নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সূর্যৰ পৰা বিয়পিছে কেইবালাখ টনো গৰম গেছ

নিয়মীয়া বাৰ্তা ২৮ মেঃ ক’ভিড–১৯ মহামাৰীৰ মহাসংহাৰত জর্জৰিত হৈছে বিশ্ব৷ বিশ্ববাসীৰ বাবে এই ভয়াৱহ পৰিস্থিতিৰ মাজতে আহি আছে নতুন সংকট৷ এইবাৰ বিশ্ববাসীক বিপদত পেলাব সূর্যই৷ জীৱকুলৰ সঞ্জীৱনী শক্তি হিচাপে পৰিচিত সূর্য হৈ পৰিব পাৰে এতিয়া সকলোৰে বাবে ঘাতক৷ টোপনিৰ পৰা জাগ্রত হৈছে চিৰভাস্বৰ এই নক্ষত্র৷ মাত্র কেইদিনমান পূর্বে সূর্যৰ পৰা বিয়পি পৰিছে কেইবালাখ টনো প্রচণ্ড গৰম গেছ৷

বৈজ্ঞানিকভাৱে এই মহাজাগতিক ঘটনাৰ নাম ‘ক’ৰোনাল মাছ ইজেকছন’৷ ইয়াৰ ফলত পৃথিৱীত আৰম্ভ হৈছে ভূ–চুম্বকীয় ধুমুহা৷ যাক কোৱা হৈছে জি’ মেগনেটিক ষ্টর্ম৷ লক্ষণীয়ভাৱে বিজ্ঞানীসকলে উল্লেখ কৰিছে যে বিগত কেইবামাহ ধৰি সূর্য আছিল শক্তিহীন অৱস্থাত৷ অর্থাৎ নিদ্রাৰত হৈ আছিল চিৰভাস্বৰ জ্যোতিষ্ক৷ কিন্তু হঠাতে জাগি উঠিছে সূর্য৷ অর্থাৎ সূর্যৰ অভ্যন্তৰতে সৃষ্টি হৈছে এক অভাৱনীয় অস্থিৰতা৷ ইয়াৰ ফলত পৃথিৱীত প্রত্যক্ষ প্রভাৱ নপৰিব বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছিল যদিও শেহতীয়াকৈ বহু বিজ্ঞানীয়ে পৃথিৱীৰ বাবে সূর্যৰ এই অস্থিৰতা ভয়াৱহ হৈ পৰিব পাৰে বুলি মন্তব্য আগবঢ়াইছে৷

অৱশ্যে পূর্বতে সূর্যত সৃষ্টি হোৱা এই পৰিঘটনাৰ কোনো লক্ষণীয় প্রভাৱ পৃথিৱীৰ ওপৰত পৰা নাছিল৷ এই পৰিঘটনাৰ ফলত সূর্যৰ উজ্জ্বলতা লাহে লাহে হ্রাস পাই আহিব বুলি আশংকা কৰিছে বহু বিজ্ঞানীয়ে৷ বিগত ৯ লাখ বছৰত লাহে লাহে বিশ্বৰ উজ্জ্বলতা আৰু শক্তি হ্রাস পাই আহিছে৷ সৌৰ ধুমুহাৰ সময়ত সূর্যৰ পৰা বিয়পি পৰা গৰম গেছত ইলেকট্রিক চার্জযুক্ত গেছ থাকে, য’ৰ পৰা সৃষ্টি হয় চুম্বকীয় তৰংগ৷ ইয়াৰ ফলত পৃথিৱী বেটাৰ, জিপিএছৰ ওপৰত প্রভাৱ পৰিব পৰে৷ স্মর্তব্য যে ২০২০ চনৰ পৰা সূর্যই ইয়াৰ ১১ বছৰৰ নতুন চক্র আৰম্ভ কৰিছে৷ এই চক্র ২০২৫ চনত চৰম পর্যায়ত উপস্থিত হ’ব৷ তেতিয়া পৃথিৱীৰ পৰিস্থিতি ভয়াৱহ হ’ব পাৰে বুলি আশংকা কৰিছে বিজ্ঞানীয়ে৷

You might also like