নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাৰ দখলত ৫৯,৪৯০ হেক্টৰ ভূমিঃ নিৰাপত্তাহীনতাত সীমান্তৱর্তী অসমীয়া

  • অৰুণাচল–মেঘালয়–মিজোৰামে বৃহৎ এলেকা বেদখল কৰি নির্মাণ কৰিছে বিদ্যালয়–চিকিৎসালয়- আৰক্ষী চকী–গির্জা–শ্মশান
  • তিনি দশক অতিক্রম কৰাৰ পিছতো উচ্চতম ন্যায়ালয়ত সাক্ষী পৰীক্ষণ পর্যায়তে থাকিল দুটাকৈ গোচৰৰ বিচাৰ প্রক্রিয়া
  • চৰম নিৰাপত্তাহীনতাত সীমান্তৱর্তী অসমীয়া

দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা দুর্বৃত্তৰ তাণ্ডৱে পুনৰ উন্মোচিত কৰিলে অসম সংলগ্ণ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ৰূপত অব্যাহত থকা ‘চুবুৰীয়া’ৰ আগ্রাসন৷ প্রশাসন তথা সংশ্লিষ্ট কর্তৃপক্ষৰ নির্লিপ্ততাৰ সুযোগ লৈ প্রধানতঃ পাঁচখন ৰাজ্যৰ আগ্রাসনে অসমৰ ভূখণ্ড ক্রমশঃ সংকুচিত কৰি আনিছে৷ মানচিত্রতহে সীমা চিহ্ণিত হৈ থকাৰ বিপৰীতে সম্প্রতি অসমৰ মাটিকালিৰ বাস্তৱ চিত্রখন সম্পূর্ণ ওলোটা৷

বিশেষকৈ পাঁচখন চুবুৰীয়া ৰাজ্য ক্রমে নাগালেণ্ড, অৰুণাচল প্রদেশ, মেঘালয়, মিজোৰাম আৰু ত্রিপুৰাই অসমৰ হাজাৰ হাজাৰ হেক্টৰ মাটি নিজৰ দখললৈ নিছে৷ এই সন্দর্ভত ৰাজ্য চৰকাৰৰ সীমান্ত অঞ্চল উন্নয়ন বিভাগৰ এক সূত্রই দিয়া তথ্য অনুসৰি উল্লিখিত পাঁচখন চুবুৰীয়া ৰাজ্যই বেদখল কৰা মাটিৰ পৰিমাণ প্রায় ৮৪ হাজাৰ হেক্টৰ৷ অকল মাটি বেদখল কৰাই নহয়, সীমা বিবাদক কেন্দ্র কৰি বিগত সময়ছোৱাত সীমান্তত বহুবাৰ উত্তেজনাময় পৰিস্থিতি সৃষ্টি হৈছে৷

আগ্রাসনকাৰী দুর্বৃত্তই সীমান্তৱর্তী অঞ্চলত বসবাস কৰা অসমীয়া লোকসকলৰ ওপৰত নির্বিচাৰভাৱে আক্রমণ চলোৱাৰ উপৰি ঘৰ–দুৱাৰত অগ্ণিসংযোগ, কৃষিভূমি–চাহ বাগিচা, গছ–গছনি আদি কাটি তহিলং কৰা ঘটনাই প্রায়ে দখল কৰে সংবাদ মাধ্যমৰ শিৰোনাম৷ ইয়াৰ শেহতীয়া উদাহৰণ হ’ল– মৰিয়নি বনাঞ্চলিক বিষয়া আৰু সোণোৱাল খণ্ড বন বিষয়াৰ কার্যালয়ৰ অন্তর্গত দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত কালি সংঘটিত ভয়ংকৰ কাণ্ড৷

সংৰক্ষিত বনাঞ্চলখনৰ বৃহৎ এলেকা নগাই বেদখল কৰি ইতিমধ্যে বসতি স্থাপন কৰিছে৷ এই বেদখল প্রত্যক্ষ কৰিবলৈ বৃহস্পতিবাৰে সাংবাদিকৰ দল আৰু স্থানীয় একাংশ লোকসহ সংৰক্ষিত বনাঞ্চলখনত উপস্থিত হৈছিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মী৷ কিন্তু বিধায়ক কুর্মী আৰু অসমৰ দলটোক লক্ষ্য কৰি নগা দুর্বৃত্তই ধাৰাসাৰ গুলীবর্ষণ কৰে৷ নিউ সোণোৱাল বি অ’ পিত নিয়োজিত অসম আৰক্ষী বেটেলিয়নৰ জোৱানে নগা দুর্বৃত্তক গুলীৰে প্রত্যুত্তৰ দিয়াত দুয়োপক্ষৰ মাজত সংঘর্ষৰ সৃষ্টি হয়৷ অৱশ্যে ইয়াৰ মাজতে ঘটনাস্থলীৰ পৰা বিধায়ক কুর্মী আৰু অসমৰ দলটোৱে কোনোমতে প্রাণৰক্ষা কৰি নিৰাপদ স্থানত অৱস্থান কৰে৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র ৰাজ্যতে তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তাৎক্ষণিকভাৱে বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙক ঘটনাস্থলীলৈ গৈ সবিশেষ তদন্তৰ নির্দেশ দিছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে চুবুৰীয়া ৰাজ্যৰে অসমৰ সীমা বিবাদ দশকৰ পাছত দশক ধৰি অব্যাহত আছে৷ বিভিন্ন পর্যায়ত আলোচনা অনুষ্ঠিত হোৱাৰ পাছতো এই বিষয়টোৰ কোনো ধৰণৰ সমাধান সূত্র ওলোৱা নাই৷ আনকি উচ্চতম ন্যায়ালয়ৰ মজিয়াতো দুটাকৈ গোচৰ আজি পর্যন্ত বিচাৰাধীন অৱস্থাতে আছে৷

