ পৰিয়ালৰ পৰা সন্মতি নোপোৱা বা লৰা–ছোৱালী দুয়োপক্ষৰ পৰিয়ালৰ মাজত থকা পুৰণি বিবাদ বা লৰা–ছোৱালীহালৰ প্রেমক লৈ দুয়োপক্ষৰ পৰিয়ালৰ মাজত সৃষ্টি হোৱা বিবাদে বিয়াখন সুকলমে হৈ উঠাত বাধা প্রদান কৰে৷
কেতিয়াবা আকৌ এনে হোৱাও দেখা যায়, যত সকলো ঠিকেই থাকে, প্রেমিক–প্রেমিকা দুয়োৰে মাজত সুন্দৰ বুজাবুজিও থাকে৷ কিন্তু তেওঁলোকৰ দুয়োৰে মাজত হঠাতে এজন তৃতীয় ব্যক্তিৰ আৱির্ভাৱ হোৱাৰ বাবে দুয়োজনৰে মধুৰ সম্পর্কত ভাঙোন আহে আৰু বিবাহৰ আগতেই বিচেছদ হবলগীয়া হয়৷
প্রেম–বিবাহৰ পিছতেই আমি আয়োজিত বিবাহ বা এৰেঞ্জ মেৰিয়েজৰ বিষয়টোলৈ আহোঁ৷ এনে ব্যৱস্থাত পৰিয়ালৰ লোক, বন্বুূ–বান্বুূৱৰ দ্বাৰা চিনাকিসূত্রে লৰা–ছোৱালীৰ দুয়োটা পৰিয়ালৰ অনুমতি সাপেক্ষে হোৱা বৈবাহিক সম্বন্ধৰ কথাটোকে সূচায়৷ ছোৱালী এজনী ধুনীয়া, উচ্চ শিক্ষিতা, সদ্ গুণসম্পন্ন, সুস্বাস্থ্য আদি গুণেৰে বিবাহৰ বাবে উপযুক্ত হোৱাৰ পিছতো দেখা যায় এজন সুযোগ্য দৰাৰ অভাৱ৷
এনেবোৰ সমস্যাৰ সন্মুখীন হোৱা পৰিয়ালবোৰৰ বাসস্থানসমূহ পৰীক্ষা কৰি দেখা গৈছে যে প্রায়বোৰৰে দক্ষিণ–পষ্চিম দিশটো ত্রুটিপূর্ণ, ফেংছুইৰ দিশৰ পৰা আসোঁৱাহযুক্ত৷ প্রায় ক্ষেত্রতে দেখা যায়, হয় ঘৰটোৰ দক্ষিণ–পষ্চিম দিশৰ অংশটো নাই, নহয় সেই দিশটোতে ঘৰৰ স্নানাগাৰ বা শৌচাগাৰ বা ষ্টোৰ কোঠাটো আছে৷ নহলে দেখা যায় ঘৰবোৰৰ চৌহদৰ দক্ষিণ–পষ্চিম দিশটো জাবৰ পেলোৱা ঠাই হিচাপে ব্যৱহাৰ কৰা হৈ আছে৷
পা–কুৱাৰ আঠোটা দিশৰ ভিতৰত যিটো ভাগে প্রেম–ভালপোৱা, বিবাহ, সুখী সম্বন্ধ আৰু আনন্দপূর্ণ সংসাৰক প্রতিনিধিত্ব কৰে, সেইটো হৈছে দক্ষিণ–পশ্চিম৷ এই দিশটোৱে আকৌ প্রতিনিধিত্ব কৰে মাতৃক৷ এই দিশটোৱে আপোনাৰ প্রেম–ভালপোৱা, সম্বন্ধ আৰু বিবাহৰ ভাগ্য কিিয়াই আনে৷ কোনো এটা ঘৰৰ যদি দক্ষিণ–পশ্চিম দিশটো ত্রুটিপূর্ণ হয়, তেন্তে সেই ঘৰটোত বসবাস কৰা গাভৰু ছোৱালীবোৰৰ বিবাহৰ বাবে উপযুক্ত পাত্রৰ অভাৱ হোৱাটো একপ্রকাৰ খাটাং৷
প্রায় পাঁচ হাজাৰ বছৰ পুৰণি চীন দেশীয় বিজ্ঞানসন্মত কলা এই ফেংছুইৰ সঠিক শুদ্ধ ব্যৱহাৰৰ দ্বাৰা এই সকলো সমস্যাৰ সমাধান কৰিব পাৰি৷ সমস্যাবোৰ সমাধান কৰি সপোনবোৰ দিঠকত পৰিণত কৰিবৰ বাবে কি কি কৰিব লাগিব, সেই বিষয়ে তলত উল্লেখ কৰা হল-
