নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুকুৰবাৰে ক’ভিড পজিটিভ ৫,৪৩৬জন

নিয়মীয়া বাৰ্তা, ২৯ মেঃ ৰাজ্যত শুকুৰবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৫,৪৩৬জন লোক৷ বিগত ২৪ ঘণ্টাত মুঠ ১,২২,৯৭৭টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ শুকুৰবাৰে আক্রান্তৰ হাৰ হৈছে ৪.৪২ শতাংশ৷ নতুনকৈ আক্রান্ত হোৱাসকলৰ সর্বাধিক ৫৯৫জনেই কামৰূপ মহানগৰ জিলাৰ৷

তদুপৰি ৪৩১জন কাছাৰৰ, ৪১৮জন ডিব্রুগড়ৰ, ৩৮৬জন তিনিচুকীয়াৰ আৰু ৩৮৬জন নগাঁৱৰ লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ ইপিনে, শুকুৰবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৮০জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৯জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি কাছাৰৰ ৭জন, কৰিমগঞ্জৰ ৬জন, ডিব্রুগড়–গোলাঘাট–যোৰহাট ৫জনকৈ, দৰং–লখিমপুৰ–শিৱসাগৰৰ ৪জনকৈ, বৰপেটা–গোৱালপাৰা– ৩জনকৈ, বঙাইগাঁও–কামৰূপ–ক্ আংলং–মৰিগাঁও–নগাঁও ২জনকৈ লোক ক’ৰোনাত মৃত্যু হৈছে৷ কোকৰাঝাৰ আৰু দক্ষিণ শালমাৰাৰ এজনকৈ লোকৰ শুকুৰবাৰে ক’ভিডে প্রাণ লৈছে৷

ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,১৬৮জনলৈ বৃদ্ধি পালে৷ ইফালে, শুকুৰবাৰে সুস্থ হৈ উঠিছে ৫,৭৬০জন লোক৷ ৰাজ্যৰ বিভিন্ন হাস্পতাল আৰু হোম আইছ’লেচনত থকা ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৫৩,৩১৭জন৷

You might also like