নাগালেণ্ড আৰু অৰুণাচল প্রদেশৰ আগ্রাসনৰ বিৰুদ্ধে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত ক্রমে অ’ এছ ২/১৯৮৮ আৰু অ’ এছ ১/১৯৮৯ নম্বৰৰ দুটা গোচৰ তৰিছিল৷ কিন্তু দীর্ঘ তিনিটা দশক অতিক্রম কৰাৰ পাছতো এই গোচৰ দুটাৰ কোনো ধৰণৰ নিষ্পত্তি হোৱা নাই৷ উচ্চতম ন্যায়ালয়ত গোচৰ দুটাৰ সাক্ষী পৰীক্ষণৰ পর্যায়তে বিচাৰ প্রক্রিয়া চলি আছে৷ অসমৰ ভূখণ্ডত আগ্রাসন সন্দর্ভত সূত্রটোৱে দিয়া বিস্তাৰিত তথ্য অনুসৰি নাগালেণ্ডে সর্বাধিক ৫৯,৪৯০ হেক্টৰ মাটি বেদখল কৰিছে৷ ইয়াৰ ভিতৰত যোৰহাট জিলাৰ ১৮,৯০৮ হেক্টৰ শিৱসাগৰ জিলাৰ ৪,২৮৮ হেক্টৰ আৰু গোলাঘাট জিলা সংলগ্ন সীমান্তৱর্তী অঞ্চলৰ ৩৬,২৯৪ হেক্টৰ মাটি ইতিমধ্যে বেদখল কৰিছে চুবুৰীয়া ৰাজ্যখনে৷

সেইদৰে অৰুণাচল প্রদেশে অসমৰ ২১,৩৪৩.২৫ হেক্টৰ ভূমি বেদখল কৰিছে৷ অৰুণাচল প্রদেশে বেদখল কৰা এই ভূখণ্ড সাতখন জিলাৰ অন্তর্গত৷ চুবুৰীয়া ৰাজ্যখনে শোণিতপুৰ জিলাৰ ১১০ হেক্টৰ বিশ্বনাথ জিলাৰ ৪,৭৫৬ হেক্টৰ লখিমপুৰ জিলাৰ ২,৪৩৫.২৫ হেক্টৰ ধেমাজি জিলাৰ ৪,১১৯ হেক্টৰ তিনিচুকীয়া জিলাৰ ৯,২৬৯ হেক্টৰ ডিব্রুগড় জিলাৰ ২ হেক্টৰ আৰু চৰাইদেউ জিলাৰ ৬৫২ হেক্টৰ মাটি বেদখল কৰিছে৷

মেঘালয়েও দখল কৰি আছে অসমৰ বৃহৎ পৰিমাণৰ ভূখণ্ড৷ চুবুৰীয়া ৰাজ্যখনে বেদখল কৰা মাটিৰ পৰিমাণ ১,৫২৪.৪৬৯৯ হেক্টৰ৷ এই ভূমিভাগ গোৱালপাৰা, কাছাৰ, কামৰূপ, কামৰূপ (মহানগৰ), দক্ষিণ শালমাৰা–মানকাচৰ পশ্চিম কার্বি আংলং জিলাৰ অন্তর্গত সীমান্তৱর্তী এলেকাৰ৷ মিজোৰামে বেদখল কৰা মুঠ ১,৫৩৬ হেক্টৰ মাটিৰ ভিতৰত হাইলাকান্দি জিলাৰ ১,০০০ হেক্টৰ আৰু কৰিমগঞ্জ জিলাৰ ৫৩৬ হেক্টৰ৷ ইয়াৰ উপৰি শেহতীয়াকৈ বৰাক উপত্যকাৰ আন এখন জিলা কাছাৰতো সীমা বিবাদৰ উদ্ভৱ হৈছে৷