১৷ ঘৰখনৰ বাহিৰে–ভিতৰে দক্ষিণ–পশ্চিম দিশটো পৰিষ্কাৰ তথা আৱর্জনামুক্ত কৰি ৰাখিব লাগিব৷
২৷ দক্ষিণ–পষ্চিম দিশটো যদিহে মিছিং হয়, তেন্তে সেই অংশটোতে এটা লাইট লোৱাৰ ব্যৱস্থা কৰক৷ এই লাইটটোৱে ঠাইখিনিৰ চিচ শক্তি বৃদ্ধি কৰিব৷ যদিহে এই অংশটোত এখন বাগিচা আছে, তেন্তে তাতো লাইট লোৱাৰ ব্যৱস্থা কৰক৷ প্রতি ৰাতি কমেও তিনি ঘণ্টাৰ বাবে লাইটটো লাই ৰাখিব৷
৩৷ ঘৰৰ দক্ষিণ–পষ্চিম দিশটোত যদিহে গা ধোৱা ঘৰ, শৌচাগাৰ বা ষ্টোৰ ৰুম আছে, তেন্তে পাৰিলে সেইকেইটা বন্ধ ৰাখিব, ব্যৱহাৰ নকৰিব৷ নোৱাৰিলে কোঠাকেইটা ব্যৱহাৰ নকৰাৰ সময়ত দুৱাৰকেইখন অনবৰতে বন্ধ কৰি ৰাখিব৷ কোঠাকেইটাৰ ভিতৰখন কেতিয়াও সজাই নুতুলিব৷ কোনো ধৰণৰ পৱিত্র প্রতীক প্রদর্শন নকৰিব৷ যিহেতু এনে প্রতীকবোৰে চাৰিও দিশৰ চিচ শক্তিক সক্রিয় কৰি তোলে, সেইবাবে এই ঠাইবোৰত এনে প্রতীকচিহ্ণ ৰাখিব নালাগে৷ যিহেতু এই ঠাইবোৰৰ চিচ শক্তি নেতিবাচক ফলদায়ক হয়, গতিকে প্রেম–ভালপোৱাৰ ভাগ্য সক্রিয় কৰিবলৈ যাওঁতে এনে নেতিবাচক চিচ শক্তিয়ে আপোনাৰ লগত আনৰ সম্বন্ধটোৰ ওপৰত কুফল পেলাব আৰু আপুনি যিটো বিচাৰিছে তাৰ বিপৰীত ফলাফলহে দেখুৱাব৷ এনে অৱস্থাত আপোনাৰ ঘৰৰ আন কোঠাবোৰ, যেনে পপা কোঠা, বহা কোঠা আদিৰ দক্ষিণ–পষ্চিম দিশটো সক্রিয় কৰিব লাগিব৷
৪৷ এই দিশৰ বেৰত মেৰুণ বা স্কাৰলেট ৰং কৰিব পৰে৷ আজিকালি বজাৰত সহজতে পোৱা ৱালপেপাৰো আপুনি ব্যৱহাৰ কৰিব পাৰে৷
৫৷ প্রেমিক–প্রেমিকা দুয়ো এটাকৈ মাইষ্টিক নট পেণ্ডেণ্ট পিন্ধিব৷
৬৷ দুয়ো এযোৰ ডাবল হেপীনেছৰ পেণ্ডেণ্টো পিন্ধিব পাৰে৷
৭৷ সকলো বাধা–বিঘিনি, অশুভ শক্তিক আঁতৰ কৰিবলৈ, বিবাহৰ স্বর্গীয় ভাগ্যখন সক্রিয় কৰি সফলতা আৰু উন্নতিৰ লগতে ভাল সন্তান লাভ কৰিবলৈ ঘৰৰ বহা কোঠা বা শোৱা কোঠাৰ দক্ষিণ–পষ্চিম দিশত এটা ড্রেগন ফিনিক্সৰ লগত এটা মিষ্টিক নট প্রতিষ্ঠা কৰক৷
৮৷ ডাবল হেপীনেছ প্রতীকটো হৈছে স্বামী–স্ত্রীৰ মাজত আনন্দ আৰু প্রেমৰ শ্রীবৃদ্ধি কৰিবৰ বাবে ব্যৱহাৰ হোৱা প্রধান আহিলা৷ এনে এটা প্রতীক শোৱা কোঠাৰ দক্ষিণ–পষ্চিম দিশত প্রতিষ্ঠা কৰক৷ এনে প্রতীকৰ সৰু আকৃতি আপোনাৰ লগত লৈ ফুৰা বেগতো ৰাখিব পাৰে৷
