গুৱাহাটীত পাঁচ লাখৰো অধিক লোকে গ্ৰহণ কৰিছে ভেকচিনঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা ২৮ মেঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভেকচিনেশ্যন কাৰ্যসূচী সূচাৰুৰূপে চলি থকাৰ সময়তে গুৱাহাটীৰ ভেকচিনেশ্যন সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী শৰ্মাই টুইট যোগে কয় যে, ‘আমি ইতিমধ্যে গুৱাহাটীত ৫ লাখৰো অধিক লোকক টিকাকৰণ কৰিছো, যিটো কামৰূপ মেট্ৰ’ জিলাৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশতকৈও অধিক’।
গুৱাহাটীত বাকী থকা লোকক ভেকচিন প্ৰদানৰ ক্ষেত্ৰত বিভাগীয় লোকসমূহে অতিৰিক্তভাৱে কাম কৰি থকা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
Glad to share that we’ve vaccinated over 5 lakh people in Guwahati already, which is over 40% of total population of 12,53,938 of Kamrup Metro District.
Our teams are working overtime to ensure vaccination for the rest.@nhm_assam
— Himanta Biswa Sarma (@himantabiswa) May 28, 2021
উল্লেখ্য যে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি অসমত এই পৰ্যন্ত মুঠ ৩৯,৮১,৩৪০ জন লোকে ভেকচিন গ্ৰহণ কৰিছে।
ইয়াৰে ৩১,৬২,১৫৭ জনে ভেকচিনৰ প্ৰথম ড’জ আৰু ৮,১৯,১৮৩ জনে দ্বিতীয় ড’জ গ্ৰহণ কৰিছে।