ইতিমধ্যে মিজোৰামে কাছাৰ জিলা সংলগ্ণ সীমান্তত অসমৰ বহু মাটিত বেদখল কৰা বুলি অভিযোগ উঠিছে৷ ত্রিপুৰাই বেদখল কৰিছে কৰিমগঞ্জ জিলাৰ ২৫ হেক্টৰ মাটি৷ এই হিচাপত সামগ্রিকভাৱে উক্ত পাঁচখন চুবুৰীয়া ৰাজ্যই অসমৰ ৮৩,৯১৮.৭১৯৯ হেক্টৰ মাটি বেদখল কৰি আছে৷ উল্লেখ্য যে অসমৰ মাটিত চুবুৰীয়া ৰাজ্যৰ বেদখল তথা সীমা বিবাদ নতুন কথা নহয়৷ ই এক দীর্ঘদিনীয়া সমস্যা ৰূপে চিহ্ণিত হৈছে৷ কিন্তু বছৰৰ পাছত বছৰ ধৰি চুবুৰীয়া ৰাজ্যৰে সীমা বিবাদৰ কোনোধৰণৰ ফলপ্রসূ সমাধান নোহোৱাটো আশ্চর্যজনক ৰূপে চিহ্ণিত হৈছে৷ বিষয়টোক লৈ সংশ্লিষ্ট কর্তৃপক্ষৰ অমনোযোগিতাৰ সুযোগ লৈ অধিক আগ্রাসী হৈ পৰিছে চুবুৰীয়া ৰাজ্যৰ বেদখলকাৰী লোকসকল৷

আনকি অসমৰ মাটিত এতিয়া বেদখলকাৰীয়ে গাঁও পাতি স্থাপন কৰিছে বিদ্যালয়, চিকিৎসালয়, আৰক্ষী চকী, গির্জা, শ্মশান আদি৷ এইক্ষেত্রত উদাহৰণস্বৰূপে অসম–নাগালেণ্ড সীমান্তৰ এ, বি আৰু চি ছেক্টৰৰ কথা উল্লেখ কৰিব পাৰি৷ সীমান্তৱর্তী এই অঞ্চলকেইটাত বসবাস কৰা অসমীয়া লোকসকলৰ ওপৰত নগা দুষৃকতিকাৰীয়ে বিগত সময়ছোৱাত নানা ধৰণে অত্যাচাৰ–উৎপীড়ন চলোৱাৰ উপৰি হাতত উদ্যত মাৰণাস্ত্র লৈ ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অভিযোগ মতে, এইক্ষেত্রত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত হৈ থকা চি আৰ পি এফেও নীৰৱ দর্শকৰ ভূমিকা পালন কৰে৷ তদুপৰি বি ছেক্টৰৰ ডিমৰুজান নামৰ অসমীয়া গাঁওখনৰ নাম সলাই নাগালেণ্ডে ‘ঔছেন ভিলেজ’ হিচাপে নামকৰণ কৰিছিল৷

অকল সেয়াই নহয়, তাতেই নির্মাণ কৰা হৈছিল এটা সামূহিক ভৱনো৷ নাগালেণ্ড সীমান্ত সংলগ্ন অসমৰ তিনিখন জিলা যোৰহাট, শিৱসাগৰ আৰু গোলাঘাটৰ সীমান্তৱর্তী এলেকাত এনেধৰণৰ বিভিন্ন ঘটনা সংঘটিত হৈ আহিছে৷ সেইদৰে কামৰূপ জিলাৰ বকোৰ লাম্পীক লৈ দীর্ঘদিন ধৰি মেঘালয়ৰে বিবাদ অব্যাহত আছে৷ আন কথা বাদেই, তৰুণ গগৈয়ে মুখ্যমন্ত্রী হৈ থকাৰ সময়ত চৰকাৰী বাসভৱন হিচাপে ব্যৱহাৰ কৰা ৰাজ্য চৰকাৰৰ ১নং অতিথিশালা থকা কইনাধৰাও মেঘালয়ে নিজৰ মানচিত্রৰ অধীনস্থ বুলি দাবী কৰি আহিছে৷ একেদৰে ৰাজধানী মহানগৰ গুৱাহাটীৰ সমীপৱর্তী পিলিংকটা অঞ্চলৰ বহু পৰিমাণৰ মাটি মেঘালয়ে নিজৰ অধীনলৈ নিয়া বুলি অভিযোগ আছে৷

চৰকাৰী তথ্য অনুসৰি আন্তঃৰাজ্যিক সীমান্ত এলেকাৰ জিলাসমূহৰ সুৰক্ষাৰ বাবে ইতিপূর্বে ৮২টা সীমান্ত চকী আৰু ১২টা স্থায়ী ছাউনীত অসম আৰক্ষীৰ ২১টা কোম্পানী–দুই প্লাটুন নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছে৷ তদুপৰি নতুনকৈ আবণ্টিত ৯টা সীমান্ত চকীত অসম আৰক্ষীৰ দুটা কোম্পানী–দুটা প্লাটুন–দুই ছেকচন নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছে৷ কিন্তু ইয়াৰ পাছতো চৰম নিৰাপত্তাহীনতাত ভোগা সীমান্তবাসী অসমীয়া লোকসকলৰ সুৰক্ষা নিশ্চিত নোহোৱাটোহে বিবেচিত হৈছে তাৎপর্যপূর্ণ বিষয় ৰূপে৷

You might also like