৯৷ শোৱা কোঠাৰ দক্ষিণ–পষ্চিম দিশত এযোৰ মেণ্ডেৰিন হাঁহ আৰু এটা ডাবল হেপীনেছ প্রতীক একেলগে ৰাখিব পাৰে৷
১০৷ শোৱা বিছনাৰ দুয়ো দিশে শিতানৰ ফালে এটাকৈ ৰঙা ঘূৰণীয়া আকাৰৰ টেবুল লেম্প প্রতিষ্ঠা কৰক৷
১১৷ পৰিয়ালৰ সকলো সদস্যৰ মাজত একতা, সাধাৰণ মিলা–প্রীতি বজাই ৰাখিবলৈ বহা কোঠাৰ দক্ষিণ–পষ্চিম দিশত এটুকুৰা দীঘল আকৃতিৰ প্রাকৃতিক ক্রিষ্টেল প্রতিষ্ঠা কৰক৷
১২৷ বিবাহৰ বাবে উপযুক্ত লৰাটো বা ছোৱালীজনীৰ শোৱা বিছনাখন শোৱা কোঠাটোৰ মাজত নাৰাখিব৷ বিছনাখন দুয়ো কাষৰ পৰা উঠিব পৰাকৈ স্থাপন কৰিব৷ ব্যক্তিগৰাকীৰ বিছনাখনৰ দুয়ো কাষে দুটা ঘূৰণীয়া আকাৰৰ ৰঙা ৰঙৰ টেবুল লেম্প প্রতিষ্ঠা কৰিব৷
১৩৷ শোৱা কোঠাত আপোনাৰ প্রিয়জনৰ ফটো কেতিয়াও নাৰাখিব৷
১৪৷ বিবাহৰ ভাগ্য সক্রিয় কৰিবলৈ ঘৰৰ বাগিচাত চৌহদত দক্ষিণ–পষ্চিম দিশত এটা বা দুটা ডাঙৰ আকাৰৰ শিল প্রতিষ্ঠা কৰিব৷ শিলটোৰ নিজস্ব চিচ শক্তিখিনি সক্রিয় কৰিবলৈ ইয়াক ৰঙা ৰছীৰে বান্ধি থব৷ শিলটোৰ গাত ৰঙা ৰঙেৰে ডাবল হেপীনেছ প্রতীক আঁকিব পাৰে৷
১৫৷ চীন দেশত পৰিয়ালৰ ছোৱালী সন্তান জন্ম হোৱাৰ লগে লগে গুলপীয়া ৰঙৰ পিয়নি ফুলৰ এখন ছবি সহজে চকুত পৰাকৈ সজাই থোৱাটো এটা নিয়ম৷
১৬৷ স্বামী–স্ত্রী, প্রেমিক–প্রেমিকা একেলগে থকা ছবি এখন বহা কোঠাৰ দক্ষিণ–পষ্চিম দিশত প্রতিষ্ঠা কৰিলে এই সম্বন্ধবোৰ অধিক গাা হোৱাত সহায় কৰিব, ভালপোৱা, সদ্ভাৱ বৃদ্ধি পাব৷
১৭৷ ৰাহি–যোৰা নথকা এহাল নৰ–নাৰীৰ মাজত বুজাবুজি আৰু পাৰস্পৰিক সদ্ভাৱ বৃদ্ধি হবলৈ শোৱা কোঠাৰ দক্ষিণ–পষ্চিম দিশত গুলপীয়া ক্রিষ্টেল গছ এজোপা প্রতিষ্ঠা কৰক৷ এই গছজোপাত দুটা য়ি জিং মুদ্রা ৰঙা সূতাৰে বান্ধি ওলমাই দিয়ক৷
১৮৷ ঘৰৰ কোনো কোঠাৰে দক্ষিণ–পষ্চিম দিশত ভয়ানক জন্তু, হিংসা, ভয় আদি বুজোৱা ছবি নাৰাখিব৷
অতি গুৰুত্বপূর্ণ কথাটো হল একোটা কোঠাৰ দক্ষিণ–পষ্চিম দিশটোত এটা সমস্যাৰ বাবেহে সমাধান প্রয়োগ কৰিব৷ সকলো সমাধান বা কিওৰ বা ৰিমেডি একেলগে এটা কোঠাতে ওপৰা–উপৰিকৈ প্রয়োগ নকৰিব৷ আপোনাৰ বিছনাখন প্রতিবিম্বিত হোৱাকৈ কোনো আইনা নাৰাখিব৷ ৰঙা আৰু বগা ৰঙৰ ফুল একেলগে নসজাব৷