নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেচাকি চাপৰিত স্বাস্থ্য শিবিৰ, জোনাইত পুনৰ ২২ জনৰ দেহত ধৰা পৰে কভিড

১৮৪ জনলৈ বৃদ্ধি কভিড ৰোগী

নিয়মীয়া বাৰ্তা ২৭ মেঃ  জোনাই মহকুমাৰ লালী, ব্ৰহ্মপুত্ৰৰ বক্ষত অৱস্থিত চৰাঞ্চল মেচাকি চাপৰিত জোনাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, জে বি ডেমলভমেন্ট ট্ৰাষ্টৰ তত্বাৱধানত, মধ্য জোনাই আঞ্চলিক ইউবিপিঅ, এবছু আৰু অন্তৰঙ্গ এনজিঅৰ সহযোগত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়।মেচাকি চাপৰি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত স্বাস্থ্য শিবিৰত ১৭৩ গৰাকী লোকক ক’ভিড পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত আঠগৰাকী লোকৰ দেহত কো’ৰোনা পজিটিভ ধৰা পৰিছে। আনহাতে মহকুমাটোত আজিৰ দিনটোত মুঠ ৭৪৬ গৰাকীক কভিড পৰীক্ষা কৰি মহকুমাটোৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত ১৪ গৰাকী কভিড ৰোগী ধৰা পৰে৷ জোনাই মহকুমাত আজি দিনটোলৈ মুঠ ১৪,৪৪৪ গৰাকীক কভিড পৰীক্ষা সম্পন্ন কৰিছে৷ আজিৰ দিনটোত ২২ জনৰ দেহত কভিড ৰোগী ধৰি পৰাত কভিড ৰোগী সংখ্যা১৮৪ জনলৈ বৃদ্ধি হৈছে বুলি জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে জানিব দিয়ে৷ পজিটিভ ৰোগীসকলক হো’ম আইছ’লেছনত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

You might also like